অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত শিখা শৰ্মাই কি ক’লে

Spread the love

“মুখ্যমন্ত্ৰীয়ে জুবিনক ন্যায় দিব নোৱাৰে, নেভাৰ”

DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ ছিংগাপুৰত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সম্পৰ্কত সাহিত্যিক তথা ৰাজনৈতিক নেত্ৰী শিখা শৰ্মাই এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে৷ শিখা শৰ্মাই সামাজিক মাধ্যমত কি কৈছে তলত উল্লেখ কৰা হ’ল-

“মুখ্যমন্ত্ৰীয়ে জুবিনক ন্যায় দিব নোৱাৰে, নেভাৰ”

জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল দুখত মৰ্মাহত হৈ ঘৰত নিৰলে চকুপানী টুকি নিমাত হৈ বহি আছে৷ আৰু জুবিনৰ মিছা অনুৰাগীবোৰে ২৬ ৰ ইলেকচনত কংগ্ৰেছ লুৰিণ,অখিল, অজিত ভূঞাহঁতক শাসনত বহুৱাৰ স্বাৰ্থত, অসমত এক ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰি অসম ধ্বংস কৰাৰ পৰিকল্পনা কৰি জুবিনৰ ন্যায় বিচৰাৰ নামত উদ্ভণ্ডালি কৰিছে৷

প্ৰকৃত অনুৰাগীসকলে কেৱল জুবিনৰ প্ৰতিভাক ভালপায়। তেওঁলোকে জুবিনৰ ফটা জোতাজোৰকো চুমা খাই নাথাকে৷ জুবিনৰ প্ৰকৃত অনুৰাগীসকলে নিজৰ মনতে হ’লেও জুবিনৰ প্ৰতিটো গীতৰ সুক্ষ্ম বিশ্লেষণ কৰাৰ দৰেই, জুবিনৰ বেয়া দিশবোৰৰো আলোচনা কৰি, সেইবোৰ শুধৰাই জুবিনক সৰ্বজনসমাদৃত শিল্পী হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিছিল৷

সৰ্বজনসমাদৃত মানে কি? ১০ লাখ মানুহে মৃতদেহত শ্ৰদ্ধা জনোৱাতো, নে শ্মশানত ১২ লাখ মানুহ সমবেত হোৱাতো, নে অসম বন্ধ কৰি দিয়াতো? কোনটো? কোনটোক কয় সৰ্বজনসমাদৃত? কোনটোক কয়?

সৰ্বজনসমাদৃত শব্দৰ মূল অৰ্থ হ’ল, এজন মানুহক কোনেও কোনো দিশৰ পৰা আঙুলি টোৱাব নোৱাৰাকৈ, সমগ্ৰ ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ পৰা সমানে সমাদৰ পোৱাতো। এই কামটো যথেষ্ট কঠিন কাম৷ সৰ্বজনসমাদৃত হোৱাতো সহজ নহয়। তাৰ বাবে প্ৰথমতেই লাগিব চূড়ান্ত ত্যাগ।

কি এই চূড়ান্ত ত্যাগ?

খং, ৰাগ, অশালীন আচৰণ, অশ্লীল শব্দ বাক্য, নিষ্কলুষ চৰিত্ৰ, সকলো ধৰণৰ মাদকদ্ৰব্যৰ পৰা দূৰত্ব, ৰাজহুৱা স্থানত নক’বলগীয়া কথা কৈ কোনো ব্যক্তিৰ অন্তৰত আঘাত নকৰাৰ দৃঢ়তা, জীৱন যাপনৰ সৰলতা, বিনা পইছাত ৰাইজক নাটক, গীত- সংগীত, সাহিত্য, চিনেমা, দেশ সেৱা, সমাজ সেৱা আদিৰে চাৰ্ভিছ দিয়া, ধন-সম্পত্তি ঘটাৰ প্ৰতি থকা মোহ ত্যাগ আদিয়েই হ’ল চূড়ান্ত ত্যাগ৷ ধৈৰ্য্য, সহ্য, ক্ষমা এইবোৰ নিজৰ চৰিত্ৰৰ বৈশিষ্ট্য হ’ব লাগিব৷ তেতিয়াহে এজন মানুহ সৰ্বজনসমাদৃত হ’ব পাৰিব৷ অসমত আজিলৈকে সৰ্বজন সমাদৃত মানুহ এজনো নাই৷ শঙ্কৰদেৱো নাছিল, বিষ্ণু-জ্যোতিও নাছিল, ভূপেন হাজৰিকাতো নাছিলেই আৰু জুবিন গাৰ্গো নহয়৷

কিয় নহয়?

