অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

LUMDING AND MLA: লামডিং বিধানসভাৰ গৌৰৱ— বিধায়ক শিবু মিশ্ৰ

Spread the love

লামডিং বিধানসভাৰ গৌৰৱ— বিধায়ক শিবু মিশ্ৰ

DD TIMES লামডিং, ৮ অক্টোবৰঃ অসমৰ ৰাজনৈতিক পৰিসৰত লামডিং বিধানসভা সমষ্টি আজি এক উন্নয়নমুখী অঞ্চল হিচাপে পৰিচিত। এই সাফল্যৰ অন্তৰালত যি নামটো সকলোৰে মুখত, সেয়া হ’ল বিধায়ক শিবু মিশ্ৰ।

নিজৰ অধ্যৱসায়, নিষ্ঠা আৰু উন্নয়নৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে তেখেতে আজি লামডিংবাসীৰ হিয়াত এক বিশেষ স্থান অধিকাৰ কৰিছে। শিবু মিশ্ৰ এগৰাকী মাটিৰ পৰা উঠি অহা নেতা।

সাধাৰণ লোকৰ সমস্যাৰ মাজতে তেওঁ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেখেতৰ দৰ্শন সৰল “জনতা মোৰ শক্তি, কামেই মোৰ পৰিচয়। এই দৃষ্টিভংগীয়ে তেওঁক জনসাধাৰণৰ সৈতে গভীৰভাৱে যুক্ত কৰি ৰাখিছে।

নিজৰ প্ৰায় নবছৰীয়া কাৰ্যকালত বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত শিবু মিশ্ৰই লামডিং সমষ্টিক গঢ়ি তুলিছে এক নতুন ৰূপত। বাট-পথ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা, কৃষি, উদ্যোগ আদি সকলো ক্ষেত্ৰতে তেখেতে সমষ্টিটোক আগুৱাই লৈ আহিছে।

সমষ্টিটোৰ ৰে’ল নগৰী লামডিঙ চহৰৰ মাজমজিয়াত থকা লংকা ৰোড তিনিআলিৰ পৰা হাফলং সংযোগী ইটাভাটা চাৰিআলি লৈকে গড়কাপ্তানী ৰোডটো ৰাইজৰ দীৰ্ঘ দিনৰ দাবী আছিল আৰু কিছু দিন পূৰ্বে লামডিঙৰ অতি ব্যস্ততাপূৰ্ণ মূল পথটো নির্মাণ কৰাৰ ফলত ৰাইজৰ প্ৰশংসা বুটলিবলৈ হৈছে।

সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে গোঁসাইগাঁও সংযোগী পথ আৰু লংকাজানৰ ওপৰত পকী দলং নিৰ্মান, কাকী, ডেৰাপথাৰ, পূৱলামডিং, পশ্চিম লামডিং, দক্ষিণ লামডিং, জৰাংদিছা, লামডিঙৰ মুক্তিধামৰ গেটৰ পৰা মুক্তিধাম ঘাট লৈকে পকী পথ আদি নিৰ্মাণ-উন্নয়নে জনতালৈ সহজ যাতায়ত-যোগাযোগ নিশ্চিত কৰিছে।

শিক্ষাৰ ক্ষেত্ৰত তেখেতে বিশেষ গুৰুত্ব দিয়ে। লামডিং কলেজ, উদালী মহাবিদ্যালয়,বিভিন্ন প্ৰাথমিক বিদ্যালয়, হাইস্কুল আদি প্ৰতিষ্ঠানত অতিৰিক্ত নতুন ভবন, বাউণ্ডেৰী ৱাল নিৰ্মাণ, ছাত্ৰবৃত্তি, কম্পিউটাৰ লেব, লামডিঙ ইটাভাটা চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্মুখত কস্তুুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপন কৰি শিক্ষাৰ মান উন্নত কৰিছে।

লগতে সমষ্টিটোত আাধাতে পঢ়া-লেখা বন্ধ কৰা আৰু বিদ্যালয় বহিঃভূত ছাত্ৰছাত্ৰীৰ বাবে বিশেষ “পুনৰাগমন অভিযান”ৰ অংশ হিচাপে সমগ্ৰশিক্ষা অভিযানৰ যোগেদি অনাৱাসিক শিক্ষাকেন্দ্ৰ স্হাপন কৰিছে।

স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো লামডিংয়ে বৰ্তমান এক উন্নত ৰূপ পাইছে। লামডিং অসামৰিক চিকিৎসালয়ত (এফ আৰ ইউ) আধুনিক চিকিৎসাৰ ব্যৱস্থা কৰা লগতে মাতৃ-শিশু ব্লক, নতুন এম্বুলেঞ্চ আদিৰ সুবিধা যোগাৰ কৰাইছে বিধায়কগৰাকীয়ে।

