Indian Astronauts Study: ভাৰতৰ মহাকাশ অন্বেষণ
ভাৰতৰ মহাকাশ অন্বেষণ
লিখিছে ড° এছ সোমনাথে (অধ্যক্ষ, ইছৰো)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত ভাৰতৰ মহাকাশ যাত্ৰাৰ লক্ষ্যণীয় বিকাশ ঘটিছে। এতিয়া ভাৰতৰ মহাকাশ অভিযান সাধাৰণ অভিযানৰ বাহিৰলৈ গৈছে — ই এক ৰাষ্ট্ৰীয় স্পন্দন আৰু দৈনন্দিন প্ৰেৰণালৈ পৰিণত হৈছে। ২০২৫ চনৰ আগষ্ট মাহত যেতিয়া গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ত্ৰিৰংগা প্ৰদৰ্শন কৰিছিল আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছিল, তেতিয়া প্ৰতিজন ভাৰতীয়ৰ বাবে সেয়া আছিল গৌৰৱৰ মুহূৰ্ত।

প্ৰধানমন্ত্ৰীয়ে ইয়াক “অমৃত কালৰ সংজ্ঞায়িত অধ্যায়” বুলি অভিহিত কৰিছিল আৰু বহুতৰে বাবে সেই মুহূৰ্তটো যেন ভাৰতৰ আৰোহণ তেওঁলোকৰ নিজৰ হৃদস্পন্দনৰ অংশ। ই কেৱল বিজ্ঞান নাছিল – দৃষ্টি আৰু উদ্দেশ্যপ্ৰণোদিত কাৰ্যসূচীৰ জৰিয়তে পৰিচয়ক পুনৰ গঢ় দিয়াৰ প্ৰক্ৰিয়া আছিল।
সেই একেই মনোভাৱেই ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৩ আগষ্টত প্ৰতিধ্বনিত হৈছিল, যেতিয়া চন্দ্ৰযান-৩য়ে ভাৰতক চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথম খন দেশ হিচাবে পৰিগণিত কৰিছিল। শিৱ শক্তি পইণ্টৰ উল্লেখেৰে মোদীয়ে ঘোষণা কৰিছিল ‘ভাৰত এতিয়া চন্দ্ৰত। প্ৰধানমন্ত্ৰীৰ সেই শব্দবোৰে দেশৰ শ্ৰেণীকোঠা, গাঁও আৰু প্ৰতিঘৰ মানুহৰ বহা কোঠাত আলোড়ণ তুলিছিল। ভাৰতৰ চন্দ্ৰ অভিযান কাৰ্যসূচী সঁচাকৈয়ে দিক নিৰ্দেশক হিচাবে পৰিগণিত হৈছে: চন্দ্ৰযান-১ (২০০৮)-এ চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ উপস্থিতি নিশ্চিত কৰিছে; চন্দ্ৰযান-২ (২০১৯)-এ নিখুঁততাৰে চন্দ্ৰৰ মানচিত্ৰ প্ৰস্তুত কৰি চন্দ্ৰযান-৩ (২০২৩)ৰ বাবে ভেটি প্ৰস্তুত কৰিছিল, যিয়ে দক্ষিণ মেৰুৰ ওচৰত বিশ্বৰ প্ৰথমটো অৱতৰণৰ অভিলেখ গঢ়াত ভাৰতক সহায় কৰিছিল। বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে পূৰ্ণিমাৰ দিনটোত চন্দ্ৰপৃষ্ঠ অন্বেষণ কৰাৰ লগে লগে শিশুসকলে বহীত চন্দ্ৰৰ দৃশ্য অংকন কৰিবলৈ আৰম্ভ কৰিছিল। কেৱল সেয়াই নহয়, গৱেষকসকলে নিজকে শুদ্ধ বুলি অনুভৱ কৰিছিল আৰু দেশৰ নাগৰিকসকলে অনুভৱ কৰিছিল যে মহাকাশত ভাৰতৰ কাহিনী তেওঁলোকৰ নিজৰেই ভৱিষ্যতৰ কাহিনী৷