কাৰণ—

১/ সামগ্ৰিকভাবে অসমৰ ১০০% মানুহে শঙ্কৰদেৱক আদৰি নলয় বা ভাল নাপায়।

২/ জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাকো ১০০% মানুহে আদৰ নকৰে৷

৩/ ভূপেন হাজৰিকাক বেয়া পোৱা মানুহ অলেখ৷

৪/ আৰু জুবিন গাৰ্গক বেয়া পোৱা মানুহো অসীম৷

মানুহে গালি খোৱাৰ ভয়তে একো নকয়। কথা সিমানেই৷

কিন্তু কোনোবাই গালি পাৰিব বুলিয়েই মিছা কথা এসোপা কৈ আমি নাটক কৰি থাকিব নোৱাৰোঁ৷

ভয়-ভীত খুৱাই, পথত আন্দোলন কৰি, জোৰ কৰি অসম বন্ধ কৰি মানুহৰ ভালপোৱা আদায় কৰিব নোৱাৰি৷ বৰং থকা ভালপোৱাখিনিও কমিহে যাব৷ মানুহ মৰিলে বুলিয়েই আন মানুহক দম দি কথাবোৰ সলনি কৰিব নোৱাাৰি৷

এতিয়া এচাম গুণ্ডাই, জুবিনৰ অনুৰাগী হোৱাৰ নামত অসমত গুণ্ডাৰাজ চলাই নেতা হোৱাৰ চেষ্টাত অহৰহ ব্ৰতী হৈ আছে৷ কোনে শুনিব সিহঁতৰ কথা? সিহঁতৰ গুণ্ডামিৰ উদ্দেশ্য আমি নুবুজাকৈ আছোঁ নেকি? 

দশমীৰ পাছদিনা অৰ্থাৎ অহা 3 অক্টোবৰত বোলে কংগ্ৰেছে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাস্তাত মৌন সমদল উলিয়াব। এইটো আকৌ কেনেকুৱা কথা? মানুহৰ মৃত্যুতো কংগ্ৰেছে ৰাজনীতি কৰিবলৈ লাগি গ’ল কিয়? জুবিনৰ মৃত্যুৰ তদন্তৰ কাম দ্ৰুতগতিত আৰম্ভ হোৱা কংগ্ৰেছে দেখা নাই নেকি? তাৰ পাছতো কিহৰ সমদল? সমদলৰ নামত বিৰোধী সোপা মিলি লৈ ৰাস্তাত হাল্লা কৰিব বিচাৰি আছে কিয়? জুবিনৰ নাম লৈ বিৰোধীসোপা মিলি লৈ অসম ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে কিয়?

কা আন্দোলনতো কথাটো একেই হৈছিল। আমাক বুজাবলৈ চেষ্টা কৰা হৈছিল যে, কা ৰ জৰিয়তে অসমলৈ লাখে লাখে হিন্দু বাংলাদেশী আহিব৷ আমি সঁচা বুলি ভাবি কা আন্দোলনত জঁপিয়াই পৰিছিলোঁ৷ লাহে লাহে কা আন্দোলনটো “কা ফাংচন” হ’ল। গোটেইসোপা বিৰোধী মিলি একো একোজন মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিলে৷ অজিত ভূঞা ৰাজ্যসভাৰ সাংসদ হ’ল৷ মোৰ সমুখতে চানমাৰি ফিল্ডত আলোচনা হ’ল—

“গৰিমাই গোলাঘাটত ইলেকচন খেলিব৷ লুৰিণ মুখ্যমন্ত্ৰী হ’ব,জুবিনে ইলেকচন নেখেলে গৰিমাই খেলিব”

এইবোৰ আলোচনা হওঁতে মই চানমাৰি ফিল্ডতে আছিলোঁ। আন্দোলনত ভাগ ল’বলৈ গৈ, সিহঁতৰ ব্যক্তিগত স্বাৰ্থজড়িত আলোচনাবোৰ শুনি শুনি, আন্দোলন নামৰ বস্তুটোৰ প্ৰতি চিৰদিনলৈ মোৰ বেয়া ভাব আহি গ’ল। বাৰে বাৰে মনলৈ আহিল যে, নেতা হ’বলৈ আটাইতকৈ সহজ উপাইটোৱেই হ’ল আন্দোলন৷

