ZUBEEN GARG: জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ
জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণঃ খাগৰিজান মহাবিদ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
DD TIMES
নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত শনিবাৰে অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত কেইবাটিও নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।

উল্লেখ্য, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত শিল্পীগৰাকীয়ে নাহৰ গছৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ লগতে নাহৰ ৰোপণৰ বাবে আহ্বান জনাইছিল। সেয়ে শিল্পীগৰাকীৰ আহ্বানলৈ শ্ৰদ্ধা জ্ঞাপন কৰি নাহৰৰ পুলি ৰোপণ কৰা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথৰ লগতে প্ৰকৃতিপ্ৰেমী গিৰীশ বৰুৱাই মহাবিদ্যালয়ৰ চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰে।

গছপুলি ৰোপণ থলীতে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে শিল্পীগৰাকীৰ জীৱন-শিল্পৰ অৱলোক কৰে।
অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে শিল্পী গৰাকীৰ গীত পৰিবেশনেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।