‘হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে এখনো খিলঞ্জীয়া গাঁও উচ্ছেদ নহয়’
বিটিচি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ননৈ চেৰফাং সমষ্টিৰ ৰাজাগড়ত সঞ্জীত তান্তী জয়ধ্বনীৰে প্ৰচাৰ আৰম্ভঃ বিটিআৰৰ নিৰ্বাচনৰ পিছত পাঁচ লাখ মহিলাক অৰুনোদয় আৰু উদ্যোমিতাৰ ধন মখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে বিলাব
ওদালগুৰিত মেডিকেল কলেজ স্থাপন লগতে বিভিন্ন আঁচনি ঘোষণা
DD TIMES টংলা আৰু পানেৰী, ১৯ ছেপ্টেম্বৰঃ
সমাগত বিটিচি নিৰ্বাচন, নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিন মান বাকী৷ বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাত উত্তপ্ত হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি৷

বিশেষকৈ ওদালগুৰি জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে। বড়োভূমিৰ ক্ষমতা দখলৰ বানে বিজেপি সম্পূৰ্ণ সমূহ সমৰত নামি পৰা দেখা গৈছে।
ওদালগুৰি জিলাৰ অন্তৰ্গত ভাৰত-ভুটান সীমন্তৰ ৰাজাগড়ত বিটিচিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সঞ্জীত তাঁতীৰ বাবে হাজাৰ হাজাৰ সমৰ্থক আৰু ৰাইজৰ মাজত শক্তিশালী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰি বিটিআৰত শান্তি, উন্নয়ন আৰু প্ৰগতিৰ সৃষ্টি কৰাৰ লগতে যিকোনো সমস্যা সমাধান কৰিব পাৰিব এক মাত্ৰ বিজেপি চৰকাৰে।

ৰাইজে এইবাৰ আমাক বিচাৰিছে গতিকে বিটি আৰত বিজেপি চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত বুলি ননৈ চেৰফাংত নিৰ্বাচনী প্ৰচাৰ চলাব আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে নিৰ্বাচনী ভাষণ দিয়ে।
ভাষণৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে আমি কাৰো বিৰোধী নহয়। কিন্তু উন্নয়ন শান্তি আৰু প্ৰগতি আনিব লাগিলে বিজেপী চৰকাৰ লাগিবই।
আনহাতে বিটিআৰ চৰকাৰ খনক কতাক্ষা কৰি মুখ্য মন্ত্ৰী শৰ্মাই আৰু কয় আমি বছৰত বিটিআৰ চৰকাৰক এক হাজাৰ কোটি টকা দিয়া হয় কিন্তু তাৰ হিচাপ আজিলৈকে নাই।
বিটিআৰ চৰকাৰে ইমান বোৰ টকা কি কামত ব্যবহাৰ কৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সকলো বোৰ আঁচনি ৰাজ্য চৰকাৰেহে প্ৰদান কৰি আহিছে।
বিটিচি চৰকাৰে কি কাম কৰি আছে এতিয়া সকলো ৰাইজে বুজি পাইছে। এইবাৰ বিটিআৰত ট্ৰিপ’ল ইঞ্জিনৰ চৰকাৰ হলে বিজেপি আগবাঢ়ি যাব।
দিল্লী দিছপুৰ আৰু কোকৰাঝাৰ একে লগে বান্ধিলে ফুলৰ মালা ধাৰি ভাল লাগৰ লগতে উন্নতিৰ শিষৰলৈ আগবাঢ়িব। যিহেতু এজনে আন জনক বাদ দি আগবাঢ়ি যাব নোৱাৰিব বুলি কয়।
ওদালগুৰিত মেডিকেল কলেজ নিৰ্মাণ কৰা, গৰুৱাঝাৰত কলেজ নিৰ্মাণ কৰা, হাতীগড়-এলএমবি পথ সংযোগী কুলশী নদীৰ ওপৰত দল্ নিৰ্মাণ কৰা, হাতিগড় উচ্চ মাধ্যমিক বিদ্যালয় উন্নতিকৰণ লগতে বিভিন্ন আঁচনি ঘোষণা ৰূপায়ন কৰা হব বুলি মুখ্য মন্ত্ৰী শৰ্মাই ঘোষণা কৰে।
তেঁও আৰু কয় বিটিআৰত বাস কৰা সকলো ৰাইজে ভূমিৰ অধিকাৰ পাব লাগিব আনহাতে বিটিআৰ চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত ২৬টা জনগোষ্ঠীক সমৰ্থন দিব লাগিব, টকা নিদিয়াকৈ সকলোৱে সমান সুবিধা পাব লাগিব বুলি কয়।
বিটিআৰত থকা ভিচিডিচি বোৰৰ দুৰ্নীতি সন্দৰ্ভত মূখ্য মন্ত্ৰীৰ জনে আৰু কয় যে এইবাৰ আমাৰ চৰকাৰ আহিলে ভিচিডিচি বোৰ গাতৰ ভিতৰৰ সোমাব, এন্দুৰ নিগনি বোৰক মাৰি পেলাব লাগিব আৰু এই এন্দুৰ নিগনি বোৰক চিৰদিনৰ কাৰণে বিদায় দিব লাগিব বুলি কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ডিটেনচন কেম্পত এজনো বঙালী লোক নাই বিটিআৰত থকা বঙালী মানুহ সকল ডি ভোটাৰ নহয়।