অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: নগাঁৱত ‘জুবিন গাৰ্গ অমৰ হওঁক’ ধ্বনিৰে স্মৃতিচাৰণ

Spread the love

বেবেজীয়াৰ ভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

DD TIMES

নগাঁও, ২১ ছেপ্টেম্বৰঃ অসমৰ হিয়াৰ আমঠু স্বৰূপ জুবিন গাৰ্গ বিহীন এটা দিন অতিবাহিত কৰিলে অসমে। মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত নগাঁও জিলাৰ বেবেজীয়াকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো শোকৰ ছাঁ বিৰাজ কৰিছে৷

আজি বেবেজীয়া ব্যৱসায়ী সন্থাৰ আহ্বানত শোকপ্ৰকাশৰে পুৱা পাঁচ বজাৰ পৰা সন্ধিয়ালৈ বেবেজীয়া চাৰিআলিৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷ ঠিক তেনেদৰে জাজৰি, দলংঘাট, ব্ৰাহ্মণগাঁও চাৰিআলি, ঘাঁহী আৰু দক্ষিণপাট আদিতো ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হোৱা পৰিলক্ষিত হয়৷

প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে অঞ্চলসমূহত মৌন সমদল, বন্তি প্ৰজ্বলন, শোকসভা আদি অনুষ্ঠিত কৰা হয়৷ প্ৰেছ ক্লাব, বেবেজীয়াৰ চৌহদত আজি সন্ধিয়া বন্তি প্ৰজ্বলনৰে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷

অন্যহাতে ঘাঁহী চাৰিআলিত আজি সন্ধিয়া ঘাঁহী আঞ্চলিক সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

ঘাঁহী আঞ্চলিক সাহিত্য সভাৰ সম্পাদক ৰেৱকান্ত দাসে আঁত ধৰা অনুষ্ঠানটিত অমৃত শইকীয়া, ডম্বৰু দাস, ঘাঁহী আঞ্চলিক সাহিত্য সভাৰ সভাপতি হৰেন বৰা, যুৱ নেতা অসীম দাসে বন্তিৰ প্ৰজলেনেৰে শুভাৰম্ভ কৰে।

তাৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ অনুষ্ঠান টোত প্ৰাঞ্জল বণিয়াই কেইবাটাও জুবিন গাৰ্গৰ মন পৰশা গীত পৰিবেশন কৰে। তাৰ পিছত শিল্পী গৰাকীৰ স্মৃতিচাৰণ সভাত ড অসীম দাস আৰু সাংবাদিক দেবজিৎ হাজৰিকাই ভাষন প্ৰদান কৰে।

উল্লেখ্য যে উক্ত অনুষ্ঠানতেই ড অসীম দাসে ৰাইজৰ মৰমৰ শিল্পী গৰাকীৰ এটা প্ৰতিমূৰ্তিৰ নিৰ্মাণকাৰ্য কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। পৰবৰ্তী মহিলা সকলে কলংপাৰৰ অঞ্চলটোত জোৰ সমদল উলিয়াই আকাশ বতাহ মুখৰিত কৰি তোলে।

ইফালে বেবেজীয়া চাৰিআলি, জামুগুৰি ফালেঙীচুক, পূব জামুগুৰি, মাজ জামুগুৰিত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিশালৈকে সমদল উলিয়াই মৰমৰ শিল্পী জনাৰ স্মৃতিচাৰণ কৰে।

বৰক’লাৰ গুৰুদ্বাৰত জুবিন গাৰ্গক স্মৰণঃ বেবেজীয়াৰ সমীপৰ বৰক’লাৰ নানকচ’ৰ গুৰুদ্বাৰতো সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

বৰক’লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জু সিংজীয়ে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বৰক’লা অঞ্চলৰ শিখ সমাজৰ লগতে সমূহ ৰাইজে শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোক প্ৰকাশ কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী জিৎ সিংজী, তেজা সিংজী, তৰুলতা মজুমদাৰ, গুৰুদ্বাৰৰ সম্পাদক মনদ্বীপ সিংজী, জ্ঞানী হৰভজন সিংজী, শ্যাম সিংজী, মহাবীৰ সিংজী, জ্ঞানী জচবীৰ সিংজী, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংজী, প্ৰফুল্ল ডেকা, দিগন্ত ডেকা, ডাঃ মৃন্ময় ডেকাকে ধৰি প্ৰায় শতাধিক লোকৰ উপস্থিতিতি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।


অন্যহাতে হাতীচোং সাহিত্য সভা, সমাজ সংস্কৃতি সমিতিৰ উদ্যোগত আজি আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী দেৱ কুমাৰ বৰাই।

পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ শিল্পী গম্ভীৰ শইকীয়া আৰু তীখেশ্বৰ বৰাই। অনুষ্ঠানত পৰেশ বৰা, বিকাশ বৰা আৰু জ্যোতিপ্ৰসাদ বৰাকে আদিকৰি বহু সংখ্যক লোক উপস্থিত কৰে।

সমান্তৰালভাৱে দক্ষিণ পেটবঢ়া যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনু্ষ্ঠানত শিল্পী গৰাকীক গীতে-মাতে স্মৰণ কৰা হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰা হয়।

বেবেজীয়াৰ ব্ৰাহ্মণগাঁৱত মহিলাসকলৰ উদ্যোগতো আজি গণশিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে মহিলাসকলৰ দ্বাৰা এটি সমদলো বাহিৰ কৰা হয়।

ইফালে বৃহত্তৰ জামুগুৰিত পূব জামুগুৰিৰ যুৱতী সকল আৰু জামুগুৰি ফালেঙীচুক মহিলা সমাজৰ উদ্যোগত আজি সন্ধিয়া জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মৌন সমদল উলিয়াই।

ইফালে বৰজামুগুৰি আৰু মাজ জামুগুৰিত জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিন গাৰ্গ অমৰ হওক ধ্বনিৰে সমদল উলিয়ায়।

উল্লেখ্য যে বেবেজীয়াত ব্ৰাহ্মণ সমাজৰ উদ্যোগত আজি বেবেজীয়াৰ দূৰ্গা মন্দিৰত জুবিন গাৰ্গৰ স্মৃতিত শোক সভা অনুষ্ঠিত কৰি স্মৃতিচাৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!