সম্প্ৰতি মহাকাশৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষ বিশ্বব্যাপী এক বিশ্বাসযোগ্য অংশীদাৰ হৈ পৰিছে। ভাৰতীয় ৰকেটৰ জড়িয়তে ৪০০ৰো অধিক বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। ২০১৪ চনত ভাৰতে মংগল গ্ৰহৰ কক্ষপথত উপনীত হোৱা প্ৰথমখন এছিয়ান ৰাষ্ট্ৰ আৰু বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে, সেয়াও ভাৰতে চলোৱা প্ৰথম প্ৰচেষ্টাতে লাভ কৰা সাফল্য। মঙল গ্ৰহণৰ কক্ষপথ অভিযান মঙলযানৰ জড়িয়তে ভাৰতে এই সাফল্য লাভ কৰে। । বহু-প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে নিৰ্মিত আদিত্য-এল১ মিছনে (২০২৩) সূৰ্য্যৰ ক’ৰ’না আৰু মহাকাশৰ পৰিবেশত ইয়াৰ প্ৰভাৱৰ বিষয়ে অভূতপূৰ্ব অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। এক্সপ’ছেটে (২০২৪) কৃষ্ণগহ্বৰকলৈ অধ্যয়ন চলাই আছে, আনহাতে স্পেডএক্সে (২০২৪) ভৱিষ্যতৰ মহাকাশ কেন্দ্ৰ আৰু চন্দ্ৰ অভিযানৰ বাবে কক্ষপথৰ ভিতৰত ডকিং প্ৰক্ৰিয়াক প্ৰদৰ্শন কৰিছে।
অমৃত কালৰ বাবে নতুন মহাকাশ দৃষ্টিভংগী
মহাকাশ অভিযানত লাভ কৰা এনে সাফল্যসমূহ একো একোটা মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে আৰু ২০১৪ চনৰ পৰা মোদীয়ে এই বিষয়ত কৰি অহা পৰিকল্পনাৰে বাস্তৱ ৰূপ হিচাবে পৰিগণিত হৈছে। এই পৰিকল্পনাৰ লক্ষ্য হৈছে নীতি, সংস্কৃতি, আৰু আকাংক্ষাক পুনৰ নতুন ৰূপত গঢ় দিয়া। তেওঁৰ সাহসী পৰিকল্পনাসমূহৰ ভিতৰত আছে : মানৱ মহাকাশ উৰণৰ বাবে গগণযান কাৰ্যসূচী, চন্দ্ৰৰ বিষয়ে গভীৰ অন্বেষণৰ অৰ্থে চন্দ্ৰযান-৪ আৰু ৫, এটা নিবেদিত শুক্ৰ অভিযান, ২০৩৫ চনৰ ভিতৰত ভাৰতীয় অন্তৰীক্ষ ষ্টেচন (BAS) আৰু ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীৰ চন্দ্ৰত অৱতৰণ।এইবোৰ দূৰৈৰ সপোন নহয় , বৰঞ্চ জাতীয় লক্ষ্য, অমৃত কালৰ আত্মাৰ সৈতে মিল থকা একো একোটা পৰিকল্পনা৷
মহাকাশত ভৱিষ্যতৰ অভিযানৰ বাবে ৪০–৫০ জনীয়া প্ৰশিক্ষিত মহাকাশচাৰীৰ দল গঠনৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। ২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত তেওঁ যুৱ প্ৰজন্মক ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীত অংশগ্ৰহণকাৰী হিচাপে নিজকে উপলব্ধি কৰিবলৈ আহ্বান জনাইছে। ২০,০০০ কোটি টকাৰো অধিক ধনৰ অনুমোদিত ব্যয়ৰে গগণযানৰ প্ৰক্ৰিয়া ক্ৰমাগতভাৱে আগবাঢ়িছে। ভাৰতীয় বায়ুসেনাৰ চাৰিগৰাকী টেষ্ট পাইলটে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু তেওঁলোকেই ক্ৰুবিহীন আৰু ক্ৰু থকা ভাৰতৰ প্ৰথমটো থলুৱা মানৱ মহাকাশ অভিযানৰ নেতৃত্ব দিব, যিটো ২০২৭ চনৰ সম্ভৱ কৰি তোলাৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে।
অন্বেষণ আৰু পুঁজি
