প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত অসম দক্ষিণ-পূব এছিয়াৰ চিকিৎসা খণ্ডৰ অগ্ৰণী প্ৰাণকেন্দ্ৰ হ’বলৈ গৈ আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
গুৱাহাটীৰ এইমছত আই এন আই ৰেডিঅ’লজী আপডেট ২০২৫ অনুষ্ঠান
এইমছ গুৱাহাটীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ দীৰ্ঘদিনীয়া আকাংক্ষাৰ পূৰ্ণতাৰ প্ৰতীক হিচাপে স্বাস্থ্যসেৱা খণ্ডত নিৰন্তৰ সেৱা আগবঢ়াই আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
গুৱাহাটী, ৩০ আগষ্টঃ গুৱাহাটীৰ এইমছত অনুষ্ঠিত আই এন আই ৰেডিঅ’লজী আপডেট ২০২৫ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অংশগ্ৰহণ কৰে আৰু চিকিৎসক তথা ৰেডিঅ’লজীৰ পাৰদৰ্শী যুৱবন্ধুসকলৰ সৈতে মত বিনিময় কৰে।
এনে অনুষ্ঠানসমূহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “উদ্ভাৱন, সহযোগিতা আৰু যুৱশক্তিৰদ্বাৰা সঞ্চালিত গুণগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ দৃষ্টিভংগী”ক ত্বৰান্বিত কৰে বুলি সোণোৱালে উল্লেখ কৰে। এইমছ গুৱাহাটীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ দীৰ্ঘদিনীয়া আকাংক্ষাৰ পূৰ্ণতাৰ প্ৰতীক হিচাপে স্বাস্থ্যসেৱা খণ্ডত নিৰন্তৰ সেৱা আগবঢ়াই আছে বুলি তেওঁ কয়।
“এসময়ত দূৰৱৰ্তী সপোন যেন লগা উন্নতমানৰ স্বাস্থ্যসেৱা এতিয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত জনগণৰ বাবে সহজসাধ্য তথা সকলো দিশতে উপলভ্য হৈছে আৰু যুৱক-যুৱতীসকলে অত্যাধুনিক চিকিৎসা শিক্ষাৰে উজ্জীৱিত হোৱাৰ লগতে এই সমগ্ৰ অঞ্চলটো ভাৰতৰ উন্নয়নৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে।”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়।
সোণোৱালে লগতে কয়, “লাগিলে সেয়া চিকিৎসক, নাৰ্ছ বা লেবৰেটৰী টেকনিচিয়ানয়েই হওক, চিকিৎসা বৃত্তিৰ লগত জড়িত সমগ্ৰ বিভাগসমূহ আৰু সংশ্লিষ্ট লোকসকলে আজি আধুনিকতা আৰু কৰ্মদক্ষতাৰ সুউচ্চ শিখৰত অৱস্থান কৰিছে৷ সেয়েহে আজি জনসাধাৰণৰ অগাধ বিশ্বাসৰ সূত্ৰপাত হৈছে৷ আনকি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো সদায়েই মেডিকেল ট্ৰেভেল টু্ৰিজিমৰ প্ৰসাৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে৷ ভাৰতবৰ্ষই বিশ্বৰ বুকুত এইক্ষেত্ৰত ক্ৰমান্বয়ে এটি প্ৰাণকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিবলৈ সক্ষম হৈছে৷ এয়া সম্ভৱ হৈছে চিকিৎসক, নাৰ্ছ, টেকনিচিয়ান আদিৰ নিষ্ঠা, দক্ষতা, কৰ্মপটুতা আৰু দূৰদৰ্শিতাৰ বাবে৷ Heal in India আৰু Heal by India এতিয়া সম্ভৱ হৈ উঠিছে।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উন্নতমানৰ চিকিৎসা সেৱা বিচাৰি ভাৰতলৈ অহা ৰোগীসকলক সকাহ দিয়াৰ কাম আমি কৰিবলৈ গৈ আছোঁ৷ অতীজৰে পৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে আমি বিশ্ববাসীক বাৰে বাৰে প্ৰমাণ কৰি দিছোঁ যে এই শক্তি আমাৰ মাজত নিহিত হৈ আছে৷ এই শক্তি বৃদ্ধিৰ বাবে চিকিৎসা খণ্ডত যিখিনি সা-সুবিধা, সহায়ৰ প্ৰয়োজন হ’ব, সেইখিনি দিবলৈ আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ৷ ২০১৪ চনৰ আগলৈকে অসমত মাথোঁ ছখন মেডিকেল কলেজ আছিল, সীমিত সা-সুবিধা আছিল৷ কিন্তু যোৱা এঘাৰ বছৰত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ক্ষেত্ৰত যিখিনি অভূতপূৰ্ব সংযোজন আমি প্ৰত্যক্ষ কৰিলোঁ, তাৰ পৰা মই এইটোকেই নিশ্চিতকৈ ক’ব পাৰোঁ যে অতি সোনকালেই আমি দক্ষিণ-পূব এছিয়াৰ ভিতৰতে গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হৈ পৰিম৷
