ZUBEEN GARG: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আছুৰ মমশিখা সমদল
শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় আৰু তদন্তৰ দাবীত বঙাইগাঁৱত অৱস্থান ধৰ্মঘট
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আছুৰ মমশিখা সমদল
DD TIMES বঙাইগাঁও, ২৬ ছেপ্টেম্বৰঃ অসমবাসীৰ অতি মৰমৰ তথা প্ৰাণৰ শিল্পী ,অসমৰ সূৰ্যকণ্ঠ ড৹ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আৰু উচিত তদন্তৰ দাবীত শুকুৰবাৰে বঙাইগাঁৱত এক অবস্থান কাৰ্যসূচী পালন কৰা হয় ৷ বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগত তথা বঙাইগাঁও জিলা সাংস্কৃতিক মহাসভা , সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা , বঙাইগাঁও জিলা অসম উন্নতি সভা , জিলা লেখিকা সমাৰোহ সমিতি, সদৌ কোচ-ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনী , বঙাইগাঁও শতদল শাখা সাহিত্য সভা , বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদ আৰু ল’ৱাৰ আছাম চাউণ্ড এচ’ছিয়েছনৰ সহযোগত সন্ধিয়াৰ ভাগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত ৰূপায়ণ কৰা এই অৱস্থান কাৰ্যসূচীৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি নন্দলাল বৰ্মনে ৷ ইয়াৰ পিছতে সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ সম্পাদক মাণিক সূত্ৰধৰ , বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সাধাৰণ সম্পাদক আদিত্য নাথ, বঙাইগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভানেত্ৰী বনলতা দাস, বঙাইগাঁও শতদল সাহিত্য সভাৰ সভাপতি ধীৰেশ ৰায় , জিলা অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক সুকুমাৰ শৰ্মা আদিকে ধৰি সংগঠনসমূহৰ বিষয়ববীয়াৰ লগতে উপস্থিত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷

অনুষ্ঠানত বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি নন্দলাল বৰ্মনে উপস্থিত সকলোকে উদ্দেশ্যি বক্তব্য ৰাখে ৷ লগতে সংবাদ মাধ্যমৰ আগত কয় যে অসমবাসীৰ প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুক কোনেও মানি ল’ব পৰা নাই ৷ তেওঁৰ মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি ৷ এজন ব্যক্তিয়ে এশ বছৰত কৰিব নোৱাৰা কাম ৫২ বছৰত কৰিলে ৷ ৪০ টা ভাষাত ৩৮ হাজাৰ গান গাই ভাৰতৰ দ্বিতীয় গৰাকী সংগীত শিল্পীৰ স্থান লাভ কৰিলে ৷

কিন্তু তেওঁৰ মৃত্যুকলৈ যি সন্দেহৰ সৃষ্টি হৈছে আৰু বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সেয়ে আমি সূৰ্যকণ্ঠ ড৹ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আৰু উচিত তদন্তৰ দাবী কৰিছো ৷ লগতে তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে যাতে উপযুক্ত দোষীয়ে শাস্তি লাভ কৰে আৰু অসমবাসী সন্তুষ্ট হয় তাৰ বাবে চৰকাৰক দাবী জনায় ৷
উল্লেখ্য যে জিলা শিল্পী সমাজৰ তৰফৰ পৰা চৰকাৰে ঘটনাৰ উচিত তদন্তৰ জৰিয়তো দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ জৰিয়তে মহান শিল্পী গৰাকীৰ লগতে অসমবাসীক ন্যায় প্ৰদানৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিব বুলি জানিব দিয়ে ৷

