অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

বৰক্ষেত্ৰীৰ এখন ঐতিহ্যমণ্ডিত বিশেষ পূজা

Spread the love

১৯৬৭ চনতে স্থাপিত বৰক্ষেত্ৰীৰ এটা বিশেষ মন্দিৰত দুৰ্গা পূজাৰ ব্যাপক আয়োজনঃ ন-গৰাকী কুমাৰী ছোৱালীক ন-টা ৰূপত পূজা কৰাৰ পৰম্পৰাও প্ৰচলিত বৰক্ষেত্ৰী নৱৰাত্ৰী দুৰ্গা মন্দিৰত

DD TIMES নলবাৰী, ১৯ ছেপ্টেম্বৰঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাট্টাৰীৰ এখন বিশেষ দুৰ্গা পূজাক লৈ অঞ্চলটোত এক ব্যাপক প্ৰস্তুতি চলিছে।

উল্লেখ্য, ১৯৬৭ চনতে শ্রীশ্রী মদ্ নিত্যানন্দ ব্রহ্মচাৰীয়ে প্ৰতিষ্ঠা কৰা “বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰ”ত চলিছে দুৰ্গা পূজাৰ ব্যাপক আয়োজন। বিগত বৰ্ষসমূহৰ দৰেই সাফল্যৰ ধাৰা অব্যাহত ৰাখি এইবেলি এই দুৰ্গা পূজাখনে ৫৯ সংখ্যক বৰ্ষত ভৰি দিছে।

বিশেষকৈ এই পূজাখনত অনুষ্ঠিত কুমাৰী পূজা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ভীৰ কৰে অঞ্চলটোত। বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰ,আদাট্টাৰীত অনুষ্ঠিতব্য এই দুৰ্গা পূজাখন অহা ৫ আহিন অৰ্থাৎ ২২ ছেপ্তেম্বৰ সোমবাৰে আৰম্ভ হ’ব।

এই পূজাভাগী প্ৰতিপদৰ পৰা দশমীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি জনাইছে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে।


ডাঃ মনোজ গোস্বামীক সভাপতি, ধনীৰাম বৈশ্যক কাৰ্যকৰী সভাপতি, ডাঃ ৰূপকান্ত বৰ্মন, অতুল গোস্বামী,অশ্বিনী ডেকা, কৃষ্ণকান্ত মহন্ত,বেণুধৰ শৰ্মা, ভৈৰৱ শৰ্মা,নিকুঞ্জলতা মহন্তক উপ-সভাপতিমণ্ডলী, হিতেশ ডেকাক প্রধান সম্পাদক, মিন্টু শর্মাক কাৰ্যকৰী সম্পাদক, ৰমেন কুমাৰ শৰ্মা, নির্মল চন্দ্র কলিতা, ৰুবুল শর্মা (পাপুল), বিশ্ব বিকাশ শর্মা,গীতার্থ শর্মাক সহঃ সম্পাদকমণ্ডলী হিচাপে লৈ গঠিত “বৰক্ষেত্ৰী নৱৰাত্ৰী দুৰ্গা পূজা কমিটী”য়ে জানিবলৈ দিয়া অনুসৰি ৫ আহিন অৰ্থাৎ ২২ ছেপ্তেম্বৰ সোমবাৰে পুৱা শ্ৰীশ্ৰীদুর্গা দেবীৰ প্ৰতিপদ বিহিত পূজা, চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগৰ ওপৰিও সন্ধিয়া আৰতি,ওজাপালিৰ বন্দনা আৰু নাগাৰা নাম পৰিৱেশন কৰিব ঘগ্ৰাপাৰৰ পাঠিকা বৈজয়ন্তী নাথ তালুকদাৰে। ৬ আহিন অৰ্থাৎ ২৩ ছেপ্তেম্বৰ মঙ্গলবাৰে ৰাতিপুৱা শ্ৰীশ্ৰীদুর্গা দেবীৰ দ্বিতীয়া বিহিত পূজা, চণ্ডী পাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগৰ উপৰিও সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা চলিব।

