যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত গৱেষণা উপদেষ্টা গোটৰ বৈঠক
DD TIMES যোৰহাট, ১৯ ছেপ্টেম্বৰঃ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ১৭ ছেপ্টেম্বৰত ২৭ সংখ্যক গৱেষণা উপদেষ্টা গোটৰ বৈঠক অনুষ্ঠিত হয়।

প্ৰতিষ্ঠানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই বৈঠক হাইব্ৰিড পদ্ধতি অৰ্থাৎ অফলাইনৰ লগতে অনলাইনৰ যোগেদি অনুষ্ঠিত কৰা হয়।
আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ নীতিন কুলকাৰ্ণীয়ে উপস্থিত থকা সকলো গৱেষণা উপদেষ্টা গোটৰ বৈঠকৰ সদস্য আৰু অন্যান্য অংশগ্ৰহণকাৰীক শাৰীৰিকভাৱে আৰু ভাৰ্চুৱেলভাৱে আদৰণি জনায়৷
প্ৰতিষ্ঠানটোৰ গোট সমন্বয়ক (গৱেষণা) ড° ৰাজীৱ কুমাৰ বৰাই প্ৰতিষ্ঠানটোৰ গৱেষণা, উন্নয়ন আৰু সম্প্ৰসাৰণৰ কাম-কাজৰ বিষয়ে অৱগত কৰে।
সভাত শাৰীৰিকভাৱে উপস্থিত থাকে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন্দ্ৰ নাথ শৰ্মা; যোৰহাটৰ কেন্দ্ৰীয় মুগা এড়ি গৱেষণা আৰু প্ৰতিষ্ঠানৰ সঞ্চালক ড° কাৰ্তিক নেওগ; ড° অৰ্চনা মনি দাস, বিজ্ঞানী, চি এছ আই আৰ- নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি, যোৰহাট; ড° সঞ্জয় কুমাৰ ৰায়, প্ৰধান বিজ্ঞানী, আইচিএআৰ- ৰাষ্ট্ৰীয় মাটি জৰীপ আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা যোৰহাট; মেঘালয়ৰ পৰা অহা সাঁচি পৰামৰ্শদাতা আব্দুল কোৱাভিৰ ডঃ ধ্ৰুৱ জ্যোতি দাস, ইমতেমছু আও, ডঃ সত্যম বৰদলৈৰ উপৰিও প্ৰতিষ্ঠানটোৰ সকলো বিজ্ঞানী আৰু বিষয়াসকল।
সভাত ভাৰ্চুৱেলি উপস্থিত থাকে অৰুণাচলৰ মুখ্য প্ৰধান বন সংৰক্ষক পি: সুব্ৰমানিয়াম, মণিপুৰ বিশ্ববিদ্যালয়ৰ ড° বিবেক বৈষ্ণৱ; ডাঃ ৰাজেশ যোশী, জিবিপিএনআইএইচই, ছিকিম, আৰতি চৌধুৰী, চিচিএফ, গৱেষণা প্ৰশিক্ষণ আৰু নিৰীক্ষণ, মিজোৰাম বন বিভাগ, মিজোৰাম; তুৰা নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ তুৰা কেম্পাছৰ ড° গোপাল শুক্লা; আৰু ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ- ডেৰাডুনৰ সহকাৰী সঞ্চালক প্ৰধান ড° পি এছ ৰাৱাটে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদডেৰাডুনৰ সঞ্চালক প্ৰধানক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰতিষ্ঠানটোৰ বিভিন্ন বিজ্ঞানীয়ে চাৰিটা ভিন্ন বিষয়ৰ মুঠ সাতটা নতুন গৱেষণা প্ৰকল্প উপস্থাপন কৰে। এই প্ৰকল্পসমূহৰ ওপৰত সভাত পুংখানুপুংখভাৱে আলোচনা কৰা হয় আৰু মূল্যৱান পৰামৰ্শ লাভ কৰা হয়।
বৈঠকে পৰামৰ্শ দিয়া প্ৰকল্পসমূহ অৱশেষত পৰৱৰ্তী পৰ্যায়ত ডেৰাডুনত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত বাছনি সমিতিৰ বৈঠকত উপস্থাপন কৰা হ’ব। এই সভাত প্ৰতিষ্ঠানটোৰ বিভিন্ন চলি থকা গৱেষণা প্ৰকল্পৰো পৰ্যালোচনা কৰা হৈছিল।
প্ৰকল্পটোৰ এবছৰৰ সময়সীমা বৃদ্ধিৰ বাবে পৰিৱৰ্তনৰ অনুৰোধ থকা চাৰিটা প্ৰকল্পকো অনুমোদন জনোৱা হয়। শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণ বিভাগৰ মুৰব্বী, ৰাজীৱ কুমাৰ কলিতাৰ ধন্যবাদ জ্ঞাপনেৰে এই বৈঠকৰ অন্ত পৰে।