অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ASSAMESE BOOK: গুৱাহাটীত ড° ফেঞ্চী চুতীয়াৰ গ্ৰন্থ ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য’ উন্মোচন

Spread the love

গুৱাহাটীত ড° ফেঞ্চী চুতীয়াৰ ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য’ শীৰ্ষক গ্ৰন্থ উন্মোচন

DD TIMES গুৱাহাটী, ৩ অক্টোবৰঃ আজি বিয়লি অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সভাকক্ষত ড° ফেঞ্চী চুতীয়াৰ ‘অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ অনুশীলন অধ্যাপক ড°দিগন্ত বিশ্ব শৰ্মাই।

তেখেতে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভৰ বৰ্ষপূৰ্তিৰ দিনটোতে অসমীয়া ভাষাৰ ধ্ৰুপদী ঐতিহ্য শীৰ্ষক গ্ৰন্থখনি প্ৰকাশ পোৱাটো মহত্ত্বপূৰ্ণ বুলি কয় ৷ অসমীয়া ধ্ৰুপদী ভাষা বিষয়ক প্ৰথমখন বিদ্যায়তনিক গৱেষণামূলক গ্ৰন্থৰ বাবে তেখেতে ড° ফেঞ্চী চুতীয়াক অভিনন্দন জনায় ৷ অসমীয়া ভাষাৰ দুটা স্বীকৃতি- এটা আধুনিক ভাৰতীয় ভাষা ৰূপে আৰু আনটো ধ্ৰুপদী ভাষাৰূপে ৷

ধ্ৰুপদী ভাষাৰূপে যি ঐতিহ্য অসমীয়া ভাষাই বহন কৰিছে তাৰ প্ৰতি অসমীয়া ভাষা-ভাষী ৰাইজৰ অৱশ্যে কৰণীয় আছে সেই কথা দোহাৰে ৷ ধ্ৰুপদী ভাষাৰূপে ভাৰতীয় সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ যিবোৰ দিশ অসমীয়া ভাষা-সাহিত্যই বহন কৰিছে তাৰ ব্যাপক অধ্যয়ন হোৱা উচিত বুলি শৰ্মাই মত প্ৰকাশ কৰে ৷


উন্মোচনী অনুষ্ঠানটিত আলোচক হিচাপে উপস্থিত থাকে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক তৰণী চন্দ্ৰ ডেকা। তেখেতে ব্যৱহাৰৰ যোগেদিয়েই যে ভাষা এটা জীয়াই থাকে সেই কথা প্ৰকাশ কৰে ৷

আলোচক হিচাপে ড° ফেঞ্চী চুতীয়াৰ গ্ৰন্থখনে যে অসমীয়া আৰু অসমীয়া ভাষা, লিপি, ঐতিহ্য, ইতিহাস, জাতিৰ এক বৃহৎ পৰিসৰ সামৰি লৈছে আৰু ই ছাত্ৰছাত্ৰীৰ প্ৰয়োজন পূৰোৱাৰ উপৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও যে এই গ্ৰন্থখন নিৰ্ভৰযোগ্য হ’ব সেই কথা প্ৰকাশ কৰে ৷

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ প্ৰাক্তন সঞ্চালক অধ্যাপক দিলীপ কুমাৰ কলিতা আৰু লেখকৰ গৱেষণা তত্ত্বাৱধায়ক তথা বিশ্বভাৰতী , শান্তিনিকেতনৰ অসমীয়া বিভাগৰ মুৰব্বী, সহযোগী অধ্যাপক ড° সংগীতা শইকীয়াই।


অধ্যাপক কলিতাই ভাষাৰ প্ৰাচীনত্ব আৰু ঐতিহ্যত মৌখিক সাহিত্যৰ ভূমিকাৰ কথা উল্লেখ কৰি অসমীয়া ৰামায়ণৰ লগতে জনগোষ্ঠীয় মহাকাব্য ৰূপে কাৰ্বি ৰামায়ণৰ কথা উল্লেখ কৰে ৷ মাতৃভাষা-ভাষীয়ে ভাষা এটাৰ জীৱন্ত অথবা মৃত ৰূপত প্ৰভাৱ পেলোৱাৰ কথা তেখেতে উনুকিয়ায় ৷


বিশ্বভাৰতীৰ অসমীয়া বিভাগৰ মুৰব্বী তথা লেখিকাৰ গৱেষণা গুৰু ড° সংগীতা শইকীয়াই বিষয়টোৰ মহত্ত্বৰ লগতে গৱেষণাকালত লাভ কৰা অভিজ্ঞতা আৰু অসমৰ বাহিৰত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বিদ্যায়তনিক চৰ্চাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷ শেষত অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয় ৷


অনুষ্ঠানটিত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ড° ফেঞ্চী চুতীয়াৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!