অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

AGP: সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অগপৰ

Spread the love

সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অগপৰ

অগপৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত জনসভা আৰু ৰাজনৈতিক সমাৱৰ্ত্তন স্থগিত

DD TIMES গুৱাহাটী, ৪ অক্টোবৰঃ অসমৰ হৃদস্পন্দন, মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰস্থানত এতিয়াও শোকৰ সাগৰত ডুব গৈ আছে অসমবাসী৷ প্ৰতিজন অসমীয়াৰ হৃদয়ত ঘৰ সজা এই সংগীতৰ ৰাজপুত্ৰৰ প্ৰতিটো গীত, প্ৰতিটো কথা অৰু প্ৰতিটো কামে অসমীয়াৰ মন-মগজুত অহৰহ ক্ৰিয়া কৰি আছে৷

যুগদ্ৰষ্টা জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদঘাটন হোৱাৰ বাবে তীব্ৰ উৎকন্ঠাৰে বাট চাই আছে ৰাজ্যবাসীয়ে৷ ইয়াৰ মাজতে আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অসম গণ পৰিষদে এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে মেয়ৰ মৃগেন শৰণীয়া, জ্যেষ্ঠ শিল্পী সমৰ হাজৰিকা, জে পি দাস, উপকুল বৰদলৈ, ডা° অঞ্জনজ্যোতি চৌধুৰী, সন্ধ্যা মেনন, মালবিকা বৰা, অতুল পাচঁনি, অনুপম শইকীয়া, জীনা ৰাজকুমাৰী, বৰ্ণালী কলিতা, ৰূপম ভূঞা, ৰঞ্জিত গগৈ, সংগীতা কাকতি, সদানন্দ গগৈ, পদ্মনাভ বৰদলৈ, চন্দন দাস, ৰাজশ্ৰী ফুকন, প্ৰনামিকা গোস্বামী, কোমলিকা কাশ্যপ, সান্তনা কলিতা, ভাস্বতী ভাৰতী, অধিবক্তা নেকিবুৰ জামান, পেৰাচাইক্লিষ্ট ৰাকেশ বণিক, অসম জাতীয় বিদ্যালয়ৰ সচিব ড° নাৰায়ণ শৰ্মাৰ লগতে বহু শিল্পী আৰু গুণমুগ্ধই জুবিনক শ্ৰদ্ধাঞ্জলি জনায়৷

তদুপৰি সদৌ অসম উকিল সন্থা, টাই আহোম ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, টাই আহোম সাহিত্য সভা, সদৌ অসম চাকমা সন্থা, শৰৎ সিংহ ন্যাস, গুৱাহাটী বেপ্তিষ্ট চাৰ্চ, সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থা, গুৱাহাটী উকিল সন্থা, চাহ জনগোষ্ঠী সাহিত্য সভা, সদৌ অসম গৰীয়া মৰীয়া দেশী পৰিষদ, বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমিতি, গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমিতি, পূব গুৱাহাটী বিহু সন্মিলনী, পশ্চিম গুৱাহাটী বিহু সন্মিলনী, উলুবাৰী বিহু সন্মিলনী, খাৰঘূলি বিহু সন্মিলনী, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ সকল, ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, গনেশ মন্দিৰ সমিতি, প্ৰগতি শিল্পী সংঘৰ উপৰি বিভিন্ন জাতি-জনগোষ্ঠী, ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনায়৷

প্ৰতিটো বিপদত অসমীয়াৰ কাষত থকা এই মহান মনিষীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ জুবিনক শ্ৰদ্ধাঞ্জলি জনাই দিহা নাম আৰু নাগাৰা নাম পৰিৱেশন কৰা হয়৷

আনহাতে, ১৪ অক্টোবৰত অগপৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে খানপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা জনসভা আৰু ইয়াৰ লগত সংগতি ৰাখি ১৩ অক্টোবৰত গুৱাহাটীত আয়োজন কৰা ৰাজনৈতিক সমাৱৰ্ত্তনখন জুবিন গাৰ্গৰ বিয়োগৰ বাবে স্থগিত ৰাখিছে বুলি আজি আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই উল্লেখ কৰে৷

১৪ অক্টোবৰত অগপৰ মুখ্য কাৰ্যালয়ৰ উপৰি আন জিলা আৰু সমষ্টিৰ কাৰ্যালয়ত দলৰ প্ৰতিষ্ঠা দিৱস নিয়মমাফিকভাৱে অনুষ্ঠিত হ‘ব৷ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলি বৰাই লগতে উল্লেখ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!