অসমআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাশিৰোনাম

দৰ্পণ ডান্স একাডেমীৰ উদ্যোগত  ওড়িচী নৃত্যৰ অনুষ্ঠান ‘নৃত্য নিৰ্জৰা’

Spread the love

গুৱাহাটী, ৩০ আগষ্টঃ ওড়িচী নৃত্যৰ পৰিৱেশনেৰে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত নৃত্য অনুষ্ঠান ‘নিৰ্জৰা’ অনুষ্ঠিত হয়৷ অসমৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা অসমৰ এগৰাকী ওড়িচী (Odissi) নৃত্যশিল্পী, নৃত্যপৰিচালক গুৰু ড° অঞ্জনাময়ী শইকীয়াই ২০১২ চনত গুৱাহাটীত প্ৰতিষ্ঠা কৰা দৰ্পণ নৃত্য অকাডেমীয়ে ২৯ আগষ্টত গুৱাহাটীৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘নৃত্য নিৰ্জৰা’ শীৰ্ষক ওড়িচী নৃত্যৰ  এটি অনুষ্ঠানৰ আয়োজন কৰে৷

সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ পৰিকল্পনা আৰু পৰিচালনা আছিল দৰ্পণ নৃত্য অকাডেমীৰ অধ্যক্ষ ড° অঞ্জনাময়ী শইকীয়াৰ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পদ্মভূষণ, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, অকাডেমী ৰত্ন গুৰু নৃত্যাচাৰ্য  যতীন গোস্বামী, জ্যেষ্ঠ কলা সমালোচক শ্যামহৰি চক্ৰ (নতুন দিল্লী), অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব মাধুৰীমা বৰুৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা° অচ্যুত চন্দ্ৰ বৈশ্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সামাজিক ৰোগ প্ৰতিৰোধ বিভাগৰ মুৰব্বী অধ্যাপক ডা° যুতিকা ওজা আৰু  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস উপস্থিত থাকে৷

ড° অঞ্জনাময়ী শইকীয়া, ৰূপচন্দা শৰ্মা, বিদিশা কলিতা, নীলম দাস, অংকিতা চেতিয়া, শৈৱী শিৱ, ৰিম্পী নাথ, অনুধৃতি বৰঠাকুৰ, নিত্যাঞ্জলী থাংজাম, আদ্ৰিকা হাজৰিকা আদি কেইবাগৰাকীও নৃত্য শিল্পীয়ে মঙ্গলাচৰণম্‌, সূৰ্য স্তুতি, বাটু, দুৰ্গা স্তুতি, শাংকৰাভৰনম পল্লৱী, দশাৱতাৰ, মোক্ষ আদি নৃত্য পৰিৱেশন কৰা ওড়িচী নৃত্যৰ নৃত্যানুষ্ঠান ‘নৃত্য নিৰ্জৰা’ নৃত্যানুৰাগী দৰ্শক ৰাইজৰ উপস্থিতিত সফলতাৰে সম্পন্ন হৈ যায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!