ZUBEEN GARG: জুবিনৰ শেষ যাত্ৰাৰ পূৰ্বে সিদ্ধাৰ্থৰ বিৰুদ্ধে এফআইআৰ প্ৰত্যাহাৰ কৰিবলৈ আহবান গৰিমা গাৰ্গৰ
গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ প্ৰয়াত গায়ক জুবিন গাৰ্গৰশেষ যাত্ৰাৰ পূৰ্বে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গায়কজনৰ ঘনিষ্ঠ সহযোগী তথা মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা সকলো এফআইআৰ প্ৰত্যাহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

এক আন্তৰিক ভিডিঅ’ বাৰ্তাযোগে গৰিমা গাৰ্গে অসমৰ ৰাইজ আৰু কৰ্তৃপক্ষক আহ্বান জনাই কয়, “অনুগ্ৰহ কৰি সিদ্ধাৰ্থক জুবিনৰ অন্তিম যাত্ৰাৰ অংশ হ’বলৈ অনুমতি দিয়ক।সিদ্ধাৰ্থক লৈ যিকোনো নেতিবাচক চিন্তা-চৰ্চা সকলোকে আঁতৰাই ৰাখিবলৈ অনুৰোধ জনালোঁ।
কাইলৈ মোৰ চৌপাশৰ সকলো মানুহৰ প্ৰয়োজন, আৰু মোক সিদ্ধাৰ্থৰ সমৰ্থনৰ প্ৰয়োজন হ’ব—তেওঁৰ অবিহনে মই একো কৰিব নোৱাৰো।”গৰিমা গাৰ্গে ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ সময়তো জুবিনৰ পৰিয়াললৈ সিদ্ধাৰ্থৰ পূৰ্ণ সমৰ্থনৰ কথা কয়।
সিদ্ধাৰ্থৰ পৰিয়ালটোক খাদ্য-সামগ্ৰী যোগান ধৰি সহায় কৰাই নহয়, জুবিনক মুম্বাইৰ পৰা বাছেৰে চিকিৎসাৰ বাবে ওভতাই আনিছিল।’জুবিনৰ বহু আধৰুৱা কাম আছে, আৰু মই অকলে সম্পূৰ্ণ কৰিব নোৱাৰো।সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা সকলো এফআইআৰ প্ৰত্যাহাৰ কৰিবলৈও অনুৰোধ জনাইছো।’-তেওঁ লগতে কয় যে তেওঁ আৰম্ভণিৰে পৰাই গায়কজনৰ বাবে ভাতৃৰ দৰে আছিল।
কাহিলীপাৰাত জুবিন গাৰ্গৰ বাসগৃহত অনুৰাগী আৰু শুভাকাংক্ষীসকলে চূড়ান্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে আৱেগ বৃদ্ধি পোৱাৰ মাজতে এই বাৰ্তা আহিছে। প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ শান্তিপূৰ্ণ অন্তিম যাত্ৰা সুনিশ্চিত কৰিবলৈ আৰক্ষী আৰু ৰাজ্য প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
ইফালে, ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সন্দৰ্ভত বিএনএছৰ সংশ্লিষ্ট শাখাৰ অধীনত উত্তৰ-পূব ভাৰত মহোৎসৱৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি অন্যান্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী দলে তদন্তৰ কাম হাতত লৈছে।