SATTRIYA NRITYA: অসমৰ প্ৰথম মহিলা সত্ৰীয়া নৃত্যৰ শিল্পীগৰাকীক জানেনে…
অসমৰ প্ৰথম মহিলা সত্ৰীয়া নৃত্যৰ শিল্পী নিৰু দত্ত পাঠক

ফটোত জনপ্ৰিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ সৈতে অসমৰ প্ৰথম মহিলা সত্ৰীয়া নৃত্যৰ শিল্পী নিৰু দত্ত পাঠক
(ফটোৰ উৎসঃ ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ ফেচবুক পোষ্ট)
অসমৰ সাংস্কৃতিক জগতৰ বাবে এটা লেখত ল’বলগীয়া খবৰ। অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ সৈতে নিৰু দত্ত পাঠক। অসমৰ প্ৰথম মহিলা সত্ৰীয়া নৃত্যৰ শিল্পী। ১৯৬১ চনত ৰসেশ্বৰ বৰবায়নৰ তত্বাৱধানত সত্ৰীয়া নৃত্য শিকি মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ এটা প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে। তেওঁৰ লগত মাজুলীৰ গড়মূৰৰ আৰু তিনিগৰাকী শিল্পী আছিল যদিও বৰ্তমান নিওগৰাকী প্ৰয়াত। বৰ্তমান উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাই দলনি গাঁৱৰ বাসিন্দা নিৰু দত্তৰ কাহিনী সোনকালেই প্ৰকাশ কৰিব ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে৷