দেউকন সোঁৱৰণী ১৭ বছৰ অনূৰ্ধৰ ৰাজ্যিক স্কুল ফুটবলৰ আজি কোৱাৰ্টাৰ-ছেমিফাইনেল
DDTIMES: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী আৰু সোণাপুৰত চলি থকা দেউকন সোঁৱৰণী ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল খেলিব লগা আঠোটা দল নিশ্চিত হৈছে৷

উল্লেখ্য, ৰাজ্যৰ ৩৫খন জিলাৰ চেম্পিয়ন দলে অংশ লোৱা ৰাজ্যিক জুনিয়ৰ প্ৰতিযোগিতাখনত বুধবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলসহ মুঠ ১২খন খেল অনুষ্ঠিত হয়৷
গুৱাহাটীৰ উলুবাৰীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ দুখনকৈ খেলপথাৰত অনুষ্ঠিত হোৱা খেলত গোলাঘাট, কামৰূপ মেট্ৰো, চৰাইদেউ, কাৰ্বি আংলং, ধেমাজি আৰু শিৱসাগৰে জয়ৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷
আনহাতে, সোণাপুৰৰ টেপেছিয়াত থকা এল এন আই পি ইৰ ফুটবল গ্ৰউণ্ডত অনুষ্ঠিত খেলত মাজুলী আৰু বাকসা জিলাৰ দলে জয় অৰ্জন কৰি অন্তিম আঠত স্থান নিশ্চিত কৰিছে৷
প্ৰতিযোগিতাৰ কাইলৈ পুৱা কোৱাৰ্টাৰ ফাইনেল আৰু আবেলি নেহৰু ষ্টেডিয়ামত ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব৷ তদুপৰি ফাইনেল অহা ২৯ আগষ্টত নেহৰু ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে এই ৰাজ্যিক প্ৰতিযোগিতাৰ চেম্পিয়ন স্কুল দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’বলগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ প্ৰতিযোগিতাখন অহা ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