মহাকাশ প্ৰযুক্তি আজি প্ৰশাসন আৰু দৈনন্দিন জীৱন তন্ত্ৰৰ সৈতে সংপৃক্ত হৈ পৰিছে। উপগ্ৰহই দুৰ্যোগৰ সতৰ্কবাণী প্ৰদান কৰে, মাছমৰীয়াসকলক পথ প্ৰদৰ্শন কৰে, শস্যৰ উৎপাদন আৰু বীমাৰ দাবীৰ মূল্যায়ন কৰে, ৰে’লপথৰ সুৰক্ষা বৃদ্ধি কৰে আৰু পি এম গতি শক্তি কাৰ্যসূচীৰ ভূ-স্থানীয় মেৰুদণ্ডক শক্তি প্ৰদান কৰে। মোদীয়ে দৃঢ়তাৰে কৈছে যে মহাকাশ এতিয়া দূৰৈৰ বিলাসীতা নহয়, বৰঞ্চ ই গণতান্ত্ৰিক উপযোগিতা—যি প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ হৈ পৰিছে।
একে সময়তে মহাকাশ অন্বেষণে এছটিইএম (STEM )শিক্ষা, উন্নত গৱেষণা, আৰু কৰ্মশক্তিৰ বিকাশত ইন্ধন যোগাইছে। মহাকাশ পৰিচালনাৰ ক্ষেত্ৰত স্বায়ত্তশাসন, ৰবটিক্স, মহাকাশৰ ভিতৰতে কৰিব পৰা উৎপাদন, চোৱাচিতা আৰু আন্তঃগ্ৰহ ভ্ৰমণৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে সাজু প্ৰযুক্তি বিকশিত কৰা হৈছে। ফলত ভাৰতে এই কৌশলগত সীমাত স্থিতি গ্ৰহণ কৰি নেতৃত্ব বজাই ৰখাটো নিশ্চিত কৰিছে।
ভাৰতৰ মহাকাশ খণ্ডৰ ৰূপান্তৰৰ কাহিনী অভিলাষী। মোদীয়ে ব্যক্তিগত খণ্ডৰ বাবেও খেলপথাৰ মুকলি কৰি দিছে। উপগ্ৰহ, উৎক্ষেপণ কৰা বাহনকে ধৰি এই সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণৰে ৩৫০ টাতকৈও অধিক ষ্টাৰ্টআপৰ বাবে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে । মহাকাশ বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে—২০১৩-১৪ চনত ৫,৬১৫ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ১৩,৪১৬ কোটি টকালৈ বৃদ্ধি পাইছে, ব্যৱহাৰকাৰীৰ পুঁজিত প্ৰায় ৫,০০০ কোটি টকা বৃদ্ধি পাইছে। বৰ্তমান ৮ বিলিয়ন ডলাৰ মূল্যৰ ভাৰতৰ মহাকাশ অৰ্থনীতি অনাগত বছৰবোৰত ৪৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে, যাৰ ফলত এই খণ্ডৰ চৌপাশে চাকৰি, উদ্যোগ আৰু উদ্ভাৱনৰ সম্ভাৱনাও বৃদ্ধি পাব৷
পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লক্ষ্য
প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে যে অহা পাঁচ বছৰৰ ভিতৰত পাঁচটা মহাকাশ ইউনিকৰ্ণ যোগান ধৰিব লাগে আৰু বছৰি প্ৰায় দহগুণলৈ বৃদ্ধি কৰি পঞ্চাশটাকৈ বাৰ্ষিক উৎক্ষেপণ বৃদ্ধি কৰিব লাগে। ইয়াক তেওঁ প্ৰত্যাহ্বান হিচাবে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ব্যক্তিগত অংশগ্ৰহণেৰে ভাৰতে অৰ্ধ-ক্ৰাইজেনিক, বৈদ্যুতিক প্ৰপালচন, কোৱাণ্টাম যোগাযোগ, আৰু কক্ষপথৰ ভিতৰত চাৰ্ভিচিঙৰ সৈতে জড়িত প্ৰযুক্তিৰ উন্নতি সাধন কৰি আছে।
