হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও একমাত্ৰ মোক ফোন কৰিব নোৱাৰে
মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰোঃ গৌৰৱ গগৈ
DD TIMES ওদালগুৰি, ১৭ ছেপ্টেম্বৰঃ ওদালগুৰি জিলাৰ ধনশ্রী পৰিষদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত APCCৰ সভাপতি গৌৰৱ গগৈ৷ পৰিষদীয় সমষ্টিটোৰ ইকৰাবাৰীত কংগ্ৰেছৰ বিশাল সভা৷

সমষ্টিটোৰ মনোনীত প্রার্থী ৰিলন মুছাহাৰীৰ হৈ প্রচাৰ চলায় গৌৰৱ গগৈয়ে৷ BTR নির্বাচনক লৈ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰে APCC সভাপতি গৰাকীয়ে৷

এইখন ইস্তাহাৰৰ সকলো কাম আগত ৰাখিয়েই এইবাৰ বহুবছৰৰ মূৰত হলেও শক্তিশালী ৰূপত কংগ্রেছ দলে BTR দখল কৰিবলৈ অগ্ৰহৰ হৈছে৷ AICC সম্পাদক পৃথ্বীৰাজ সাথে, ইস্তাহাৰ সমিতিৰ সভাপতি সাংসদ প্রদ্যুৎ বৰদলৈৰ উপস্থিতিত ইস্তাহাৰ মুকলি গৌৰৱ গগৈৰ৷

আনহাতে, ভাষণ প্রসংগত গৌৰৱ গগৈৰ মুখত পুনৰা মুখ্যমন্ত্রীৰ মোবাইল ফোনৰ প্রসংগ৷ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, BPF-UPPL মানে একেই৷

হিমন্ত বিশ্বই এটা ফোনেৰে হাগ্ৰামাক ফোন কৰে, এটা ফোনেৰে কৰে প্রমোদ বড়োক৷ পৃথিৱীৰ সকলোকে ফোন কৰিব পৰিলেও একমাত্র মোক ফোন কৰিব নোৱাৰে৷

মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰোঁ- মন্তব্য গৌৰৱ গগৈৰ৷