৭ আহিন অৰ্থাৎ ২৪ ছেপ্তেম্বৰ বুধবাৰে পুৱা শ্ৰীশ্ৰীদুর্গা দেৱীৰ তৃতীয়া বিহিত পূজা, চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগৰ ওপৰিও সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা আৰু নাগাৰা নাম পৰিৱেশন কৰিব পাঠক পার্থ প্রতীম দাসে।

বৃহস্পতিবাৰ ৮ আহিন অৰ্থাৎ ২৫ ছেপ্তেম্বৰৰ পুৱা শ্ৰী শ্ৰীদুর্গা দেবীৰ চতুর্থী বিহিত পূজা, চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্রসংগৰ ওপৰিও সন্ধিয়া আৰতিৰ ওপৰিও ওজাপালিৰ বন্দনা চলিব। ৯ আহিন অৰ্থাৎ ২৬ ছেপ্তেম্বৰ শুক্রবাৰে পুৱা শ্রী শ্রী দুর্গা দেবীৰ চতুর্থী বিহিত অধিক পূজা, চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা আৰু নাগাৰা নাম পৰিৱেশন কৰিব ৰঙিয়াৰ পাঠক নিপন দত্ত কলিতাই।

১০ আহিন অৰ্থাৎ ২৭ ছেপ্তেম্বৰ শনিবাৰে পুৱা শ্ৰী শ্ৰী দুর্গা দেৱীৰ পঞ্চমী বিহিত পূজা, চণ্ডী পাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগৰ ওপৰিও সন্ধিয়া আৰতি,ওজাপালিৰ বন্দনা চলিব।

১১ আহিন অৰ্থাৎ ২৮ ছেপ্তেম্বৰ বৰিবাৰে পুৱা শ্ৰীশ্ৰীদুর্গা দেবীৰ ষষ্ঠী বিহিত পূজা চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্রসংগৰ ওপৰিও সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা আৰু নাগাৰা নাম পৰিবেশন কৰিব নলবাৰীৰ বিজুলীঘাটৰ পাঠক মন্টু দাসে।

১২ আহিন অৰ্থাৎ ২৯ ছেপ্তেম্বৰ সোমবাৰে পুৱা শ্ৰী শ্ৰী দুর্গা দেবীৰ সপ্তমী বিহিত পূজা, চণ্ডীপাঠ, হোম, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগৰ উপৰি সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা চলিব।

১৩ আহিন অৰ্থাৎ ৩০ ছেপ্তেম্বৰ মঙলবাৰে পুৱা শ্ৰী শ্ৰী দুর্গা দেবীৰ অষ্টমী বিহিত পূজা,ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্রসংগৰ ওপৰিও সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা চলিব।

১৪ আহিন অৰ্থাৎ ১ অক্টোবৰ বুধবাৰে পুৱা শ্রী শ্রী দুর্গা দেবীৰ নৱমী বিহিত পূজা, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্রসংগৰ উপৰি দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ঐতিহ্যবহনকাৰী “কুমাৰী পূজা”ত, শৈলপুত্রী, ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুস্মাণ্ডা, স্কন্দমাতা, কাত্যায়ণী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্রী দেৱীৰ ৯টা ৰূপত ৯ বছৰ বয়সৰ ভিতৰৰ ৯ জনী কুমাৰী ছোৱালীক সজাই-পৰাই পূজা কৰা হ’ব আৰু পূজাৰ অন্তত শান্তি প্রদান আৰু প্ৰসাদ ভোগ বিতৰণৰ উপৰি সন্ধিয়া আৰতি, ওজাপালিৰ বন্দনা চলিব।

১৫ আহিন অৰ্থাৎ ২ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা শ্ৰী শ্ৰী দুর্গা দেবীৰ দশমী বিহিত পূজান্তে অপৰাজিতা পূজা, ওজাপালিৰ বন্দনা, আয়তীৰ নাম-প্ৰসংগ আৰু দেৱী বিসর্জনৰ লগতে বিজয়া দশমী উৎসৱ পালন কৰা হ’ব। সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে দুৰ্গা পূজা উদযাপন কমিটীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!