NAGAON: ননৈ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস পালন
ননৈ মহাবিদ্যালয়ত ৫৭ সংখ্যক ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস পালন
DD TIMES নগাঁও, ২৫ ছেপ্টেম্বৰঃ যুৱশক্তিৰ মাজত সমাজসেৱাৰ মনোভাব বৃদ্ধি, সামাজিক দায়িত্ববোধৰ প্ৰতি সজাগ আৰু শৈক্ষিক পৰিকাঠামোৰ মাজেৰে জনসাধাৰণৰ সেৱাত তেওঁলোকক নিয়োজিত কৰি যুৱনেতৃত্ব, সামাজিক সম্পৰ্ক আৰু সেৱামূলক কাৰ্যকলাপেৰে দেশসেৱাত আত্মনিয়োগ কৰাই ব্যক্তিত্বৰ সাৰ্বিক বিকাশ ঘটোৱাৰ লক্ষ্য আৰু উদ্দেশ্যে প্ৰতিষ্ঠা লাভ কৰা ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ননৈ মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

ননৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আয়োজিত দিৱসটিৰ লগত সংগতি ৰাখি ২৪ ছেপ্টেম্বৰৰ পুৱা ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাই ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পতাকা উত্তোলন কৰে।
সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা মেৰীৰাণী দেৱী আৰু জ্যোতিশিখা শৰ্মাই।

মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱকসকলে নাহৰ পুলি ৰোপণ কৰি সংগীত জগতৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা দিৱসটিত ভাৰত চৰকাৰৰ ‘Mybharat’ পৰ্টেলত নাম পঞ্জীয়ন আৰু কৰ্ম-অভিজ্ঞতা সম্পৰ্কত আৰু ভিবিৱাইএলডি ২০২৬ৰ অভিমুখীতা আৰু গণ অংশগ্ৰহণ সম্পৰ্কত বক্তব্য প্ৰদান কৰি ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অনুষ্ঠান বিষয়া তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ বসন্ত বৰাই কয় যে ‘মেৰা যুৱ ভাৰত’ নামৰ এটি স্বায়ত্বশাসিত সংস্থাৰ দ্বাৰা পৰিচালিত Mybharat পৰ্টেলটি ১৯ বছৰৰ পৰা ২৯ বছৰৰ তৰুণ-তৰুণীসকলৰ বাবে চৰকাৰী পৰিসেৱা লাভ, বিভিন্ন সুযোগ-সুবিধা আৰু স্বেচ্ছাসেৱী কাৰ্যপ্ৰকৰণৰ বাবে তৈয়াৰ কৰা এটি ডিজিটেল প্লেটফৰ্ম।

.ইয়াৰ যোগেদি যুৱ প্ৰতিভা বিকাশ, উদ্যোগী কাৰ্যপ্ৰণালী সম্পৰ্কে জ্ঞান লাভ, সমাজ তথা দেশসেৱা, সাংস্কৃতিক বিনিময়, নেতৃত্বমূলক দক্ষতা আদি বিকাশৰ সুবিধা লাভ কৰিব পাৰি।
সেয়ে ননৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ স্বেচ্ছাসেৱকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো Mybharat পৰ্টেলত নাম পঞ্জীয়ন কৰি স্ব-দক্ষতা বৃদ্ধিৰ বাবে আহ্বান জনায়।
মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে বনজ্যোতি গায়ন, বিভা দেৱনাথ, জিতু কুমাৰ বৰা, তৰালী দেৱী; দিব্যমণি নাথ প্ৰমুখ্যে কৰ্মচাৰীসকল, বেদান্ত গগৈ, ইজাজ আলী, অবিনাশ বৰা, চিন্ময় বৰা, জুপিমণি বৰা, ইলিমা বেগম, পম্পী সিং ৰাজপুত, জিমলি শইকীয়া, ৰাজশ্ৰী দেৱী, অংকুমণি, নয়নজ্যোতি বৰা, মেহবুব আলম, শ্বেখ ফাৰিদ, ইৰফান হাবিব, ডিম্পী ডেকা, ময়ূৰী দাস, নাছৰিণ আহমেদ, মাইনু বেগম প্ৰমুখ্য স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ লগত সংগতি ৰাখি পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক লখিমী শইকীয়াক ২০২৪-২৫ বৰ্ষৰ ‘সৰ্বশ্রেষ্ঠ স্বেচ্ছাসেৱক’ বঁটা প্ৰদান কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মা, অধ্যাপক-অধ্যাপিকা ক্ৰমে দেৱযানী বৰা, কল্যাণ নাথ, জ্যোতিশিখা শৰ্মা, ভণিতা শইকীয়া আৰু ড° সুকন্যা বৰাই।
উল্লেখযোগ্য যে এই অনুষ্ঠানতে ননৈ মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিশেষ শিৱিৰটি পালিত গাঁও ‘কন্দলী নাহৰবাৰী’ত চলিত বৰ্ষৰ ১৩-১৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বুলি অনুষ্ঠান বিষয়া ড০ বসন্ত বৰাই জানিবলৈ দিয়ে।