অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARAG: মটক জনগোষ্ঠীক জনজাতিকৰণ দাবীত তিনিচুকীয়াত সমদল

Spread the love

শিল্পী জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

DD TIMES তিনিচুকীয়া, ২০ ছেপ্টেম্বৰঃ নৱপ্ৰজন্মৰ হিয়াৰ আমঠুৱেই নহয় সমগ্ৰ অসমৰ জনতাৰ অতি মৰমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু খবৰে মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ উপৰি ছয় জনগোষ্ঠীৰ নেতৃত্ববৃন্দই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অৱশেষত ঐতিহাসিক সৌমাৰখণ্ডৰ ভুমিপুত্ৰ মটক জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ পুৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাহাল ৰাখি শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণৰ দাবীত বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ৷

শুকুৰবাৰে দুৰ্ভাগ্যজনক খবৰে ছয় জনগোষ্ঠীৰ ৰাইজক অধিক ম্ৰিয়মাণ কৰি তোলা বুলি উল্লেখ কৰি অসমৰ জনসাধাৰণক জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতো উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ দুপৰীয়াৰ পৰা ৰাইজ ওলাই অহাৰ বাবেই কাৰ্যসূচী বাতিলৰ পৰা বিৰত থাকিবলগীয়া হোৱাত সমগ্ৰ অসমৰ ৰাইজৰ ওচৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই কেউটা সংগঠনৰ হৈ অসমৰ ৰাইজৰ ওচৰত ক্ষমা মাগিছে ৷

তিনিচুকীয়া আই টি আই খেলপথাৰত সমবেত হোৱা হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত পুষ্পাঞ্জলি নিবেদি শ্ৰদ্ধাঞ্জলি জনায় ৷ উপস্থিত আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমৰজ্যোতি গোঁহাই, মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা, আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাকে আদি কৰি লক্ষাধিক লোকে জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনায় ৷

উল্লেখযোগ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰতাৰণাই উজনিৰ মৰাণ, মটক ৰাইজক ক্ষোভিত কৰি তুলিছে ৷ প্ৰতিখন চৰকাৰেই বছৰ বছৰ ধৰি কেৱল মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি জনগোষ্ঠী কেইটাক প্ৰতাৰণা কৰাৰ বাবেই এইবাৰ মাৰবান্ধি চৰকাৰৰ বিৰুদ্ধে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত নামি পৰিছে ৷

চৰকাৰ যিয়েই নহওক কিয় খিলঞ্জীয়া ভূমিপুত্র বিৰোধী ছৱিখন স্পষ্ট ৰূপত প্ৰতিফলিত হোৱাৰ দাবীৰেই আজি মটক জনগোষ্ঠীৰ বৃদ্ধ, বৃদ্ধা, পুৰুষ, মহিলা, যুৱক, যুৱতী, ছাত্ৰ-ছাত্ৰী আনকি চৰকাৰী কৰ্মচাৰীসকলেও স্বতঃস্ফূৰ্তভাৱে ৰাজপথত নামি শাসনাধিষ্ঠ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি জনজাতিকৰণৰ দাবী উত্থাপন কৰে ৷

বিশ শহস্ৰাধিক ৰাইজে হাতে হাতে জোঁৰ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, বিজেপি হুচিয়াৰ, জুৱেল ওৰাং মুৰ্দাবাদ, ন’ এচটি ন’ ৰেষ্ট, জয় আই অসম, এই জুই জ্বলিছে জ্বলিবই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ আই টি আই খেলপথাৰখনৰ পৰা এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰি বৰগুৰি কোৰ্ট তিনিআলি হৈ ৰঙাগড়া পথেৰে চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰি চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত উপস্থিত হয় ৷

শুকুৰবাৰে জোঁৰ সমদল মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত আৰু ছয় জনগোষ্ঠীয় সংগঠনৰ উপৰিও আন আন বহুকেইটা সংগঠনৰ নেতৃত্ব আৰু সদস্য অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰা জনগোষ্ঠীটোৰ চিন্তাবিদ, লেখন, আইন পৰামৰ্শদাতা ফটিক চন্দ্ৰ নেওগে সাংবাদিকক জানিবলৈ দি কয় যে, দেশে স্বাধীনতা লাভ কৰাৰ পিছতো পিছপৰা মটক জনগোষ্ঠীৰ উন্নতিৰ বাবে কোনো এখন চৰকাৰেই উপযুক্ত মনোযোগ প্ৰদান কৰা নাই।

বৰ্তমান বেংমৰা ৰাজ্যৰ প্রায়বিলাক কীৰ্তি চিহ্ন আৰু ঐতিহাসিক স্থান বহিৰাগত বনিকৰ দখলত। দেশৰ অর্থনীতিলৈ এই বেংমৰা ৰাজ্যই তেল, কয়লা চাহপাত, কাঠ আদিৰ ৰূপত সৰ্বাধিক ৰাজহ প্ৰদান কৰি আহিছে। তাৰ বিপৰীতে ভূমিপুত্ৰ মটকসকল আজি নিজ স্থানতে এক প্ৰকাৰে ভগনীয়া হৈছে ৷

সেয়েহে মটকসকলে নিজৰ অস্তিত্ব ৰক্ষা কৰি স্বাভিমানেৰে জীয়াই থাকিবৰ বাবে সংবিধানৰ যোগেদি সংৰক্ষণ বিচৰাতো অধিকাৰ ৷ জনজাতিকৰণৰ বিষয়ত মটকসকলে কোনো আপোচ আৰু নকৰে বুলিও উল্লেখ কৰা হৈছে ৷

শুকুৰবাৰে সমগ্ৰ অসমবাসী শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰা স্বত্বেও অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি মটক ৰজা স্বর্গদেউ সর্বানন্দ সিংহৰ ৰাজত্ব কালৰ বুৰঞ্জী প্রসিদ্ধ বেংমৰাত স্বাভিমান আৰু জন্মস্বত্ব অধিকাৰ বিচাৰি আদিম ভূমিপুত্র মটকসকলে তিনিচুকীয়াত শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে তেওঁলোকৰ দাবী পুৰণৰ বাবে জোঁৰ সমদল বাহিৰ কৰিবলৈ বাধ্য হৈছে একমাত্ৰ চৰকাৰৰ বঞ্চনাৰ বাবে বুলিও সংগঠনৰ নেতৃত্বই প্ৰকাশ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!