,

অন্য বিপদৰ সময়ত তেওঁ নিজে ঘটনাস্থলীত উপস্থিত হৈ দুখীয়া পৰিয়ালৰ কাষত থিয় হৈছে৷ সাহস যোগাইছে৷ কৃষি আৰু গ্ৰামীণ অৰ্থনীতিৰ বিকাশো তেওঁৰ অন্যতম লক্ষ্য। নতুন বীজ,কৃষক ঋণ ব্যৱস্থা আৰু “কৃষক মেলাৰ” আয়োজনৰ জৰিয়তে তেখেতে বহু পৰিয়ালক আত্মনিৰ্ভৰ কৰি তুলিছে। লগতে মহিলা স্বনিৰ্ভৰ গোটৰ বাবে চেক প্ৰদান, অৰুণোদয়, বৃদ্ধ ভাট্ৰা প্ৰদান কাৰ্যসূচীও আৰম্ভ কৰিছে।

যুৱ সমাজক সুপথত অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰতো শিবু মিশ্ৰৰ ভূমিকা প্রশংসনীয়। যুৱ শক্তি অভিযান”ৰ জৰিয়তে তেখেতে খেল-ধূলা, সংস্কৃতি আৰু শিক্ষাৰ মাজেৰে যুৱপ্ৰজন্মক গঠনমূলক দিশলৈ লৈ গৈছে।লামডিং চহৰত এটা বৃহৎ ৰাজহুৱা কমিউনিটি হল নিৰ্মাণ কৰি থকা লগতে বিভিন্ন গাঁৱত নতুন খেলপথাৰ নিৰ্মাণকে আদি কৰি পশ্চিম লামডিং গাওঁ পঞ্চায়তত মিনি ষ্টেডিয়াম নিৰ্মাণ আৰু আন্তঃগ্ৰামীন ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

শিবু মিশ্ৰৰ সৰ্বাধিক বৈশিষ্ট্য হ’ল তেওঁৰ মানৱিকতা। পদৰ অহঙ্কাৰত তেওঁ নিজক বিচ্ছিন্ন নকৰে, গাঁৱৰ ৰাইজৰ বিয়া, মৃত্যু, উৎসৱ, নামঘৰ সকলোত তেওঁ উপস্থিত থাকে। এজন সাধাৰণ মানুহৰ দৰে জনগণৰ মাজত মিলি থাকিবলৈ তেওঁ সদায় আগ্ৰহী। বিধায়ক গৰাকীয়ে প্রশাসনিক স্বচ্ছতাৰ দিশতো উদাহৰণ স্থাপন কৰিছে।

ইয়াৰ ফলত চৰকাৰী কামত জনতাৰ আস্থা আৰু অংশগ্ৰহণ দুয়ো বৃদ্ধি পাইছে। সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো তেখেতে এক সৱল ভূমিকা পালন কৰে।নামঘৰ, মন্দিৰ, অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু, দূৰ্গা পূজা, ঈদ, ব’হাগী মেলা সকলো ধৰ্ম আৰু সংস্কৃতিক একে সহৃদয়েৰে আগবঢ়াই লৈ যায়। তেওঁ কয় “লামডিংৰ বৈচিত্র্যই আমাৰ ঐক্য।

জনসাধাৰণে বিধায়ক শিবু মিশ্ৰক ভালপায়, কাৰণ তেওঁ “কথা কম,কাম বেছি” ধাৰণাত বিশ্বাস কৰে।

ভৱিষ্যতৰ বাবে তেখেতে ইতিমধ্যে একাধিক পৰিকল্পনা আগবঢ়াইছে লামডিং সমষ্টিৰ উন্নয়নৰ দ্ৰুত অভিযান, হাৱাইপুৰ গোঁসাইগাওঁ অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰাৰ পৰিকল্পিত আচঁনি গ্ৰহন,পানী সংৰক্ষণ প্ৰকল্প, উদ্যোগিতা শিক্ষণ কেন্দ্ৰ,ডিজিটেল পঞ্চায়ত, মহিলা উদ্যোগ সহায়তা প্ৰকল্প আদি। তেখেতৰ জনপ্ৰিয়তা কেৱল ৰাজনৈতিক নহয়,এক মানৱিক আস্থাৰ প্রতীক।

শিবু মিশ্ৰ সঁচাকৈয়ে আজিৰ লামডিংৰ গৌৰৱ আৰু আগলৈও এই অঞ্চলৰ আশা-প্ৰেৰণাৰ প্ৰদীপ হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!