এইবাৰ আকৌ আন্দোলনৰ প্ৰস্তুতি চলাইছে এজাক তথাকথিত জুবিন অনুৰাগীয়ে৷ সিহঁতক টকাৰ যোগান ধৰিছে বহিৰাষ্ট্ৰই৷ যিদৰে কা আন্দোলনত অসম ভাঙি-চিঙি লণ্ডভণ্ড কৰিবলৈ পাকিস্তান, আৰৱ আৰু বাংলাদেশে পুঁজিৰ যোগান ধৰিছিল। সেই টকা আনি কংগ্ৰেছ আৰু এসোপা মুছলমানে অসমত তাণ্ডবলীলা কৰিছিল৷ এতিয়াও পৰিস্থিতি একেই। মূল ইছু জুবিনৰ ন্যায় বিচৰাটো নহয়। মূল ইছু হ’ল অসমক জ্বলাই পেলোৱা৷ যাতে অসমৰ বিধ্বস্ত ৰূপ দেখি বিশ্ব কম্পিত হয়৷ বিজেপিৰ প্ৰতি মানুহৰ বেয়া ভাব ওপজে৷ সেয়াই সিহঁতৰ মূল উদ্দেশ্য৷

এই উদ্দেশ্যক মুখ্যমন্ত্ৰীয়ে মষিমূৰ কৰক৷ এটা এটা আন্দোলনকাৰীক কমেও ছমাহলৈ জেলত ভৰাই ৰাখক। কাৰণ অসম মানে কেৱল জুবিন নহয়। আবেগৰো এটা সীমা থকা দৰকাৰ। অনুৰাগৰো এটা মহত্ব থকা দৰকাৰ। জুবিনৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি৷ কিন্তু জুবিনৰ ন্যায় বিচৰাৰ দাবীত আমি আমাৰ অসমক ধ্বংস হ’বলৈ এৰি দিব নোৱাৰোঁ৷ ব্যক্তিতকৈ দেশ সদায় ডাঙৰ। দেশ শেষ হোৱা কাম কৰিবলৈ আমি নিদিওঁ৷

জুবিনৰ মৃত্যুত বাংলাদেশী মিঞাবোৰৰ বৰ দুখ লাগিছে৷ সিহঁতে অসম জ্বলাই পেলোৱাৰ ধান্দা কৰি আছে৷ মাদ্ৰাছা, মছজিদবোৰে টকাৰ যোগান তো ধৰিবই। গতিকে এই চেগতে অসমক জ্বলাই পেলাবলৈ সিহঁতে ষড়যন্ত্ৰ কৰিছে৷ সিহঁতে এইয়া “জুবিন অনুৰাগ” কৰা নাই৷ আচলতে সিহঁতে জিহাদ কৰিছে৷ জুবিনৰ নামত আবেগিক হৈ থকা অসমীয়াবোৰক, সিহঁতে সিহঁতৰ ষড়যন্ত্ৰৰ আহিলা কৰি লৈছে৷ জুবিনক ভালপোৱাৰ নামত, সিহঁতে ৰাষ্টাত আন্দোলন এটা কৰাবলৈ সুযোগ বিচাৰি আছে৷ কংগ্ৰেছ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, হীৰেন গোঁহাইতো সিহঁতৰ লগত আছেই। গতিকে জুবিনৰ ন্যায় বিচৰাৰ নামত, এতিয়া বাংলাদেশী মিঞাবোৰে অসম ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে৷ সিহঁতৰ কাৰণে প্ৰতিজন অমুছলমান একো একোজন কাফেৰ। সিহঁতে কাফেৰ শব্দৰ বাদে আন একো চিনি নাপায়। জুবিনো কিন্তু হিন্দু৷ অমুছলমান৷ কথাষাৰ সিহঁতে ঠিকেই মনত ৰাখি, মুখত “জুবিনপ্ৰেম” আৰু পেটত “হিন্দুবিদ্বেষ” আৰু “বিজেপি বিদ্বেষ” পুহি ৰাখি, সিহঁতক কৰা উচ্ছেদৰ পোতক তুলিবলৈ জুবিনৰ মৃত্যুক অস্ত্ৰ কৰি লৈ, জুবিনৰ ন্যায় বিচাৰি তোলপাৰ লগাইছে৷ এইবোৰ কৰিবলৈ সিহঁতক মুছলমান সংগঠনবোৰে আৰু মুছলমান ধৰ্মসংস্থাবোৰে বহুত টকা দিছে৷

