অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত খোজ কঢ়া প্ৰতিযোগিতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

Spread the love

স্বাস্থ্য সজাগতা আৰু মনোবল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতিযোগিতাত ৬০-৮৫ বছৰ বয়সৰ অৰ্দ্ধশতাধিক বয়োজ্যেষ্ঠ নাগৰিকৰ অংশগ্ৰহণ


DD TIMES তিতাবৰ, ১৯ ছেপ্টেম্বৰঃ বয়স বাঢ়ি অহাৰ লগে লগে প্ৰায় সকলো ব্যক্তিয়ে শাৰীৰিক আৰু মানসিকভাৱে নিশকতীয়া অনুভৱ কৰে। এই মনোভাবৰ বিপৰীতে তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত ষাঠিৰোৰ্ধৰ নাগৰিকৰ মাজত ১৮ ছেপ্টেম্বৰত খোজ কঢ়া প্ৰতিযোগিতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

পুৱা তিতাবৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপৰি অনেক অগ্ৰজ আৰু অনুজ লোকৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠনৰ প্ৰতিনিধিসহ শুভাকাঙ্খীসকলৰ উপস্থিতিত অনুষ্ঠিত কৰা খোজ কঢ়া প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰহণ কৰা ব্যতিক্ৰমী কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

তিতাবৰৰ ষাঠিৰ উৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ স্বাস্থ্য সজাগতা আৰু মনোবল বৃদ্ধিৰ উদ্দেশ্যে পুৱা ৬ বজাত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপৰ পৰা শ্ৰীমন্ত শঙ্কৰ বিদ্যাপীঠৰ সন্মুখেৰে তিতাবৰ টাউন হাইস্কুল হৈ ধোদৰ আলিৰ কাষৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ সন্মুখলৈ প্ৰায় দুই কিলোমিটাৰ পথত খোজ কঢ়া প্ৰতিযোগিতাত তিতাবৰৰ বিভিন্ন প্ৰান্তৰ ষাঠিৰ পৰা পঁচাশী বছৰ বয়সৰ ৭৭গৰাকী বয়োজ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে।

দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত ক্ৰমে মনোৰঞ্জন ডেকা (৬৭)ই প্ৰথম, ৰূপেশ্বৰ পাঠকে (৬৪) দ্বিতীয়, ধীৰেন দত্ত (৬৫)ই তৃতীয়, তোষেশ্বৰ বুঢ়াগোহাঁই (৮৫)য়ে চতুৰ্থ আৰু মহিলাৰ শাখাত মাচু বৰুৱা (৬৫)ই প্রথম, কল্পনা ৰাজকুমাৰী (৬৫)য়ে দ্বিতীয় আৰু জিমি শইকীয়া (৬০)ই তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ ৰাজখোৱা, সন্মিলনৰ সম্পাদক তথা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰশান্ত গগৈ, প্ৰতিযোগিতাৰ তত্ত্বাৱধায়ক ক্ৰমে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ গুণাৰাম নাথ আৰু সমাজকৰ্মী সঞ্জীৱ দত্তৰ পৰিচালনাত ডেৰ শতাধিক জ্যেষ্ঠ নাগৰিকে দৰ্শকৰূপে অংশগ্ৰহণ কৰি উৎসাহিত কৰা প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত হোৱা স্বাস্থ্য পৰীক্ষা শিৱিৰত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ ডাঃ দেৱাশীষ মিলি আৰু ডাঃ বন্তি চাহাই উপস্থিত জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বৰ্ষীয়ান নাগৰিক তথা বিশিষ্ট ব্যৱসায়ী জগদীশ শৰ্মাই উপস্থিত সকলোকে আপ্যায়ন কৰে।

আনহাতে প্ৰতিযোগিতাৰ শেষত তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল শইকীয়া, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা তথা বিশিষ্ট সাহিত্যিক ডঃ বন্দিতা গোস্বামী শইকীয়া আৰু বিশিষ্ট ব্যৱসায়ী জগদীশ শৰ্মাক সন্মিলনৰ তৰফৰ পৰা ফুলাম গামোচাৰে অভিনন্দন জনায়।

উল্লেখ্য যে, বিগত কাৰ্যকালত সভাপতিৰূপে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ, আদৰ্শ কৃষক ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়া আৰু সম্পাদক ৰূপে বিশিষ্ট সমাজকৰ্মী পূৰ্ণ শইকীয়াৰ নেতৃত্বত বহুকেইটা ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়নেৰে সাংগঠনিক ভাৱে শক্তিশালী কৰি তোলা তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনক তিতাবৰৰ সমাজ জীৱনত নৱপ্ৰজন্মৰ বাবে আদৰ্শ সংগঠনৰূপে অধিক কাৰ্যক্ষম কৰাত বৰ্তমানৰ কাৰ্যকৰী সমিতিখনে গ্ৰহণ কৰা পদক্ষেপক তিতাবৰবাসীয়ে আদৰণি জনোৱাৰ উপৰি তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যসূচীসমূহ সফল ৰূপায়নত ‘দৈনন্দিন বাৰ্তা’ আৰু ‘ডিবি নিউজ’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই সহযোগিতা আগবঢ়োৱা বাবে সন্মিলনৰ হৈ সম্পাদক প্ৰশান্ত গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে।

ইফালেদি অহা ১ অক্টোবৰত তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিতাবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আয়োজন কৰা বিশ্ব নাগৰিক দিৱস সফল কৰি তুলিবৰ বাবে সন্তিমিলনৰ সম্পাদক প্ৰশান্ত গগৈয়ে তিতাবৰৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ লগত শুভাকাঙ্খীসকলৰ দিহা-পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!