অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: উৰিয়াগাঁৱত হ’ব জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ, এটি আৱক্ষ মূৰ্তি আৰু স্থাপন কৰিব জুবিন গাৰ্গ সংগীত বিদ্যালয়

Spread the love

উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত নিৰ্মাণ হ’ব জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ, এটি আৱক্ষ মূৰ্তি আৰু স্থাপন হ’ব জুবিন গাৰ্গ সংগীত বিদ্যালয়

DD TIMES নগাঁও, ২৬ ছেপ্টেম্বৰঃ বিশ্ববৰেণ্য কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক অকাল বিয়োগৰ বাতৰিয়ে চৌদিশে কোটি কোটি মানুহক শোকাচ্ছন্ন কৰি ৰখাৰ সময়তে শিল্পীগৰাকীৰ মৃত্যুৰ সঠিক কাৰণ ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাই আজি সন্ধিয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে উৰিয়াগাঁৱস্থ কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি অসমীয়াৰ হিয়াৰ আমঠু, জনতাৰ কণ্ঠ জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ কেইটামান সিদ্ধান্ত গ্ৰহণৰ বিষয়ে সদৰী কৰে।

Oplus_131072

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াৰ লগতে উক্ত সংবাদ মেলত পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা আৰু সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে কয় যে- উৰিয়াগাঁও চকৰ সমীপত এখন জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব, য’ত পেছাদাৰী শিল্পীয়েই হওক অথবা অপেছাদাৰী শিল্পীয়েই হওক সকলোৱে সংগীতৰ বিভিন্ন অনুষ্ঠান তথা চৰ্চা নিয়মীয়াকৈ কৰিব পাৰিব।

যি সময়ত বিভিন্ন সৰু-সুৰা অনুষ্ঠান-প্ৰতিষ্ঠানে অৰ্থৰ অভাৱত অনুষ্ঠান এটা আয়োজন কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’বলগা হয়, সেই অসুবিধা প্ৰস্তাৱিত এই মঞ্চখনে দূৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰস্তাৱিত মঞ্চখনত নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘গান্ধাৰ’ৰ সহযোগত এখন ‘জুবিন গাৰ্গ সংগীত বিদ্যালয়’ মুকলি কৰা হ’ব বুলি জানিবলৈ দিছে, য’ত গুৰুজনাৰ অমৰ সৃষ্টি খোল-তাল-নাগাৰাৰ পৰা জুবিন গাৰ্গৰ সংগীত শৈলীলৈকে চৰ্চা হ’ব।

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একালৰ প্ৰাক্তন সতীৰ্থ তথা সংগঠনটোৰ লগত জুবিন গাৰ্গৰ গাঢ় সম্পৰ্কৰ কথা শিল্পীগৰাকীয়ে নিজেই মঞ্চত কোৱা কথাখিনি সম্পৰ্কে সুঁৱৰি শিল্পীগৰাকীৰ স্মৃতিত মঞ্চৰ সমীপতে এটি আবক্ষ মূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি সংবাদমেলত অৱগত কৰে।

শিল্পীগৰাকীৰ স্মৃতি যাউতিযুগীয়া কৰিবলৈ লোৱা বৰ্ষজোৰা আটাইকেইটা পদক্ষেপ কাৰ্যত: ৰূপায়ণৰ উদ্দেশ্যে ৰাইজৰ দিহা- পৰামৰ্শ তথা সহায়- সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!