অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NAGAON SPORTS: জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠন

Spread the love

জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠনঃ চফিকুল হক সভাপতি আৰু ইন্টাজ আলি সাধাৰণ সম্পাদক নিৰ্বাচিত

DD TIMES নগাঁও,৩০ ছেপ্টেম্বৰঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া অন্যতম অগ্ৰণী ক্ৰীড়া সংগঠন জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ অলপতে অনুষ্ঠিত সাধাৰণ সভাত আগন্তুক কাৰ্যকালৰ বাবে বিশিষ্ট ক্ৰীড়া সংগঠক চফিকুল হকক সভাপতি, ইণ্টাজ আলিক সাধাৰণ সম্পাদক আৰু মিৰ্জা ফিৰোজ শ্বাহ আলমক কোষাধ্যক্ষৰূপেলৈ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হৈছ৷

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ঐতিহ্যমণ্ডিত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ দলংঘাট বৰমণিপুৰস্থিত কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হাছিমৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত সদ্যগঠিত নতুন সমিতিখনৰ আন বিষয়ববীয়াসকল হ’ল- ছুৱৎ আলি, আমজেদ আলি, আব্দুল বছিৰ, ফাইজউদ্দিন আহমেদ, জিয়াউৰ ৰহমান, ওৱাহিদুৰ ৰহমান উপ-সভাপতি, আদিল শ্বাহ আলম, ছাদিকুৰ ৰহমান যুটীয়া সম্পাদক, তৌফিকউদ্দিন আহমেদ খেলপথাৰ সম্পাদক, ছামছুদ্দিন আহমেদ, আফচা উদ্দিন আহমেদ সহকাৰী সম্পাদক, বুৰহান আলি ফুটবল শাখা সম্পাদক, উৎপল বৰদলৈ এথলেটিকছ সম্পাদক, মহিউদ্দিন আহমেদ ক্ৰিকেট সম্পাদক, নুৰ আলম ভলীবল সম্পাদক, খাইৰুল ইছলাম বেডমিণ্টন সম্পাদক, মিফটাহুৰ ৰহমান প্ৰচাৰ সম্পাদক, মোছলেহউদ্দিন আহমেদ ৰেফাৰী ব’ৰ্ডৰ আহ্বায়ক, জেহিদুৰ ৰহমান মুখপত্ৰ, চাজিদ আলি, নাৰায়ণ বৰদলৈ ভেৰ্টাণ খেলুৱৈ প্ৰতিনিধি, ফৰিদুৰ ৰহমান (ৰিবু), মাইনুজ জামান, আফটাবউদ্দিন আহমেদ, আজিজুৰ ৰহমান, আব্দুল হৰিছ, চৰিফউদ্দিন আহমেদ, আকবৰ আলি, ইক্ৰাম শ্বাহ আলম, ইমৰাণ আলি, ইমৰাণ হুছেইন (পুতলা), ৱাজিবুৰ ৰহমান আৰু ইমৰাণ হুছেইন কাৰ্যকৰী সদস্য৷ উল্লেখিত সমিতিখনত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক মুখ্য পৃষ্ঠপোষকৰূপে লোৱা হৈছে৷

ইপিনে, জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অহা ৫ অক্টোবৰৰ পৰা অকণ চন্দ্ৰ মহন্ত আৰু মৰহুম আলিম উদ্দিন সোঁৱৰণি ট্ৰফী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবৰ বাবে সম্প্ৰতি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি সন্থাটোৰ বিষয়ববীয়া ইণ্টাজ আলি, ফাইজউদ্দিন আহমেদ আৰু জেহিদুৰ ৰহমানে জানিবলৈ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!