শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক যাত্ৰাত নতুন অধ্যায়ৰ সংযোজন
নতুন চৌহদত ৮ টা নতুন বিভাগৰ পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ
নগাঁও, ২৬ আগষ্টঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক যাত্ৰাত সংযোজিত হ’ল এক নতুন অধ্যায়৷ বিশ্ববিদ্যালয়খনৰ ৰাইদংগীয়াস্থিত মূল চৌহদত কালিৰে পৰা Economics, Political Science, Commerce, Mathematics, Physics, Botany Zoology আৰু Sankaradeva Studies ৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হয়৷ এক বিশেষ অনুষ্ঠানেৰে শুভাৰম্ভ হোৱা এই পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, বিশ্ববিদ্যালয়খনৰ সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, পঞ্জীয়ক ড০ শৰৎ হাজৰিকা, উপ-পঞ্জীয়ক (শৈক্ষিক) ড০ বিচিত্ৰ বিকাশ, শ্ৰীমন্ত শংকৰদেৱ আৰ্থ-সামাজিক বিকাশ ন্যাসৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, নগাঁও জিলা মূলৰ সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী, শুভাকাংক্ষী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ ইতিমধ্যে চৌহদটোত শিক্ষাতত্ত্ব, ভূগোল আৰু দৰ্শন এই বিভাগ কেইটাৰ পাঠদান প্ৰক্ৰিয়া অৱ্যাহত আছে ৷ ইয়াকে ধৰি মুঠ ১১ টা বিভাগৰ শৈক্ষিক কাৰ্যক্ৰমণিকা এতিয়াৰে পৰা ৰাইদংগীয়া চৌহদত চলি থাকিব৷ নতুন বিভাগ সমূহৰ পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ এই শুভ মুহূৰ্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে অনতিপলমে বিশ্ববিদ্যালয়ৰ সকলো দিশৰ কাৰ্যপন্থা মূল চৌহদত আৰম্ভ কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।