এই প্ৰতিযোগিতাৰ যুগত এইখিনি সম্ভৱ কৰিবলৈ আমি সৰ্বস্ব উজাৰি কৰ্মত ব্ৰতী হ’ব লাগিব৷ এটা সময় আছিল যেতিয়া যিকোনো জটিল ৰোগৰ চিকিৎসাৰ বাবে আমি পশ্চিমীয়া দেশবোৰলৈ ঢাপলি মেলিছিলোঁ৷ কিন্তু কোভিডৰ সময়ছোৱাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শক্তি আৰু সাহসৰ নিদৰ্শন দাঙি ধৰিলে, যেনেধৰণেৰে আমাৰ মাৰ্গদৰ্শন কৰিলে, তাৰ ফলত ইমান বিশালকায় দেশ এখনত বিশেষ একো ক্ষতি হ’বলৈ নাপালে।
আনকি ভেকচিন তৈয়াৰ কৰাৰ কামটোও আমি ভাৰতীয়সকলেই সম্ভৱ কৰি তুলিলোঁ৷ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মূলমন্ত্ৰক সাৰোগত কৰি আজি আমি আত্মনিৰ্ভৰ ভাৰত হ’বলৈ আগবাঢ়িছোঁ৷ ২০৪৭ চনৰ ভিতৰত এখন বিকশিত আৰু আত্মনিৰ্ভৰ দেশ হোৱাৰ যি সপোন মোদী ডাঙৰীয়াই দেখিছে, তাক বাস্তৱায়িত কৰি তোলাৰ গুৰুদায়িত্ব আমাৰ আটাইৰে কান্ধত আছে৷
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে তেখেতে সমগ্ৰ বিশ্বক একত্ৰিত কৰাৰ মহান কাম কৰিছে৷ আনকি ৰাষ্ট্ৰসংঘৰ মজিয়াতো এই দিৱস পালনৰ প্ৰস্তাৱ ৰখা ব্যক্তিজনেই আছিল আমাৰ পৰম আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, যাৰ ফলত আজি ১৯০ খনতকৈও অধিক দেশত যোগাভ্যাসৰ চৰ্চা আৰম্ভ হৈছে৷ এয়া প্ৰতিজন ভাৰতবাসীৰ বাবে গৰ্বৰ বিষয়৷”
“স্বাস্থ্যই পৰম ধন আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি আমি আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিব লাগে, দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় এই কথাটো অকল কৈ থকাই নহয়, তেখেত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দেশৰ স্বাস্থ্য খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
২০১৪ চনৰ আগত গোটেই ভাৰতবৰ্ষতে মাত্ৰ ৭ খন এইমছ আছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান ২৩ খন এইমছ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰত গুৱাহাটী এইমছকে ধৰি ৭ খনত ইতিমধ্যে চিকিৎসা সেৱা আৰম্ভ হৈছে আৰু যাৰ বাবে আমাৰ উত্তৰ-পূব ভাৰতৰ গোটেই কেইখন ৰাজ্যৰে জনসাধাৰণে গুৱাহাটী এইমছত চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।
আয়ুষ্মান ভাৰত যোজনা, জন আৰোগ্য যোজনা, বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা যোজনা আদিৰ দ্বাৰা ভাৰতবৰ্ষৰ একোটা আৰ্থিকভাৱে পিছপৰা পৰিয়ালে পাঁচ লাখকৈ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিবলৈ সক্ষম হৈছে, জন ঔষধী পৰিযোজনাৰ দ্বাৰা প্ৰায় ১১,০০০ জন ঔষধী কেন্দ্ৰ স্থাপন, অসমত কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে কেন্সাৰ হস্পিটাল স্থাপন, বহুকেইখন মেডিকেল কলেজ স্থাপন, যাৰ দ্বাৰা আগতকৈ দুগুণ এম বি বি এছ চীট পাবলৈ সক্ষম হৈছে আৰু সেই গতিকে দেশৰ জনসাধাৰণৰ এতিয়া এইখন চৰকাৰৰ ওপৰত বিশ্বাস আছে যে এইখন চৰকাৰেহে দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে।
২০১৪ চনৰ আগত ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থা ১১ নং স্থানৰ পৰা আজি ১১ বছৰৰ ভিতৰতে দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তিনি নং স্থানলৈ আগবাঢ়ি যাবলৈ ধাৱমান হৈছোঁ।”, সোণোৱালে আজি কয়।