এই কথাবোৰ কংগ্ৰেছ, অখিল গগৈ, লুৰিণ গগৈ, হীৰেন গোঁহাই, অজিত ভূঞা চবেই জানে৷ কিন্তু জানি শুনিও সিহঁতে বাংলাদেশী মৌলবাদীৰ সংগ দিছে একমাত্ৰ বিজেপিক হৰুৱাই বিৰোধীয়ে চৰকাৰ কৰাৰ লালসাত। এই ভয়ানক তথা ঘৃণনীয় ষড়যন্ত্ৰবোৰ সাধাৰণ জনতাই বুজক৷ সিহঁতৰ ষড়যন্ত্ৰৰ সংগী হোৱাৰ পৰা সাধাৰণ অসমীয়া ৰাইজ আঁতৰি থাকক।

জুবিনৰ ন্যায় আমিও বিচাৰোঁ৷ কিন্তু ন্যায় দিব কোনে? ন্যায় কোনে দিয়ে? আদালতে নহয় নে? ন্যায় দিব পাৰে কেৱল আইন আদালতে৷ মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিব নেকি? সাধ্য আছে নেকি মুখ্যমন্ত্ৰীৰ? নে প্ৰধানমন্ত্ৰীয়ে ন্যায় দিব পাৰিব? নে চৰকাৰে ন্যায় দিব পাৰিব? কোনে পাৰিব? কাৰ সাধ্য আছে জুবিনক ন্যায় দিবলৈ?

হিমন্ত বিশ্ব শৰ্মাই ক’লেই যেনিবা ন্যায় দিব বুলি। আমি মানি ল’ম নেকি? হিমন্ত বিশ্ব শৰ্মা আইন নেকি? নে আদালত? হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ দিব ন্যায়? এনেই এনেই কিয় কয়? আৰু হিমন্ত বিশ্ব শৰ্মাই দিয়া ন্যায় আমি মানিম নেকি? কোন হয় তেওঁ ন্যায় দিবলৈ? ন্যায় দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি?

ন্যায় দিব লাগিব আদালতে, আইনৰ কিতাপে৷ আইন আদালতৰ ৰায়ৰ বাদে, আমি আন কাৰো কথা নামানো৷ হিমন্ত বিশ্ব শৰ্মাই এটাই কাম কৰিব পাৰিব, যিহেতু তেওঁ অসমৰ গৃহমন্ত্ৰী৷ সেইটো কাম হ’ল—তেওঁ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ যিমান পাৰি সোনকালে অৰ্ডাৰ দিব পাৰিব। অৱশ্যে সেইটো তেওঁ ইতিমধ্যেই কৰিছে৷ গ্ৰেপ্তাৰৰ পাছত জোৰদাৰ জেৰা চলাবলৈয়ো তেওঁ CID ক অৰ্ডাৰ দিব পাৰিব৷ তদন্ত নিখুঁত আৰু স্ফতিকৰ দৰে পৰিষ্কাৰ কৰাৰ অৰ্ডাৰ দিব পাৰিব৷ তাতকৈ একো বেছি কৰাৰ কেপাচিটি নাই তেওঁৰ৷

জুবিনক ন্যায় দিয়াৰ কেপাচিটি বা অফিছিয়েল অথৰিটি অসম চৰকাৰৰ নাই। ন্যায় দিয়াতো আদালতৰ কাম৷ গতিকে “ন্যায় দিব নোৱাৰিলে ২৬ ত বিজেপিক ভোট নিদিব” বুলি কোৱা মুখ্যমন্ত্ৰীৰ অপৈণত কথাক আমি ধিক্কাৰ দিলোঁ৷ বিজেপি দল ভাৰতৰ জনতাৰ আশা আৰু সপোন৷ এজন ব্যক্তিৰ মৃত্যুয়ে এটা দলৰ দীৰ্ঘদিনৰ ত্যাগ, কষ্ট, সততা, দায়বদ্ধতা, দেশপ্ৰেম আৰু সমাজপ্ৰিয়তাক মূল্যায়ন কৰিব নোৱাৰে৷ এই কথাখিনি মনত ৰাখি মুখ্যমন্ত্ৰীয়ে অনাগত দিনত মন্তব্য কৰাতো নিজৰ বাবে ভাল হ’ব৷

বিজেপিৰ আদৰ্শ হ’ল— দেশ, দল আৰু ব্যক্তি৷ কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যত ব্যক্তি প্ৰথম, দল দ্বিতীয় আৰু দেশ তৃতীয়ত থাকিল। কাৰণ এটা ৰাজনৈতিক দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ “ভোটটোক” জুবিনৰ ন্যায়ৰ লগত সানি-পুতকি পেলোৱাতো ব্যক্তিক প্ৰথম কৰা হ’ল, দলক দ্বিতীয় আৰু দেশৰ আইন ব্যৱস্থাক আওকান কৰি, নিজে ন্যায় দিয়াৰ ৰাজহুৱা ঘোষণা কৰি দেশক তৃতীয়ত ৰখা হ’ল। কথাবোৰ আমাৰ ভাল নালাগিল৷ কথাবোৰ উচিত নহ’ল৷

মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন—

চৰকাৰে ন্যায় কেৱল জুবিনক হে দিব লাগে নেকি?

