অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

INDIAN RAIL: ৰে’লৱেৰ কৰ্মচাৰীসকলক ৭৮দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ প্ৰদানত কেবিনেটৰ অনুমোদন

Spread the love

ৰে’লৱেৰ কৰ্মচাৰীসকলক ৭৮দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ প্ৰদানত কেবিনেটৰ অনুমোদন

DD TIMES দিল্লী, ২৪ ছেপ্টেম্বৰঃ ৰে’লৱেৰ কৰ্মচাৰীসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰে’লৱেৰ কৰ্মচাৰীসকলক ৭৮দিনৰ বাবে উৎপাদনশীলতা সংযুক্ত বোনাছ (পিএলবি) প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে।

প্ৰতি বছৰে দুৰ্গা পূজা/দশেৰা বন্ধৰ পূৰ্বে যোগ্য ৰে’লৱে কৰ্মচাৰীক পি এল বি প্ৰদান কৰা হয়।

এই বছৰো প্ৰায় ১০.৯১লাখ অৰাজপত্ৰিত ৰে’ল কৰ্মচাৰীক ৭৮দিনৰ মজুৰিৰ সমতুল্য পি এল বিৰ পৰিমাণ প্ৰদান কৰা হৈছে।

পি এল বিৰ ধন ৰে’লৱেৰ কৰ্মচাৰীসকলক ৰে’ লৱেৰ প্ৰদৰ্শন উন্নত কৰাৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে অনুপ্ৰেৰণা হিচাপে আগবঢ়োৱা হয়।

প্ৰতিজন যোগ্য ৰে’ল কৰ্মচাৰীৰ বাবে ৭৮দিনৰ মজুৰিৰ সমতুল্য পিএলবিৰ সৰ্বাধিক পৰিশোধযোগ্য পৰিমাণ হৈছে ১৭,৯৫১/- টকা।

বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰী যেনে ট্ৰেক মেইন্টেনাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, চুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পৰ, পইণ্টছমেন, বিভাগীয় কৰ্মচাৰী আৰু অন্যান্য গ্ৰুপ ‘চি’ কৰ্মচাৰীসকলক এই ধনৰাশি প্ৰদান কৰা হ’ব।

২০২৪-২৫বৰ্ষত ৰে’লৱেৰ প্ৰদৰ্শন অতি উন্নত। ৰে’লৱেই অভিলেখ সংখ্যক ১৬১৪.৯০ মিলিয়ন টন বয় বস্তু সৰবৰাহ কৰাৰ লগতে প্ৰায় ৭৩বিলিয়ন যাত্ৰীক আহ যাহৰ সুবিধা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!