অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গৰ মৃত্যু- শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

Spread the love


DD TIMES গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত শ্যামকানু মহন্তৰ ওপৰত জাঙুৰ খাই উঠিছে বহু গুণমুগ্ধ।

Oplus_131072

প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে এজন ব্যক্তিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। উল্লেখ্য শ্যামকানু মহন্তই জুবিনক ছিংগাপুৰলৈ নিয়া বুলি চৰ্চা হৈছে।

বৃহস্পতিবাৰে মৰিগাঁও থানাত এই অভিযোগ দাখিল কৰে অধিবক্তা ৰাতুল বৰাই। আৰক্ষীৰ সূত্ৰ অনুসৰি এই এফআইআৰত মহন্তৰ বিৰুদ্ধে গাফিলতি আৰু অপ-ব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ ভুলৰ ফলতে ছিংগাপুৰত বিখ্যাত শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱালে বুলি অভিযোগ কৰা হৈছে।

অভিযোগ অনুসৰি জুবিনক পৰ্যাপ্ত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা, সুৰক্ষা ব্যৱস্থা, অথবা তত্বাৱধান অবিহনে স্কুবা ডাইভিঙলৈ যাবলৈ দিয়া হৈছিল।

এজাহাৰত পৰিস্থিতিৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযোগ পঞ্জীয়ন কৰা হৈছে আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!