জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা
শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত কৰিব চি আই ডিয়ে
গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কাইলৈ অসমলৈ উভতিব কফিনৰ ভিতৰত। তেওঁৰ মৃত্যুক যেন সহজভাবে মানি লব পৰা নাই অসমবাসীয়ে। আজি অসমবাসী শোকত দগ্ধ হৈছে।
প্ৰশ্ন উঠিছে কিন্তু কাৰোবাৰ অৱহেলাৰ বাবে সাগৰৰ বুকুত মৃত্যুক সাবটিবলগীয়া হ’ল নেকি জুবিন গাৰ্গে ? কাৰ অমনোযোগিতাৰ বাবে ঘটিল এই ঘটনা ? সমালোচিত হৈছে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা।

বহুতেই ৰহস্যৰো গোন্ধ পাইছে এই অকাল মৃত্যুত ৷সেয়ে বহুতে দাবী কৰিছে উচ্চ পৰ্যায়ৰ তদন্তৰ । বহুঠাইত এজাহাৰো দাখিল কৰা হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা- শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব অসম আৰক্ষীৰ চি আই ডি তদন্ত।
দুয়োৰে বিৰুদ্ধে চি আই ডি তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু অকাল মৃত্যুক লৈ শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এফ আই আৰ দাখিল কৰা হৈছে ।
মই অসম আৰক্ষীৰ ডি জি পিক নিৰ্দেশ দিছোঁ যে সকলো এফ আই আৰ চি আই ডিলৈ হস্তান্তৰ কৰি এটা সমন্বিত গোচৰ পঞ্জীয়ন কৰি পুংখানুপুংখ তদন্ত কৰিব লাগে।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডি তদন্ত হ’ব।
এওঁলোক দুজনক জেৰা কৰিলে কি পৰিস্থিতিত জুবিন ছিংগাপুৰ যাব লগা হ’ল সেয়া জনা যাব। শুকুৰবাৰে ছিংগাপুৰ ষ্ট্ৰেটত যিখন য়াটৰ পৰা স্থানীয় সময় এক-ডেৰ বজাত ঘটনাটো ঘটিছিল তাত জুবিন আৰু তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থৰ বাহিৰেও এইকেইজন প্ৰবাসী অসমীয়া আছিল।
তেওঁলোক হৈছে দেৱজিত হাজৰিকা, সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা আৰু কেইজনমান ছাত্ৰ।
এওঁলোকৰ নিমন্ত্ৰণক্ৰমে জুবিনে মেনেজাৰক লৈ য়াট পাৰ্টীটোলৈ গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এওঁলোকক জেৰা কৰিলে কি পৰিস্থিতিত কিয় ঘটনাটো ঘটিবলৈ পালে তাক জানিব পৰা যাব।
ছিংগাপুৰত অসমৰ এগৰাকী ব্যৱসায়ী শ্যামকানু মহন্তই নৰ্থ-ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল ৷ তালৈকে আয়োজকে জুবিন গাৰ্গক আমন্ত্ৰণ কৰি নিছিল।
কিন্তু মাতি নিয়াৰ পিছত আয়োজক শ্যামকানু মহন্তই খবৰ নৰখাৰ অভিযোগ উঠিছে৷ লগতে মহন্তই কেৱল ব্যৱসায়িক মুনাফাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ অভিযোগ ৰাজ্যজুৰি উত্থাপিত হৈছে।
আনকি অসমৰ মৰিগাঁও, গোলাঘাট আদিত শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছে। লগতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও কেইবা ঠাইতো গোচৰ ৰুজু হৈছে ৷
এককথাত দুয়োজনৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে ৷ যাৰ পৰিপেক্ষিতত অসম পুলিচে দুয়োজনৰ বিৰুদ্ধে চি আই ডি তদন্ত ঘোষণা কৰিছে ।ইপিনে জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে তিনিদিনীয়া ৰাজ্যিক শোক।
২০, ২১ আৰু ২২ ছেপ্টেম্বৰত অসম চৰকাৰে ঘোষণা কৰিছে ৰাজ্যিক শোক। অসম চৰকাৰৰ মুখ্য সচিবে অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে এই ঘোষণা কৰিছে।
এই তিনিদিনত স্থগিত থাকিব সকলো চৰকাৰী কাৰ্যসূচী। কোনো মনোৰঞ্জনমূলক অনুষ্ঠান তথা ৰাজহুৱা সভাও অনুষ্ঠিত নহয়। অৱশ্যে চিকিৎসা সেৱা আদি চলি থাকিব।

