ZUBEEN GARG: অসম সাহিত্য সভাৰ উদ্যোগত শনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠান
অসম সাহিত্য সভাৰ উদ্যোগত শনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠান
DD TIMES গুৱাহাটী, ৩ অক্টোবৰঃ অসম সাহিত্য সভাৰ উদ্যোগত লোক পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবর্ধন উপ-সমিতিৰ সহযোগত শনিবাৰে গুৱাহাটীৰ আমবাৰীস্থিত ভগৱতীপ্রসাদ বৰুৱা ভৱনত অসমীয়াৰ হিয়াৰ আমঠু, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা আদ্যশ্রাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠানটিৰ কার্যসূচীসমূহ ক্ৰমে দিনৰ ১০ বজাত নাম প্রসংগ, ১২ বজাত বিভিন্ন দল-সংগঠনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি, বিয়লি ১২-৩০ বজাত ভিন্ন জাতি-নৃগোষ্ঠীৰ অংশগ্রহণেৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু বিয়লি ১ বজাত মূল স্মৃতিচাৰণ অনুষ্ঠান।

অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গ, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, বড়ো থুনলাই আফাদ (বড়ো সাহিত্য সভা)ৰ সভাপতি ড° সুৰট নাৰ্জাৰী, বাংলা সাহিত্য সভা, অসমৰ সভাপতি খগেন দাস, দেউৰী চ্চু চ্চেব্বা চ্চেংচা (দেউৰী সাহিত্য সভা)ৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি লামেট আমেই সভাপতি কামচিং হান্সে, ডিমাছা সাহিত্য সভা সভাপতি ৰমেশ থাওচেন, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি ড° দিলস লক্ষীন্দ্ৰ কুমাৰ সিংহ, মিচিং আগম কেবাং (মিচিং সাহিত্য সভা)ৰ সভাপতি হৰিনাৰায়ণ পেগু, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, গাৰো সাহিত্য সভাৰ সভাপতি বিচিত্র চাংমা, তিৱা মাথনলাই তথা (তিৱা সাহিত্য সভা)ৰ সভাপতি হৰসিং খলাৰ, সদৌ অসম চাংমা উন্নয়ন সমিতিৰ সভাপতি আশুতোষ চাকমা, মাৰ লিটেৰেৰী ছচাইটিৰ সভাপতি ভি এল টি বাপুই, কুকি এপেক্স বডী, অসমৰ সভাপতি হেনকাম হাওলাই, জেমি পৰিষদৰ সভাপতি নামকে জেমি, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, মৰাণ সাহিত্য সভাৰ সভাপতি ৰবীন মৰাণ, পূর্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, অসম নেপালী সাহিত্য সভাৰ সভাপতি, ড° চিন্তামণি শর্মা, মদাহি সাহিত্য পৰিষদ, অসমৰ সভাপতি সর্বেশ্বৰ মদাহি, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, কোচ ৰাজবংশী সাহিত্য সভা, অসমৰ সভাপতি ড° দ্বিজেন্দ্রনাথ ভকত, মটক সাহিত্য সম্মিলন সভাপতি তৰুণ কুমাৰ গগৈৰ লগতে বহুকেইজন নেতৃস্থানীয় ব্যক্তিয়ে এই স্মৃতিচাৰণ অনুষ্ঠানত অংশ গ্রহণ কৰিব। বিয়লি ৩ বজাত গায়ন-বায়ন পৰিৱেশন কৰা হ’ব।
সংবাদ বিজ্ঞপ্তিত প্ৰধান সম্পাদকগৰাকীয়ে সকলো জুবিন অনুৰাগীৰ লগতে অসমবাসী ৰাইজ উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীক একাঁজলী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটো সফল কৰি তুলিবলৈ নিমন্ত্ৰণ জনাই আৰু লগতে উল্লেখ কৰে যে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰিব বিচৰা দল-সংগঠনসমূহে আগতীয়াকৈ ৯৪০১২-০০০০৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।