যদি আদালতক বাদ দি চৰকাৰেই ন্যায় দিব পাৰে, তেন্তে অসমৰ আৰু বহুত মানুহৰ অস্বাভাৱিক মৃত্যুৰ ন্যায় চৰকাৰে দিলে নে? বা দিব বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ঘোষণা কৰিলেনে?
ভাৰতৰ আইনৰ দৃষ্টিত প্ৰতিজন ভাৰতীয় নাগৰিক সমান নহয় জানো? নে জুবিন আইনৰ দৃষ্টিত বহুত ওপৰত যে, জুবিনৰ ন্যায় চৰকাৰে দিব আৰু আনবোৰৰ অস্বাভাৱিক মৃত্যুৰ ৰায় আদালতে দিব? এইয়া ভাৰতৰ আইনত নাগৰিকৰ সমঅধিকাৰ হ’ল নে?

মুখ্যমন্ত্ৰী মহোদয়,

কথাবোৰ বেয়াৰ পৰা বেয়ালৈ গৈ আছে৷ আপুনি মিডিয়াত বাইট দিয়াতো অলপ কমাই দিয়ক। এজন মুখ্যমন্ত্ৰীয়ে সকলো কথাত বাইট দি থাকিলে বেয়া দেখি৷ কামৰ প্ৰেচাৰত কথাবোৰ বেমেজালি হ’লে দলটোৰ ক্ষতি হ’ব৷ গতিকে আপুনি যিমান পাৰে আইনৰ কথাবোৰৰ পৰা আঁতৰত থাকক। আইনৰ কথাবোৰ আইনে চাব। ন্যায় দিয়াতো আপোনাৰ কাম নহয়। আপুনি নলগা জেঙত লাগি থাকি, সৰু সৰু দলীয় সমৰ্থকবোৰক বিমোৰত নেপেলাব৷ কাৰণ আপোনাৰ ওচৰ চাপিব নোৱাৰা মানুহবোৰে,আপোনাৰ এনেধৰণৰ কথাৰ বাবে সৰু সৰু কৰ্মী আৰু সমৰ্থকক কথা শুনায়। কথাবোৰ মনত ৰাখিব৷

জুবিনে ন্যায় পাওক। তাৰেই কামনা কৰিলোঁ৷ কিন্তু এই ন্যায় বিচাৰি মুছলমান এসোপাৰ চলনাৰ বলি হ’বলৈ কোনো মানুহ যাতে নাযায়, তাৰ বাবেই আমাৰ এই অহৰহ সজাগতা। কাৰণ অসম আমাৰ নিজৰ ঠাই। এই ঠাইখন ৰক্ষণাবেক্ষণৰ দায়িত্ব আমাৰ, প্ৰতি খিলঞ্জীয়াৰ৷ বাংলাদেশৰ মানুহৰ হাতত কোনো কাৰণতে আমাৰ অসম ধ্বংস হ’বলৈ আমি এৰি দিব নোৱাৰোঁ৷ কাৰণ এজন মানুহ যিমানেই আদৰৰ নহওক কিয়, তেওঁৰ মৃত্যুৰ লগে লগে সকলো শেষ নহয় হ’ব নোৱাৰে৷ এইয়াই প্ৰকৃতিৰ নিয়ম৷

জুবিনৰ আত্মাৰ সদগতি কামনা কৰিলোঁ৷ কিন্তু এটা জাতি জীয়াই থাকিব লাগিব৷ এখন ৰাজ্য সুস্থিৰ হৈ থাকিব লাগিব৷ মৰাজনৰ লগে লগে এটা জাতি শেষ হৈ যাব নোৱাৰে৷ এই কথাটো কোৱা মানে জুবিনক বেয়া পোৱা নুবুজায়। এই কথাখিনিৰ প্ৰকাশে তীব্ৰ দেশপ্ৰেমহে বুজায়৷

শিখা শৰ্মা
গুৱাহাটী
৩০/৯/২০২৫

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!