PHOTOGRAPHYफोटोग्राफीঅসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ফটোগ্রাফিফটোগ্ৰাফীমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP’S PHOTOS: জুবিন গাৰ্গ অমৰ হৈ থাকক…

Spread the love

অসম চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ সামাজিক মাধ্যমৰ পোষ্ট

কেৱল অসমৰে নহয়, বিশ্বৰ সংগীতপ্ৰেমীৰ বুকুত চিৰজ্যোতিষ্মান হৈ থাকিব আমাৰ জুবিন গাৰ্গ…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সমূহীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অসম গণ পৰিষদৰ উদ্যোগত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আমিও অংশগ্ৰহণ কৰি সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

সাহিত্য, সাংস্কৃতিক জগতৰ বৰেণ্য ব্যক্তি, সমাজৰ বিশিষ্ট ব্যক্তি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা অসম গণ পৰিষদৰ সদস্য-সদস্যা, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

জুবিন গাৰ্গৰ বিস্তৃত কৰ্মৰাজিৰ প্ৰাসংগিকতা প্ৰজন্মৰপৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকিব আৰু সংগীতৰ মাজেৰে অসমবাসীৰ আপোন শিল্পীগৰাকীৰ বিশাল সত্তা প্ৰতিদিনে গুঞ্জৰিত হৈ থাকিব জনতাৰ হৃদয়ে হৃদয়ে…

জুবিন গাৰ্গ অমৰ হৈ থাকক…

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!