ZUBEENGARG: সোণাপুৰত সম্পন্ন হ’ব পাৰে শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠান
গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ সোণাপুৰত সম্পন্ন হ’ব পাৰে শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠান বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই সম্ভাৱনাৰ কথা।

পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰটোৱে ইংগিত দিছে যে সোণাপুৰৰ শান্তিপূৰ্ণ পৰিৱেশ শিল্পীগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হোৱাটো আনকি শিল্পীগৰাকীৰ পৰিয়ালৰ লোকেও বিচাৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰা জুবিন গাৰ্গে এৰি থৈ যায় অসমৰ সাংস্কৃতিক আৰু সংগীতৰ পৰিৱেশত এক অপূৰণীয় শূন্যতা। কাইলৈ তেওঁৰ মৃতদেহ গুৱাহাটীত উপস্থিত হ’ব, তাৰ পৰিয়ালৰ শ্ৰদ্ধাঞ্জলিৰ বাবে তেওঁৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হ’ব।
ইতিমধ্যে তাত হাজাৰ হাজাৰ প্ৰশংসক গোট খাইছে। তাৰপিছতে নশ্বৰ দেহ নিয়া হব সৰুসজাইলৈ। পৰিয়ালৰ সমন্বয়ত ৰাজ্য চৰকাৰে সুকলমে আৰু মৰ্যাদাৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে।
কাহিলীপাৰা আৰু সোণাপুৰৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে যাতে অনুষ্ঠানৰ সময়ত বিপুল জনসমাগম নিয়ন্ত্ৰণ কৰিব পৰা যায়।যদি চূড়ান্ত সিদ্ধান্ত গ্ৰহণেৰে সোণাপুৰক শেষকৃত্য সম্পন্ন কৰাৰ স্থান হিচাপে নিশ্চিত কৰে, তেন্তে এই স্থানে অসমে যোৱা কিছু বছৰত দেখা অন্যতম বৃহৎ সমাৱেশৰ সাক্ষী হ’ব।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শেষকৃত্য অনুষ্ঠানৰ সময়ত শান্তি তথা ঐক্য বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে।

