COMPETITION: ‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তিত প্ৰতিযোগিতা
‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তিত প্ৰতিযোগিতা
DD TIMED গুৱাহাটী, ৩০ ছেপ্টেম্বৰঃ শিশু-কিশোৰৰ তিনিমহীয়া আলোচনী ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এইবাৰ জ্যেষ্ঠ লেখক- লেখিকাৰ মাজত এখন স্বৰচিত শিশু-গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।গল্পসমূহ অহা ৮ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব।
দ্বিতীয়ৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। ছবিসমূহ ডাকযোগে ৮ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
পঞ্চমৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পদ্য লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। পদ্যৰ বিষয়বস্তু নিজা আৰু ৮ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ৰচনা প্ৰতিযোগিতা পতা হৈছে। ৰচনাৰ বিষয় – আমি কিতাপ – আলোচনী কিয় পঢ়িব লাগে। ৰচনাসমূহ ডাকযোগে ৮ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। এই বিষয়ে বিশদভাৱে জানিবলৈ ৮৪৭২৮৮০০৭৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।
সকলো লেখা আৰু ছবি সম্পাদক, ‘চোতালৰ পখিলা’, ডি কে গ্ৰাফিক্স, হাউচ নং-১, ভূৱন ভূঞা পথ,( চি পি ডব্লিউ ডি অফিচৰ বিপৰীতে), বামুণীমৈদাম, গুৱাহাটী – ৭৮১০২১ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। ই- মেইল- jugallochandas@gmail.com ।
অহা ২নবেম্বৰত গুৱাহাটী লতাশিলৰ বিষ্ণু- নিৰ্মলা পুথিভঁৰাল সভাগৃহত অনুষ্ঠিত হ’বলগীয়া ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব বুলি সম্পাদক যুগললোচন দাসে জানিবলৈ দিছে।