YOGA: ৰাষ্ট্ৰীয় ছিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতালৈ অসম দল
৫০ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতালৈ অসম দল
DD TIMES নগাঁও, ৬ ছেপ্টেম্বৰঃ কৰ্ণাটকৰ মহীশূৰত ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৫০ সংখ্যক ৰাষ্ট্ৰীয় চিনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটো আজি ৰাওনা হয়।

অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক, যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই জনোৱা মতে আজি ৰাওনা হোৱা অসম দলটোৰ খেলুৱৈসকল হ’ল প্ৰিয়ম বৰা, ঈশান বৰা, আয়ুষমান মেহতা, অংকিতা দত্ত, হোনালি হান্সেপি, জ্ঞানদীপ শইকীয়া, নিকিতা কোঁচ, প্ৰণৱ চাংমাই, নম্ৰতা শইকীয়া, ধ্ৰুব জ্যোতি হালৈ, পপী দেৱী, বিনয় তিৱাৰী, ধ্ৰুবজ্যোতি চৌধুৰী, পম্পী শইকীয়া, অঞ্জু মণ্ডল, দলিচা মেধি বৈশ্য, প্ৰাণজিৎ কলিতা, ৰাজীব কুমাৰ মণ্ডল, অংকাৰ জ্যোতি নাথ, পাপৰি দেৱী, কল্পনা দেৱী ঠাকুৰ, গৌৰী মণ্ডল, নৱ জ্যোতি নাথ, আৰু মণিময় দাস।

ৰেফাৰী ৰূপে বিচিত্ৰ ৰঞ্জন বৰা, জয়া ৰাণী ডেকা, নৱলক্ষী গগৈ, সীতামণি পাচৱান, মামু বায়ন, বিদ্যা ইংতি, ডা ভাৰতী বসুমতাৰী, কবিতা বৰা, পুষ্পাঞ্জলী শইকীয়া আদি।