অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

INDIA: ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত জনাথনৰ সোণ, ৰশ্মিকাৰ ৰূপ

Spread the love

জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত ভাৰতৰ পদকৰ সংখ্যা সাতলৈ বৃদ্ধঃ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত জনাথনৰ সোণ, ৰশ্মিকাৰ ৰূপ

নতুন দিল্লী, ২৬ ছেপ্টেম্বৰঃ নতুন দিল্লীত চলি থকা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ আজি দ্বিতীয়দিনা ভাৰতৰ খেলুৱৈয়ে এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰি মুঠ সাতটা পদক জয়ৰে তালিকাৰ শীৰ্ষস্থানত আছে৷ আজি ভাৰতৰ শ্বুটাৰে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত পদক দুটা লাভ কৰিবলৈ সক্ষম হয়৷

ডাঃ কাৰ্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতৰ জনাথন গেভিন এণ্টনিয়ে কোৱালিফায়িং ৰাউণ্ডৰ পৰা ফাইনেললৈ আধিপত্য বিস্তাৰ কৰি অৱশেষত সোণৰ পদক জয়ৰে সফল যাত্ৰা সামৰে৷

জনাথনে ৫৮৬ পইণ্টৰে কোৱালিফায়িং ৰাউণ্ডত শীৰ্ষ হৈ যোগ্যতা অৰ্জন কৰাৰ পিছত আঠজন শ্বুটাৰে অংশ লোৱা ফাইনেলত ২৪৪.৭ স্ক’ৰ কৰি ভাৰতৰ হৈ দ্বিতীয়টো সোণ লাভ কৰে৷ ইটালীৰ লুকা আৰিঘীয়ে ৰূপ আৰু স্পেইনৰ লুকাছ ছানচেজে ব্ৰঞ্জৰ পদক লাভ কৰে৷

ইফালে, মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ভাৰতৰ ৰশ্মিকা সাহগালে [২৩৬.১ পইণ্ট] ৰূপৰ পদক লাভ কৰি ভাৰতক সপ্তমটো পদক দিয়ে৷

এই শাখাৰ সোণ আই অ’ চিৰ নিৰপেক্ষ খেলুৱৈ ইভেলিনা শ্বেইনাই [২৪০.৭] তথা ব্ৰঞ্জ ইৰাণৰ ফাতেমেহ শ্বেকাৰীয়ে লাভ কৰে৷ উল্লেখ্য যে ৰশ্মিকাই কোৱালিফায়িঙত ৫৭৩ পইণ্ট সংগ্ৰহ কৰি পঞ্চম স্থানত থাকি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল৷ ভাৰতে দুটা সোণ, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি দিনটো সমাপ্ত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!