অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গলৈ নগাঁও জিলা সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি

Spread the love

DD TIMES নগাঁও, ২১ ছেপ্টেম্বৰঃ অসমীয়াৰ হিয়াৰ আমঠু, বৰেণ্য শিল্পী জুবিন গাৰ্গৰ অপ্ৰত্যাশিত বিয়োগৰ বার্তা বিয়পি পৰাৰ পিছৰে পৰা অসমৰ প্রান্তে প্রান্তে জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি।

Oplus_131072

নগাঁও জিলা সাহিত্য সভাইও শনিবাৰে বিয়লি জিলা সাহিত্য সভাৰ টোদী ভৱন প্ৰাংগণত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে প্ৰয়াত জনপ্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচী মুকলি কৰে।

ইয়াৰ পিছতে সমবেত সাহিত্যানুৰাগী-সাংস্কৃতিক প্ৰেমীসকলে যুৱপ্ৰজন্মৰ হৃদস্পন্দন জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

অসম সাহিত্য সভাৰ নগাঁও জিলা আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকী, প্রাক্তন জিলা সভাপতিদ্বয় ৰতিমোহন নাথ, থগিত মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকা, অধিবক্তা বিভা ফুকন, সমাজকৰ্মী বিজয় কুমাৰ মঙ্গলুনিয়া, গুৰুমুখ সিং, আনোৱাৰ পাৰভেজ আদিয়ে শিল্পীগৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত অভিমত দাঙি ধৰে।

অনুষ্ঠানত অৱসৰ শিক্ষক শশীন্দ্ৰ দেৱ মহন্ত, লেখক খগেন চন্দ্ৰ নাথ, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, জয়ন্ত বৰা, মিন্টু দাস, বিভিন্ন শাখা সাহিত্য সভাৰ বিষয়ববীয়া প্ৰমুখ্যে যথেষ্ট সংখ্যক সাহিত্যানুৰাগী লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!