অসমবিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

অভিনেতা গুণ মহন্ত বঁটা গ্ৰহণ পদ্মশ্ৰী যতীন গোস্বামীৰ

Spread the love

মৃত্যুৰ আগমুহূৰ্তলৈকে যেন হাত দুখন ঘোৰাই থাকিব পাৰোঁ

নগাঁও, ২৭ আগষ্টঃ “গুণ মহন্ত অসমৰ এজন সু-অভিনেতা আৰু অতি অমায়িক ব্যক্তি আছিল৷টি ভিত ওলোৱা ৮০ শতাংশ চিৰিয়েলতে অভিনয় কৰা অভিনেতাগৰাকী শংকৰী সংস্কৃতিৰ সেৱক আৰু সত্ৰীয়া নৃত্যৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা ব্যক্তি আছিল৷ সহজ-সৰল মনৰ নিৰহংকাৰী অভিনেতা গুণ মহন্ত বঁটা লাভ কৰি নিজকে ভাবিছো ৯২টা বছৰ পালো যদিও একোৱেইচোন কৰিব নোৱাৰিলো৷ ২৫ বছৰ বাৰু শিক্ষা-দীক্ষাত গ’ল৷ বাকী বছৰবোৰ কি কৰিলো? একোৱেই কৰিব নোৱাৰিলো ৷মই যিমান কৰিছো তাতকৈ বহুত বেছি মই পাইছো ৷এতিয়া পাবলৈ আৰু মোৰ একো বাকী নাই৷অসমৰ ৰাইজে আশীৰ্বাদ দিলে৷ তাৰবাবে অসমবাসী ৰাইজলৈ সেৱা জনাইছোঁ৷’’ নগাঁও জিলাৰ সত্ৰীয়া নৃত্যৰ অগ্ৰণী বিদ্যালয় পূৰ্ণমূৰ্ত্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰই আজি প্ৰদান কৰা গুণ মহন্ত বঁটা গ্ৰহণ কৰি সংগীত নাটক একাডেমীৰ ফেলশ্বিপ সন্মানেৰে সন্মানিত ভাৰতীয় নৃত্যশিল্পী তথা নৃত্য পৰিচালক যতীন গোস্বামীয়ে পুনৰ কয় যে সত্ৰীয়া সংস্কৃতিৰ মাজত মই জন্ম আৰু ডাঙৰ-দীঘল হৈছোঁ৷ দেৰগাঁৱৰ দাধৰাৰ আধাৰ সত্ৰত মোৰ ঘৰ ৷ উজনি অসমত এনে এখন ঠাই নাই য’ত এখন সত্ৰীয়া বিদ্যালয় নাই ৷এতিয়া মাত্ৰ এটাই বিচাৰো— মৃত্যুৰ আগমুহূৰ্তলৈকে যেন মই হাত দুখন ঘোৰাই থাকিব পাৰো৷ আমি যি সময়ত সত্ৰীয়া নৃত্যৰ লগত জড়িত আছিলোঁ তেতিয়া সত্ৰীয়া নৃত্যৰ বিষয়ে ইমান চৰ্চা হোৱা নাছিল আৰু সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতিও পোৱা নাছিল ৷ ২০০০ চনৰ ১৫ নবেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছত নৃত্যৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িল বুলি উল্লেখ কৰি যি কাৰ্যই সমাজৰ চৰিত্ৰ নিৰ্মাণ কৰে সেই কাম কৰিব লাগে বুলি বৰ্ষীয়ান নৃত্যপটিয়সী গৰাকীযে তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে ৷ সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱন পাত কৰি অহা যশস্বী নৃত্যশিল্পী, নৃত্য পৰিচালক তথা গুৱাহাটীৰ সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক নুনমাটিৰ আনন্দ নগৰস্থিত যতীন গোস্বামীৰ স্বগৃহত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত অভিনেতা গৰাকীৰ বৌয়েক দীপ মহন্ত আৰু বোৱাৰী ভাগ্যশ্ৰী মহন্তই ঘোষা পৰিৱেশন কৰা উক্ত অনুষ্ঠানত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ড° নন্দ সিং বৰক’লাই যোগদান কৰিবৈষ্ণৱ জীৱন কাল আমাৰ জাতীয় জীৱনক অমৃত কালৰ বাটেৰে প্ৰসাৰিত কৰি আছে ৷ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ সত্ৰীয়া সাধনাই অসমৰ সাংস্কৃতিক যাত্ৰাক ভাৰতীয় সংস্কৃতিৰ জীৱন কোষত নতুন পৰিচয় দিলে ৷ বৈষ্ণৱ নৃত্য,বৰগীত, ভটিমাৰ কথক চেতনা পৃথিৱীতে অনন্য ৷ সেয়ে শংকৰ-মাধৱৰ বৰগীত সমূহ ভাৰতীয় সংগীত নাটক একাডেমীৰ দ্বাৰা ৰাষ্ট্ৰীয় ধ্ৰুপদী সংগীত ৰূপে স্বীকৃতি কৰোৱাৰ কাম অতি সহজ হৈ আছে নৃত্যাচাৰ্যৰ সত্ৰীয়াৰ বাটেৰে ৷ মাথোঁ আমাৰ জাতীয় চিন্তাৰ বাটটোৱে বৰগীতৰ আপাদমস্তক সুষমাক তুলি ধৰিব পাৰিলেই আমাৰ বৰগীতে পৃথিৱীৰ ভিতৰতে অনন্য ৰূপত মূৰ দাঙি উঠিব বুলি ভাষণ প্ৰসঙ্গত ড° বৰকলাই উল্লেখ কৰে ৷ নগাঁৱৰ লেখক-সাংবাদিক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটি নৃত্যশিল্পীদ্বয় লখিমী মহন্ত আৰু মিচিমি মহন্তৰ গুৰু বন্দনাৰ এক গাম্ভীৰ্যপূৰ্ণ নৃত্যৰে আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে শিল্পী ৰক্তিম সূৰুয মহন্তই ৷ লোককৃষ্টিৰ সাধক অনুপ বৰুৱা এই অনুষ্ঠানত উপস্থিত থাকি মানৱ দৰদী অভিনেতা গুণ মহন্তৰে থকা সুমধুৰ স্মৃতি সুঁৱৰি নতুন প্ৰজন্মক লোক সংস্কৃতিৰ লগত যোগসূত্ৰ স্থাপনৰ দ্বাৰা ঐতিহ্যৰ মহত্ত্ব অনুধাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ গুণ মহন্তৰ জ্যেষ্ঠ ভাতৃ ক্ষীৰদা মহন্ত, ড° বৈজয়ন্তী গোস্বামী, অভিনেত্ৰী সাগৰিকা গোস্বামী, প্ৰভাকৰ দেৱ গোস্বামী, ভাস্কৰ দেৱগোস্বামী, গুণাকৰ দেৱগোস্বামীৰ উপৰি শিশু শিল্পী শ্ৰীনন্দা মহন্ত আৰু নন্দীশ মহন্তকে ধৰি বহু কেইগৰাকী গণ্য-মান্য লোকৰ অংশ গ্ৰহণে অনুষ্ঠানটি আকৰ্ষণীয় কৰি তোলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!