4G: আজি অসমত মুকলি কৰা হ’ব প্ৰধানমন্ত্ৰীৰ স্বদেশী ৪জি
আজি অসমত মুকলি কৰা হ’ব প্ৰধানমন্ত্ৰীৰ স্বদেশী ৪জি
অনুষ্ঠানত যোগদান কৰিব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াই
DD TIMES গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজোৰা স্বদেশী ৪জি ষ্টেক আৰু চেচুৰেচন চাইটৰ উদ্বোধনী অনুষ্ঠানৰ বিষয়ে সবিশেষ উল্লেখ কৰিবলৈ আজি বিএছএনএল, অসম টেলিকম চক্ৰৰ গুৱাহাটী কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰা হয়।

সংবাদমেলত অসম টেলিকম চক্ৰৰ বি এছ এন এলৰ মুখ্য মহাপ্ৰবন্ধক অশোক কুমাৰ ঝাই এই পদক্ষেপৰ তাৎপৰ্যৰ বিষয়ত বাখ্যা কৰে। তেওঁ লগতে শনিবাৰে উন্মোচনী অনুষ্ঠানৰ বাবে চলি থকা প্ৰস্তুতিৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে।
তেওঁ কয় যে প্ৰকল্পটোৱে এক বিশ্বব্যাপী প্ৰযুক্তিগত অগ্ৰগতিক প্ৰতিনিধিত্ব কৰিব , যিয়ে ডিজিটেল বিভাজনক সেতুবন্ধন কৰিব আৰু গ্ৰাম্য তথা দূৰৱৰ্তী এলেকাত বাস কৰাসকলকো উন্নত টেলিকম আন্তঃগাঁথনিৰ সুবিধাৰে সৱলীকৰণ কৰিব।
অসমকে ধৰি দেশৰ আঠটা স্থানত একেলগে দেশজোৰা উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হব আৰু এই অনুষ্ঠানত ড’নাৰ আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।এই পদক্ষেপে ভাৰতক বিশ্বজুৰি মাত্ৰ পাঁচখন দেশৰ একচেটিয়া গোটত স্থান দিব, যিয়ে এটা সম্পূৰ্ণ মোবাইল নেটৱৰ্ক ষ্টেক নিৰ্মাণ তথা তাক কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে।
বছৰ বছৰ ধৰি মুখামুখি হৈ অহা প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ থলুৱা টেলিকম বিপ্লৱক আগুৱাই নিয়া বিএছএনএলৰ ২৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ সৈতে সংগতি ৰাখি এই শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হব। ইয়াৰ বাবে দেশজুৰি মুঠ ৯২,৬৩৩টা স্থান মুকলি কৰা হৈছে, যিয়ে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা ২০ লাখ গ্ৰাহককে ধৰি ২ কোটি ২০ লাখ গ্ৰাহকক দ্ৰুতবেগী ৪জি সংযোগ প্ৰদান কৰিছে।
ডিজিটেল ভাৰত নিধি (ডিবিএন) ৪জি প্ৰকল্পৰ অধীনত বিএছএনএলে ১৪,১৮০টা আৰু ব্যক্তিগত অপাৰেটৰে (আৰজিআইঅ’ আৰু এয়াৰটেল) ৪,৭২৩টা চাইটত এই বিষয়ত কাম কৰি আছে। ফলত সমগ্ৰ ভাৰতৰ ২৬,৭০৭খন দুৰ্গম গাঁৱক টেলিকম সেৱাৰ আৱৰণে সামৰি লৈছে ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, ইয়াৰে ১৮,৯০৩ টা টাৱাৰে ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তিচালিত সেউজ টেলিকম নেটৱৰ্ক গঠন কৰিছে।
স্বদেশী ৪জি মুকলিয়ে ভাৰতৰ টেলিকম যাত্ৰাৰ এক নতুন অধ্যায় মুকলি কৰিব, যিয়ে উচ্চ প্ৰযুক্তি, উদ্ভাৱন আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান শক্তিক প্ৰতিফলিত কৰিছে।