অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

25,000+:নেহৰুবালিত কেন্দ্ৰীয়ভাৱে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Spread the love

নেহৰুবালিত কেন্দ্ৰীয়ভাৱে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিঃ নেহৰুবালিৰ বাকৰিত ২৫ সহস্ৰাধিকৰো অধিক ৰাইজে হাতে হাতে ম’বাইলৰ ফ্লাছ লাইট জ্বলাই পৰিবেশন কৰিলে জুবিন গাৰ্গৰ ‘মায়াৱিনী ৰাতিৰ বুকুত…’ গীতটিঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰত নিৰ্মান হ’ব জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ

DD TIMES নগাঁও, ২৪ ছেপ্টেম্বৰঃ নগাঁও চহৰৰ নেহৰুবালিৰ মুকলি মঞ্চত আজি শিল্পী জুবিন গাৰ্গক নগঞা ৰাইজে কেন্দ্ৰীয় ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত আজি নেহৰুবালিত শিল্পী জুবিন গাৰ্গৰ চিতা ভস্ম আৰু এখন বৃহৎ আকৃতিৰ প্ৰতিচ্ছবি ৰাখি হেজাৰ হেজাৰ নগঞা ৰাইজে শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগাঁও জিলাৰ সাতশৰো অধিক সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, সাহিত্য,সাংবাদিক, শৈক্ষিক আদি অনুষ্ঠানে সহযোগিতা আগবঢ়ায়।

বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে শাৰী পাতি শিল্পী জুবিন গাৰ্গৰ চিতা ভস্মত পুষ্পাঞ্জলি অৰ্পণ কৰে। সন্ধিয়া সামাজিক-সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ উদ্যোগত নেহৰুবালিৰ চৌদিশে বন্তি প্ৰজ্বলন কৰা হয়।

ইয়াৰ পাচত সন্ধিয়া নেহৰুবালিৰ বালিৰ বাকৰিত ২৫ সহস্ৰাধিকৰো অধিক ৰাইজে হাতে হাতে ম’বাইলৰ ফ্লাছ লাইট জ্বলাই পৰিবেশন কৰিলে জুবিন গাৰ্গৰ ”মায়াৱিনী ৰাতিৰ বুকুত ,দেখা পালো তোমাৰ ছবি….’ গীতটি।

উল্লেখ্য যে নেহৰুবালিত সৃষ্টিৰ উদ্যোগত অনুষ্ঠিত হৈ অহা বসন্ত উৎসৱৰ অন্যতম আকৰ্ষণ আছিল শিল্পী জুবিন গাৰ্গ। বিধায়ক ৰূপক শৰ্মাই কয় যে জুবিন গাৰ্গে নগাঁওখনক যথেষ্ট ভাল পাইছিল।

সেয়ে আজি নেহৰুবালিত হেজাৰ হেজাৰ লোকে প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে। বিধায়ক শৰ্মাই আৰু কয় যে নগঞা ৰাইজে প্ৰিয় শিল্পী গৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচত কাইলৈ চিতাভস্মৰ কিছু অংশ কলঙত বিসৰ্জন দিয়াৰ লগতে আন এটি অংশ ব্ৰহ্মপুত্ৰত বিসৰ্জনৰ ব্যৱস্থা কৰা হ’ব।

আনহাতে নগঞা ৰাইজৰ আগ্ৰহৰ প্ৰতি সহাৰি জনাই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙৰ পাৰত নিৰ্মিয়মান উদ্যানখন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰাৰ লগতে উক্ত স্থানত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক শৰ্মাই জানিবলৈ দিয়ে।

স্মৃতি ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ উপৰি শিল্পী গৰাকীক প্ৰতিটো প্ৰজন্মই মনত ৰাখিব পৰাকৈ কেতবোৰ ব্যৱস্থা থাকিব বুলি বিধায়ক গৰাকীয়ে জনায়।

আজি বিয়লিৰে পৰা নিশালৈকে প্ৰায় ৩০ সহস্ৰাধিক নগঞা ৰাইজে শান্তিপূৰ্ণভাৱে শাৰীপাতি শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে বিধায়ক শৰ্মাই সকলো শ্ৰেণীৰ লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকে প্ৰমুখ্য কৰি নগাঁৱৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি, অনুষ্ঠানৰ প্ৰতিনিধি আৰু হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!