WORLD SENIOR CITIZEN DAY: নগাঁৱত বিশ্ব নাগৰিক দিৱস উদযাপন, সাহিত্যিক লক্ষেশ্বৰ শৰ্মাক সম্বৰ্ধনা
নগাঁৱত বিশ্ব নাগৰিক দিৱস উদযাপন, সাহিত্যিক লক্ষেশ্বৰ শৰ্মাক সম্বৰ্ধনা
জ্যেষ্ঠ নাগৰিকসকল সমাজৰ ভেটি স্বৰূপ : ড° শৰৎ বৰকটকী
DD TIMES নগাঁও, ৩ অক্টোবৰঃ ১ অক্টোবৰত নগাঁও জিলাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰ জৰিয়তে দিৱসটি শুভাৰম্ভণি কৰা হয়।

নগাঁৱত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শাখা সমিতিৰ সভাপতি শিৱানন্দ কাকতিযে পতাকা উত্তোলন কৰে আৰু ভাষণ প্ৰসঙ্গত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভূমিকা বাখ্যা কৰে।
শাখা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড° শৰৎ বৰকটকীয়ে কয় যে, জ্যেষ্ঠ নাগৰিকসকল সমাজৰ ভেটিস্বৰূপ। তেওঁলোকে জীৱনৰ অভিজ্ঞতা, জ্ঞানৰে নতুন প্ৰজন্মক দিশ দেখুৱায়।
ড° বৰকটকীয়ে লগতে কয় যে আধুনিক জীৱনৰ ব্যস্ততাৰ মাজতো জ্যেষ্ঠ নাগৰিকৰ সৈতে সময় কটোৱা, তেওঁলোকৰ কথা মন দিয়ে শুনা, আৰু তেওঁলোকে যাতে একাকীত্ব বোধ নকৰে তাৰ প্ৰতি সজাগ হোৱা দৰকাৰ।
জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰফুল্ল চন্দ্ৰ হাজৰিকাই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি অসম চৰকাৰে এই বিশ্ব নাগৰিক দিৱস উৎযাপন কৰাত সন্তোষ প্ৰকাশ কৰে। বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট কবি, লেখক লক্ষেশ্বৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।
কবি, সাহিত্যিক শৰ্মাই সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে, জ্যেষ্ঠসকলে মনটো সদায় সজীৱ কৰি ৰাখিব লাগে। জ্যেষ্ঠ নাগৰিকসকলে সমাজক দিশ নিৰ্দেশকৰ ভূমিকা পালন কৰা দৰকাৰ।
অনুষ্ঠানত জিলা সমিতিৰ হৈ সভাপতি ড° বৰকটকী, সাধাৰণ সম্পাদক হাজৰিকাৰ উপৰি শাখাৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শইকীয়া, উপ-সভাপতি ভানুৰমা বৰা, দিলীপ হাজৰিকা, বিমলেন্দু লস্কৰ, পল্লৱ বৰাই ভাগ লয়।