ACA AND ZUBEEN GARG: জুবিন গাৰ্গৰ নামেৰে নামাংকৃত হওক অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়াম
জুবিন গাৰ্গৰ নামেৰে নামাংকৃত হওক অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়াম
DD TIMESত লিখিছে গৌৰী প্ৰসাদ শৰ্মাই
মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ অসমৰ ক্ৰিকেট সংস্থাৰ খেলপথাৰত আয়োজন হোৱাটো অসম ক্ৰিকেটৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিষয়। উক্ত দিনা খেল আৰম্ভ হোৱাৰ পূৰ্ৱে কেইবাগৰাকীও খ্যাতনামা শিল্পীয়ে জুবিন গাৰ্গক সোঁৱৰণ কৰি সংগীতানুষ্ঠান পৰিৱেশন কৰিলে। সমগ্ৰ বিশ্বৰ চকু স্তিমিত হ’ল টেলিভিছনৰ পৰ্দাত। বিশ্বজুৰি গুঞ্জৰিত হ’ল জুবিন গাৰ্গৰ গান, যশস্যা, সন্মান ৷ এইয়াই জুবিন গাৰ্গ। অসমৰ জুবিন গাৰ্গ। যি বিশ্বত নিজা স্থান ৰাখি গ’ল।

এনে এগৰাকী জনদৰদী শিল্পীক শ্ৰদ্ধা জনাই, বৰ্ষাপাৰৰ খেলপথাৰখন জুবিন গাৰ্গ ষ্টেডিয়াম নামেৰে নামকৰণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ৷ এনে কৰিলে শিল্পীগৰাকীলৈ এক সন্মান জনোৱাৰ লগতে উঠি অহা প্ৰজন্মক খেলৰ লগতে সাংস্কৃতিক দিশত প্ৰেৰণা যোগাব বুলি আমি বিশ্বাস কৰোঁ। এনে কৰিলে বিশ্বব্যাপী খ্যাতি থকা অসমৰ এইগৰাকী সম্ভাৱনাময় শিল্পীক তেওঁৰেই মাটিত চিৰস্থায়ী সন্মান প্ৰদৰ্শন কৰা হ’ব। কিয়নো জুবিন গাৰ্গ আমাৰ অভিমান। দ্বিতীয়তে, যেতিয়া যুৱ ক্ৰিকেটাৰসকলে, পৃথিৱীৰ আন-আন দলৰ খেলুৱৈ সকলে এই ষ্টেডিয়ামত খেলিব, তেওঁলোকে জুবিন গাৰ্গৰ নাম দেখি অনুপ্ৰাণিত হ’ব ।
এই নামটোৱে প্ৰমাণ কৰিব যে, অসমৰ পৰাও বিশ্বস্তৰলৈ যোৱাৰ সপোন দেখিব পাৰি । মনকৰিবলগীয়া কথাটো হ’ল, ভাৰতৰ বিভিন্ন ষ্টেডিয়াম বিভিন্ন ক্ষেত্ৰৰে জড়িত মহান ব্যক্তিত্বসকলৰ নামেৰে নামকৰণ কৰা হয় বা হৈছে । তদ্ৰুপ, অসমৰ প্ৰথমখন ষ্টেডিয়াম অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিলে অসমীয়া সাংস্কৃতিক আৰু ক্ৰীড়াক উমৈহতীয়াভাৱে জাতীয় জীৱনৰ মূলসুঁতিত এক গুৰুত্বপূৰ্ণ স্থান দিয়া হ’ব৷
বৰ্ষাপাৰ ষ্টেডিয়ামৰ নাম জুবিন গাৰ্গ ষ্টেডিয়াম হিচাপে নামকৰণ কৰা বিষয়টো বিবেচনা কৰিবলৈ এই লেখাৰ জৰিয়তে মই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়, বি চি চি আইৰ সচিব তথা অসম সন্তান দেৱজিৎ শইকীয়া মহোদয়, অসম ক্ৰিকেট সংস্থাৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ ৷ আশা কৰোঁ, বৃহত্তৰ অসমীয়া ৰাইজৰ স্বাৰ্থত বৰ্ষাপাৰা ষ্টেডিয়ামৰ নাম জুবিন গাৰ্গ ষ্টেডিয়াম কৰা হ’ব ৷
যি ষ্টেডিয়াম হৈ উঠিব অসম তথা অসম ক্ৰিকেটৰ এক নতুন পৰিচয় ৷ যাৰ প্ৰতিটো ষ্টেণ্ড আৰু প্ৰতিটো খুঁটা, প্ৰতিটো গেলেৰী, প্ৰতিখন চকীয়ে জুবিন গাৰ্গৰ সংগ্ৰাম, সফলতা আৰু অসমীয়া অধ্যৱসায়ৰ কাহিনী কৈ থাকিব আজীৱন।
যেতিয়াই এই ষ্টেডিয়ামত আই পি এল বা অন্যান্য খেল হ’ব তেতিয়া সমগ্ৰ বিশ্বই জুবিনৰ কথা সোঁৱৰিব, মনত পেলাব অসমৰ এইগৰাকী সুৰৰ যাদুকৰক। এই নামকৰণে অসমৰ ক্ৰিকেটৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰক, য’ত জুবিন গাৰ্গ সদা জিলিকি থাকিব আমাৰ মাজত ৷
লেখক শৰ্সমা সহঃজনসম্পৰ্কৰক্ষী বিষয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

