গোলাঘাট বাস্কেটবল কচিং চেণ্টাৰৰ বিশেষ সাফল্য
DD TIMES: গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত বাস্কেটবল কচিং চেন্টাৰে ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈকে হোজাইত অনুষ্ঠিত হোৱা আন্ত :জিলা চাব জুনিয়ৰ ল’ৰা-ছোৱালীৰ বাস্কেটবল চেম্পিয়নশ্বিপত ছোৱালীৰ শাখাত ৰাণাৰআপ খিতাপ অৰ্জন কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গোলাঘাটৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ তথা প্ৰশিক্ষক (এন আই এছ) দ্বীপজ্যোতি শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকলে চূড়ান্ত খেলত গুৱাহাটীৰ মেট্ৰ’ দলৰ লগত পৰাস্ত হৈ যদিও উন্নত খেল প্ৰদৰ্শন কৰি ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়।
উল্লেখ্য, বিগত সময়তো গোলাঘাট জিলাৰ এই কচিং চেন্টাৰে আন্ত:জিলাৰ বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰি অহাৰ লগতে বহু খেলুৱৈ-এ অসম দলক প্ৰতিনিধিত্ব কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।
দলটিত অংশ লোৱা খেলুৱৈসকল হৈছে ক্ৰমে, মনালী দত্ত, জুনজোনালী নেওগ, ৱাইনী মেথিউ, অনুষ্কা কাকতি, নমিতা বৰবৰুৱা, আৰ্চিয়া পি ফুকন, স্পৃহা উৰাং, ইনাস্কী কটকী,দেৱাশ্ৰী দত্ত,সুচিত্ৰা শইকীয়া, পুষ্পা মিৰ্জা, বৈষ্ণৱী গোঁসাই।
আনহাতে দলটোৰ প্ৰশিক্ষক ৰূপে মানৱ কলিতা, সহ প্ৰশিক্ষক অঞ্জন কুমাৰ গগৈ আৰু মেনেজাৰ ঈশা কুমাৰী গুপ্তা আছিল। দলটোৰ এনে সাফল্যত গোলাঘাটৰ ক্ৰীড়া মহলে অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক সাফল্য লাভৰ আশা কৰিছে।