কাৰ্যসূচীত জিলা আছুৰ সভাপতি যিনোদ নাথেও বক্তব্য ৰাখে আৰু শিল্পী গৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰি ন্যায় প্ৰদানৰ দাবী জনায় ৷ ইপিনে কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷
কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে বিজেপি চৰকাৰ তথা প্ৰশাসনে আজিলৈকে দোষী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কিয় ? চোৰাংচোৱা নিয়োগ কৰি এই দুইজনকে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে শিল্পী গৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে থানাই থানাই দাখিল কৰা ৫২ খন এজাহাৰকাৰীকহে ওলোটাই চি আই ডিয়ে আহি সোধাপোছা কৰি আছে ৷
এয়া কেনেকুৱা ধৰণৰ কথা ৷ সেয়ে চৰকীৰক অতি সোনকালে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ লগতে দোষীক মৃত্যুদণ্ড দিলেহে শিল্পী গৰাকীৰ আত্মাই শান্তি লাভ কৰিব বুলিও কয় ৷
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি আছুৰ মমশিখা সমদল
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি শুকুৰবাৰে সন্ধিয়া বঙাইগাঁও চহৰত আছুৰ আহ্বানত এক মমশিখা সমদল কাৰ্যসূচী ৰূপায়িত হয় ৷ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ জিলা কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা চহৰখনত উলিওৱা এই মমশিখা সমদলত বিভিন্ন ভাষা- ভাষী, দল – সংগঠনৰ লগতে ভিন্নস্তৰৰ লোকে অংশ গ্ৰহণ কৰে ৷
সমদলত অংশ গ্ৰহণ কৰা লোকসকলে হাতে হাতে মমশিখা লৈ উই ৱান জাষ্টিচ, জয় জুবিন দা, অপৰাধীক গ্ৰেপ্তাৰ কৰক, অসম চৰকাৰ হায় হায়, জুবিন দাক ন্যায় দিয়ক, আমাক ন্যায় লাগিবই, জুবিন দাৰ মৃত্যুৰ বিচাৰ লাগিবই, অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি চহৰখন পৰিভ্ৰমণ কৰে ৷
ইপিনে কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জিলা আছুৰ সভাপতি যিনোদ নাথে সংবাদ মাধ্যমৰ আগত কয় যে শিল্পী জুবিন গাৰ্গৰ লগত যি ঘটনা ঘটি গ’ল তাৰ লগত জড়িত অপৰাধীক আজিলৈকে অসম চৰকাৰে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই ? এছ আই টি গঠনৰ নামত সেইসকলক সময় দিয়া হ’ল ৷ যাৰ বাবে দোষীয়ে বহু তথ্য প্ৰমাণ নোহোৱা কৰাৰ বাবে সুযোগ পালে ৷
গতিকে অসম চৰকাৰে অতিশীঘ্ৰে সেই দোষীসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷ লগতে শিল্পী গৰাকীয়ে কষ্টৰে উপাৰ্জিত ধন যিসকলে অন্যায়ভাৱে হস্তগত কৰিলে সেই সকলৰ বিৰুদ্ধেও তদন্ত কৰি শাস্তিৰ দাবী তোলে ৷ শিল্পী জুবিন গাৰ্গৰ প্ৰতি যিসকলে অন্যায় কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিলে সি শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক সেইসকলোক উচিত শাস্তি দিব লাগে ৷
জুবিনদাক লুটি পুটি খোৱাসকলে শাস্তি পাব লাগিব, জুবিনদাই ন্যায় পাব লাগিব ৷ ন্যায় নোপোৱালৈকে আমি কেতিয়াও ক্ষান্ত নহও ৷ উল্লেখ্য যে মমশিখা সমদল কাৰ্যসূচীত জিলা আছুৰ সাধাৰণ সম্পাদক কংকন বায়ন, আছুৰ কেন্দ্ৰেয় কাৰ্যনিৰ্বাহক নিলোৎপল চক্ৰৱৰ্তী, জিলা অসম উন্নতি সভাৰ সভাপতি অজিত দাস, সাধাৰণ সম্পাদক সুকুমাৰ শৰ্মা, জিলা আছুৰ বিষয়ববীয়া, আঞ্চলিক আছুৰ বিষয়ববীয়াসকলেও অংশ গ্ৰহণ কৰে ৷