অসমমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

জামুগুৰিত বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন

Spread the love

শ্বহীদ মনবৰ নাথ প্ৰেৰণা আৰু সাহসৰ প্ৰতীকঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


DD TIMES: ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথৰ স্মৃতি ৰক্ষাৰ্থে ‌তেওঁৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে সদৌ নাথ যোগী ছাত্র সন্থাই জনাই অহা দাবী আজি পূৰণ হয়। আজি ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত পূব জামুগুৰিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাবে উন্মোচন কৰে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পুজিৰ পৰা আৱন্টিত ১৫ লাখ টকাৰে সদৌ নাথ যোগী ছাত্র সন্থাৰ তত্বাৱধানত নিৰ্মিত বীৰ শ্বহীদজনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-‘ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা শ্বহীদ মনবৰ নাথকে ধৰি বহুজনে ত্ৰিৰংগা পতাকা উত্তোলন কৰোতে শ্বহীদ মনবৰ নাথক গুলীয়াই হত্যা কৰিছিল। অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজি শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। বীৰ শ্বহীদ মনবৰ নাথ অনন্ত প্ৰেৰণাৰ প্ৰতীক হওক।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষন প্ৰসংগত কয় যে-সদৌ নাথ যোগী ছাত্ৰ সন্থাই মোক ১৮ দফীয়া দাবী সন্নিবিষ্ট এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।তেওঁলোকক অতি সোনকালে চৰকাৰী বিষয়া সকলৰ ওপৰত আলোচনাৰ বাবে নিমন্ত্ৰণ জনাম।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পূৰ্বে মধ্য অসমৰ প্ৰাণবিন্দু ৰূপে পৰিচিত নগাঁও জিলাৰ সাংস্কৃতিক পৰিচয়ক অধিক দৃঢ় আৰু আকৰ্ষণীয় ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অনুমোদিত আছুঁতীয়া পুঁজিৰ দ্বাৰা ডিমৌচাৰিআলিৰ পৰা বেবেজীয়া চাৰিআলিহৈ নগাঁও চহৰলৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌস্থিত ‘আমাৰ নগাঁও আমাৰ গৌৰৱ’ সম্বলিত নগাঁও চহৰলৈ আদৰণি তোৰণখন উদ্বোধন কৰে।বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি আৰু নগাঁও চহৰলৈ আদৰণি তোৰণখন নিৰ্মাণৰ ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিকী প্ৰতিমূৰ্তি প্ৰদান কৰে।বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচনৰ পিচত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ জামুগুৰিস্থিত ‘সাৰ্বজনীন গৰখীয়া থান’ত সেৱা আগবঢ়ায়।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই থানখনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ২০ লাখ টকা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুণগত মানৰ ড্ৰাইভাৰ প্ৰশিক্ষণ সুবিধা, স্বচ্ছ আৰু নিৰপেক্ষ ফলাফল, দ্ৰুত ড্ৰাইভিং লাইচেঞ্চ প্ৰদান প্ৰক্ৰিয়া, দক্ষ চালকৰ দ্বাৰা পথ সুৰক্ষা নিশ্চিতকৰণ কে আদি কৰি বিভিন্ন সুবিধাসম্পন্ন অসম চৰকাৰৰ দ্বাৰা অনুমোদন প্ৰাপ্ত জিলাখনৰ ৰাঙলুত নৱনির্মিত “স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ” আৰু “স্বয়ংক্ৰিয় ড্ৰাইভাৰ টেষ্ট ট্ৰেক কেন্দ্ৰ” টি উদ্বোধন কৰে ।এই সমগ্র কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগদান কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা,বিধায়ক ৰূপক শৰ্মা,শশীকান্ত দাস,ৰমাকান্ত দেউৰী,সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ সভাপতি অৰবিন্দ নাথ,সম্পাদক দীপক নাথ, জিলা যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ হাজৰিকা, সম্পাদক প্ৰশান্ত নাথকে ধৰি উপস্থিত থাকে।অন্যহাতেদি অনুষ্ঠানৰ পিচত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৩০ দিন জেলত থাকিলে যিকোনো মন্ত্ৰীৰে মন্ত্ৰী পদ খাৰিজ হোৱাৰ বিষয়ত সংসদত উত্থাপন হোৱা নতুন বিধেয়কৰ প্ৰসংগত কয় যে-প্ৰধানমন্ত্ৰীক আমি অসমৰ জনসাধাৰণৰহৈ সমৰ্থন আগবঢ়াইছো।এই বিধেয়কখন ৰাজনীতিক অপৰাধ মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা এক ইতিবাচক প্ৰচেষ্টা।অন্যহাতেদি জি এম চিত শিশুৰ মৃত্যু হোৱা বিষয় সম্পৰ্কত কাইলৈ প্ৰতিবেদন দাখিল কৰিব বুলি সদৰী কৰে।সমগ্র অসমতে চলি থকা উচ্ছেদৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে-নগাঁও জিলাটো উচ্ছেদ আৰম্ভ হব।এইক্ষেত্ৰত আমি সাৱধানে আগবাঢ়িছো।আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে ক্ষান্ত নহও ।জমিয়তৰ সভাপতি মাদানীয়ে কোৱা বক্তব্যৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-মাদানী অসম বিৰোধী ব্যক্তি।অসমৰ মুখ্যমন্ত্ৰী কোন হব বা নহব অসমৰ ৰাইজে সিদ্ধান্ত লব।মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বৰ্খাস্তৰ দাবী জনোৱাৰ অধিকাৰ নাই।অসমৰ যুৱক-যুৱতীক টেট নিযুক্তি দিবলৈ ধৰোতেও তেওঁ বাধা দিছিল।এন আৰ চিৰ সময়তো অসম বিৰোধী কামত লিপ্ত আছিল।মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব।সাৱধান নহলে মাদানীৰ দৰে ব্যক্তি সকল অসমৰ ভাগ্য বিধাতাহৈ থাকিব।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে-ব্যক্তিগত ভাবে আমি মাদানীক চুলিৰ সমানো কেয়াৰ নকৰো।অসমৰ ৰাইজক অপমান কৰাৰ বাবে আইন সন্মত ব্যৱস্থা লম।জমিয়তৰ অসম বিৰোধী ৰাজনীতি কৰিব নিদিও।অসমৰ ৰাইজ জাগ্ৰত সেনানী।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!