ZUBEEN GARG: পম্পি বৰুৱাৰ কবিতাঃ গানে কি আনে
গানে কি আনে
কবিঃ পম্পি বৰুৱা
গানে কি আনে

ব্যস্তময় জীৱনত
অকনমান শান্তিৰ
অনুসন্ধানত
ৰাতি নীৰৱে
জুবিন দাৰ গান শুনো
নিমিষতে যেন
ব্যস্ততাপূৰ্ণ জীৱনৰ
সকলো অশান্তি ক্লান্ত হৈ
নি:শেষ হৈ যায়
ভাগৰুৱা মনটো
কোনোবা খিনিত
এটি গানৰ কলিত
ক্ষন্তেকতে পুনৰ সজীৱ হৈ পৰে
বিফলতাৰ মেৰপাকত
যেতিয়া হতাশাত ভুগো
তেতিয়া জুবিন দাৰ গানে
হৃদয়ৰ কোনোবা খিনিত
আকৌ মনটো
জিপাল কৰি তুলে
জীৱনৰ ৰঙীণ সপোন বোৰ
যেতিয়া হঠাৎতে ভাঙি যায়
তেতিয়া জুবিন দাৰ গানে
পুনৰ সপোন বোৰ
সজাই তোলাৰ প্ৰেৰণা দিয়ে
জীৱনৰ কোনোবা সময়ত
যেতিয়া নিসংগতা অনুভৱ কৰোঁ
তেতিয়া জুবিন দাৰ গানে
সংগী হৈ
নিসংগতাক নিমিষতে আতৰাই
সময়ৰ চাক নৈয়াত
জীৱন জীয়াৰ ক্ষণত,
তেওঁৰ এটি এটি গানে মনত
শান্তি লভিবলৈ
প্ৰত্যেকদিনে আমাক উৎসাহ দি যায়৷
জীৱনৰ সকলো সমস্যা
ক্ষণিকতে মনৰ পৰা আঁতৰাই
তেওঁৰ প্ৰতিটো গানে
আমাৰ জীৱনটোৰ লগতে
মনটোক পূলকতে যেন
সুন্দৰ কৰি তুলে৷