এই দৃষ্টিভংগীৰ মূলতে আছে যুৱক-যুৱতীৰ শক্তি । এইবাৰ ভাৰতত আয়োজিত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ৬০খনতকৈও অধিক দেশৰ পৰা প্ৰায় ৩০০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে, য’ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে পদক লাভ কৰিছে। ইছৰো ৰবটিক্স চেলেঞ্জ আৰু ইণ্ডিয়ান স্পেচ হেকাথনৰ দৰে পদক্ষেপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক ৰভাৰ, চেটেলাইট আৰু ৰকেটৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ আনিছে। ইয়াৰ ফলত ভৱিষ্যতৰ লেব আৰু লঞ্চপেডসমূহ দাবী কৰিবলৈ তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে।
নীতিগত পৰ্যায়ত, ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ ঠিক আগতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মিট ২.০-এ ৩০০ ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়াৰ মাজেৰে ৫,০০০+ পৃষ্ঠাৰ নথিপত্ৰ সৃষ্টি কৰে। এই ১৫ বছৰীয়া পৰিকল্পনাই প্ৰতিটো মিছনক বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংপৃক্ত কৰিছে।
গোলকীয় নেতৃত্ব
মোদীয়ে মহাকাশত ধাৰাবাহিকভাৱে গোলকীয় বিষয় হিচাপে প্ৰক্ষেপ কৰি আহিছে, য’ত ভাৰতৰ নেতৃত্বই এনে অগ্ৰগতিক নতুন ৰূপ দিছে। দক্ষিণ এছিয়া উপগ্ৰহই চুবুৰীয়া দেশসমূহৰ যোগাযোগৰ ক্ষমতা বৃদ্ধি কৰিছে। আনহাতে জি-২০ত ভাৰতে সকলো ৰাষ্ট্ৰৰ সৈতে ভাগ-বতৰা কৰা তথ্যৰ সৈতে জলবায়ু তথা পৰিৱেশ নিৰীক্ষণৰ বাবে “জি-২০ উপগ্ৰহ” ৰ কথা ঘোষণা কৰিছে।
নাছাৰ সৈতে নিছাৰ, চিএনইএছৰ সৈতে TRISHNA, জে এএক্স এৰ সৈতে লুপেক্স, আৰু ইএছএৰ প্ৰ’বা-৩ত ভাৰতৰ অংশগ্ৰহণে ভাৰতক মহাকাশ গৱেষণাৰ ক্ষেত্ৰ খনত বিশ্বব্যাপী অংশীদাৰ হিচাপে পৰিগণিত কৰিছে। এনে পৰিকল্পনাসমূহ ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ নীতিৰে পৰিচালিত হৈছে।
সাধাৰণ মানৱকেন্দ্ৰিক মহাকাশ যাত্ৰা
মোদীৰ অধীনত ভাৰতৰ মহাকাশ যাত্ৰা কেৱল ৰকেট আৰু উপগ্ৰহতকৈও অধিক এক বিষয় হৈ পৰিছে : ই দেশক জুকিয়াই চোৱাৰ নতুন উপায় আৱিষ্কাৰ কৰিছে। আই এছ এছত থকা শুভাংশু শুক্লাৰ সাফল্য , চন্দ্ৰযান-৩ৰ অৱতৰণ, সৰু চহৰৰ পৰাই ৩৫০ টা ষ্টাৰ্টআপে মহাকাশ ব্যৱস্থাৰ আৰ্হি প্ৰস্তুত কৰা, অলিম্পিয়াডত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা যুৱ ছাত্ৰ-ছাত্ৰীৰ সাফল্য , ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাগৰিকৰ সেৱাত নীৰৱে সেৱা আগবঢ়োৱা উপগ্ৰহ আদি সকলো একে কাহিনীৰ অংশ হৈ পৰিছে।
এই অমৃত কালত ভাৰতে কেৱল মহাকাশ যুগতে অংশগ্ৰহণ কৰা নাই—ই ইয়াক গঢ়ো দিছে। উচ্চাকাংক্ষা, আত্মবিশ্বাস আৰু নিৰ্দিষ্ট উদ্দেশ্যেৰে ভাৰতে তৰাবোৰৰ ফালে চাই ভাবিছে- এই দিগন্ত আমাৰো।
(ড° এছ সোমনাথ মহাকাশ বিভাগৰ প্ৰাক্তন সচিব আৰু ইছৰোৰ অধ্যক্ষ )