অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: ছিংগাপুৰত সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিন গাৰ্গ

Spread the love


ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত মৃত্যু যুৱবৃন্দৰ হাৰ্টথ্ৰ’ৱৰ

DD TIMES গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ কোনেও নভৱা এটা ঘটনা। কোনেও কল্পনা কৰিব নোৱাৰা এটা ঘটনা। কিন্তু শেষত সেয়াই ঘটি গল। অসম তথা ভাৰতবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই ৷

শুক্ৰবাৰে এক দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে গীতেৰে-সুৰেৰে লাখ লাখ অনুৰাগীৰ আমঠুৰ শিল্পীগৰাকীয়ে ৷ ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ দুৰ্ঘটনাৰ সন্মুখীন হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ছিংগাপুৰত স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি যায় শিল্পীগৰাকী ৷

অচেতন হৈ পৰে তেওঁ ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ কিন্তু সংকটজনক অৱস্থাত থকা শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ শুক্ৰবাৰে দুপৰীয়া আহে সেই দুঃখবৰটো- জুবিন গাৰ্গ আৰু নাই ৷ ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷

২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল ৷ স্কুবা ডাইভিং কৰিবলৈ গৈছিল আজি ৷ সাগৰৰ মাজত আজি দিনৰ প্ৰায় ১-১০ বজাত দুৰ্ঘটনাত পতিত হয় তেওঁ ৷

অচেতন হৈ পৰে শিল্পীগৰাকী৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷

ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ । ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই এই খবৰ নিশ্চিত কৰে। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে লগেই গায়কগৰাকীৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে ৷

সকলোৱে যেন মানি ল’ব পৰা নাই যে এনেদৰে অকস্মাৎে সকলোকে একপ্ৰকাৰ স্তব্ধ-নিৰ্বাক কৰি চিৰদিনলৈ আৰু ঘূৰি নাহে সকলোৰে নয়নৰ মণি, সকলোৰে প্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ ইতিমধ্যেই ৰাস্তাই ঘাটে ওলাই আহিছে জুবিনৰ অগণন ফেন, তেওঁৰ ভাল পোৱা অনুৰাগী ৷

সকলো আজি ম্ৰিয়মাণ, ক’বলৈ একো ভাষা বিচাৰি পোৱা নাই ৷ জুবিনক এনেদৰে হেৰুৱাই আজি একপ্ৰকাৰ শূন্য হৈ পৰিছে অসম ৷ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷

২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল ৷ স্কুবা ডাইভিং কৰিবলৈ গৈছিল আজি ৷ সাগৰৰ মাজত আজি দিনৰ প্ৰায় ১-১০ বজাত দুৰ্ঘটনাত পতিত হয় তেওঁ ৷ অচেতন হৈ পৰে শিল্পীগৰাকী৷

লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ ।শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীয়ে কয়- “এইমাত্ৰ ফোনত মোক পৱিত্ৰ মাৰ্ঘেৰিটাই ফোনযোগে কথাটো জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই ৷ তেখেত এই সংসাৰৰ পৰা আঁতৰি গৈছে ৷ খুব মৰ্মান্তিক ঘটনা… দুখদায়ক ঘটনা ৷ আমি বিজেপি দলে গধূলি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ ৷ মই এতিয়া খালী গোমাত গৈ মানুহখিনিক নমস্কাৰ কৰি গুৱাহাটীলৈ উভতি যাম ৷ তেখেতৰ সৎকাৰ বা কি ধৰণে তেখেতক আমি আনো গোটেই কথাবিলাক আমি গুৱাহাটীত গৈ আলোচনা কৰিম ৷

অসমবাসীৰ ৰাইজৰ হৈ… কি ক’ম.. দুখৰ…ক‘বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই ৷ এটা মৰ্মান্তিক ঘটনা… জাতিৰ অপূৰণীয় ক্ষতি… জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!