ASSAM: RSSৰ এবছৰীয়া কাৰ্যক্ৰম আৰম্ভ
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পূৰ্ণ শতবৰ্ষৰ অনুষ্ঠানত লক্ষাধিকলোকৰ অংশগ্ৰহণঃ এবছৰীয়া কাৰ্যক্ৰম আৰম্ভঃ প্ৰৱল বৰষুণৰ মাজতো শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৩২০ স্হানত ৪০ হাজাৰ স্বয়ংসেৱকে
DD TIMES গুৱাহাটী, ৫ অক্টোবৰঃ ১৯২৫ চনৰ বিজয়া দশমীৰ দিনা ডাঃ কেশৱ বলিৰাম হেডগেৱাৰে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল। এগৰাকী ব্যক্তিৰ চিন্তাৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এশ বছৰ পূৰ্ণ কৰিলে ৷ বৰ্তমান বিশ্বৰ প্ৰায় ৩৪ খন দেশত বিভিন্ন নামেৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কাম কৰি আহিছে ৷

মহান ভাৰতবৰ্ষক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰাৰ লক্ষ্যৰ লগতে হিন্দু সমাজক সংগঠিত কৰা, হিন্দু সমাজক স্বভিমানী কৰা, হিন্দু সমাজক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ভাৰতবৰ্ষৰ চুকে কোনে সংঘৰ কাম সমাজৰ মাজলৈ লৈ গৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে বিভিন্ন প্ৰাকৃতিক, আকস্মিক দুৰ্যোগৰ সময়ত নিঃস্বাৰ্থভাবে সমাজ সেৱাৰ কাম কৰি আহিছে।

বানপানী, ভূমিকম্পৰ দৰে বিপদকালীন সেৱা কাৰ্য আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ, ৰক্তদান, ক’ৰণাৰ সময়ত নিজৰ জীৱনৰ কথা নাভাবি স্বয়ংসেৱক সকলে সমাজৰ মাজত গৈ সেৱা কাৰ্য আগবঢ়োৱাকে ধৰি স্বয়ংসেৱক সকলে বিভিন্ন ধৰণৰ সমাজ হিতৈষী কাম কৰি আহিছে।
শিক্ষা, স্বাস্থ্য , সংস্কাৰ, স্বাৱলম্বিতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰ দ্বাৰা পৰিচালিত প্ৰায় ৩২টা বিবিধ সংগঠনে সমাজৰ বিভিন্ন দিশত নীৰৱে কাম কৰি আহিছে। সমগ্ৰ ভাৰতবৰ্ষত সংঘৰ কাম-কাজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সমান্তৰালভাৱে অসমতো ১৯৪৬ চনৰ পৰা সংঘৰ কাম আৰম্ভ হৈ অবিৰতভাৱে চলি আছে ৷

উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবাৰৰ বিজয়া দশমীত ১০০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে ৷ এই শতাব্দী বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ মুঠ ৩৯খন জিলাৰ ৫৭খন নগৰ আৰু ৩০০ খণ্ডৰ ভিতৰত বিভিন্ন নগৰ আৰু খণ্ডত (ব্লক পৰ্যায়) ৩২০টা স্হানত আজি বিজয়া দশমী উৎসৱৰ লগতে সংঘৰ শতবৰ্ষৰ আৰম্ভণি কাৰ্যক্ৰম অনুষ্ঠিত হয় বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷

অৱশ্যে, ভৌগলিক পৰিস্হিতি, দিন আৰু সময় অনুযায়ী বিজয়া দশমী উৎসৱ ২ আৰু ৫ অক্টোবৰ অৰ্থ্যাৎ দুটাকৈ দিনত পালন কৰা হয় ৷ সেই অনুযায়ী ২ অক্টোবৰত উত্তৰ অসম প্ৰান্তৰ ১৭ স্হানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে বিজয়া দশমী উৎসৱ পালন কৰে ৷
ইয়াৰ ভিতৰত মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ ফেৰিয়াৎ নগৰ, বাক্সা জিলাৰ মুছলপুৰ নগৰৰ লগতে বৰপেটা, নলবাৰী, বাক্সা, চৰাইদেউ আদি জিলাৰ আন ১৫টা খণ্ডৰ স্হানসহ মুঠ ১৭ স্হানত স্বয়ংসেৱক সকলে শতবৰ্ষৰ বিজয়া দশমী উৎসৱ পালন কৰিব ৷ ইফালে, আজি উত্তৰ অসম প্ৰান্তৰ মুঠ ৩২০ স্হানত শতবৰ্ষৰ উদ্ধোধনী কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷
আজি প্ৰৱল বৰষুণৰ মাজতো স্বয়ংসেৱক সকলে প্ৰান্তৰ ৪৭ নগৰ আৰু ২৭৩টা স্হানত কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷ ইয়াৰ ভিতৰত মেঘালয়ৰ সাতখন নগৰ আৰু ৪৩টা খণ্ডত কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যক্ৰম সমূহত স্বয়ংসেৱক সকলে শাৰিৰীক প্ৰদৰ্শনৰ কৰাৰ পিছত এক বৌদ্ধিক কাৰ্যক্ৰম অনুষ্ঠিত কৰে ৷
উক্ত দুয়োদিনৰ আটাইকেইটা কাৰ্যক্ৰমত পূৰ্ণ গণৱেশত প্ৰায় ৪০ হাজাৰ স্বয়ংসেৱকে অংশ লোৱাৰ উপৰি প্ৰান্তৰ বিভিন্ন স্হানত লক্ষাধিক লোক উপস্হিত থাকে বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