অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মুখ্যমন্ত্ৰীৰ চহী অবিহনে বৰনদী অভয়াৰণ্যৰ এলেকাত কোনো এজন লোক উচ্ছেদ নহয়ঃ মুখ্যমন্ত্ৰী

Spread the love

মমতা বেনাৰ্জীৰ অসমত কোনো কাম নাই, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক কলিকতালৈ পঠিয়ায় দিয়ক

হাতী-মানুহৰ সংঘাট হৈ থকা ননৈ চেৰফাঙত তৃণমূল কংগ্ৰেছৰ প্ৰতীকটো হাতীক খুৱাবলৈ দিলে সমৰ্থকক

বিটিচিত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব, বিজেপিয়ে কাকো হেৰুৱাবলৈ নিৰ্বাচন নেখেলে, নিজে জিকিবলৈ নিৰ্বাচন খেলিছে

ত্ৰিপুল ইঞ্জিনৰ ডাবাৰে কোকৰাঝাৰ দখলৰ দাবী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, বৰ্তমান সময়ত সুলভ মূল্যৰ দোকানত কেন্দ্ৰীয় চৰকাৰে চাউল দিছে। বিজেপি চৰকাৰ আহিলে ৰাজ্য চৰকাৰে দালি আৰু আলু দিব বিটিচি চৰকাৰে দিব মিঠাতেল


DD TIMES ওদালগুৰি, ১৭ ছেপ্টেম্বৰঃ বিটিচিত বলিছে ৰাজনীতিৰ গৰম বতাহ, সমষ্টিয়ে-সমষ্টিয়ে ৰথী-মহাৰথীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ বিটিচি দখলৰ লক্ষ্য ভাৰতীয় জনতা পাৰ্টীৰ, বিটিচিত বিজেপিৰ ৰণডংকা।

বিটিচিৰ চাৰিটাকৈ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰতিকুল বতৰকো নেওচি ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টি আৰু খালিংদুৱাৰ দুয়োটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। বিটিচি নিৰ্বাচনত বিজেপিৰ বিজয়ধ্বজা উৰুৱাবলৈ দিনে-নিশাই প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

মঙলবাৰে ওদালগুৰিৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিত উপস্থিত হৈ সমষ্টিতোৰ বিজেপি প্ৰাৰ্থী সঞ্জিৎ তাঁতীৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

ৰজাগড়ত অনুষ্ঠিত সভাত হাজাৰ-হাজাৰ ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ জয়গান গোৱা দেখিবলৈ পোৱা গ’ল।

,বিজেপি চৰকাৰৰ মূল লক্ষ্য হৈছে সম অধিকাৰ, সম উন্নয়ন, সম দৃষ্টি। বিটিচিত সকলো জাতি-জনগোষ্ঠীৰ লোকৰ উন্নয়ন কৰাই হৈছে মূল লক্ষ্য।

বিগত সময়ত বিটিচিত অশান্তিৰৰে ভৰি পৰিছিল বন্দুক-বাৰুদৰ গুলি ফুটিছিল । এতিয়া বিটিআৰত সেইবোৰ নোহোৱা হ’ল । বিজেপিয়ে অৰুণোদয় আঁচনি দিছে , মহিলা উদ্যোমী আঁচনি, নিবনুৱা যুৱক-যুৱতীক ২ লাখকৈ টকা অনুদান আগবঢ়াব , ছাত্ৰ-ছাত্ৰীক জলপানী দি আহিছে বিজেপি চৰকাৰে।


ইফালে অলপতে বৰনদী অভয়াৰণ্যত উচ্ছেদক লৈ জৰীপৰ ওপৰত অহা জাননীকলৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ এজনো খিলঞ্জীয়া মানুহৰ উচ্ছেদ নহ’য় বুলি অভয়বাণী দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোনো গাঁৱকে বনাঞ্চল হ’বলৈ দিয়া নহ’ৱ।

মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনেও মানুহৰ বসতিস্থানক বনাঞ্চল বনাব নোৱাৰিব আৰু মুখ্যমন্ত্ৰীয়ে এই কাৰ্য হ’ৱ নিদিয়ে। গতিকে ৰাইজে ভয় খোৱাৰ কোনো কাৰণ নাই বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

নিৰ্বাচন আহিলেই একাংশই হিন্দু বঙালী সকলৰ ডি ভোটাৰৰ প্ৰসংগ উথ্থাপন কৰি ভয়ৰ সঞ্চাৰ কৰে বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰ অহাৰ পাছত ডিটেনচন কেম্পত থকা এজন হিন্দু বঙালীক দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনাই। বিজেপি চৰকাৰ অহাৰ পাছত কোনো হিন্দু লোকৰে ডি ভোটাৰৰ সমস্যা হ’বলৈ দিয়া নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে ননৈ চেৰফাং সমষ্টিত তণমূল কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমত মামা থাকোতে মমতা বেনাৰ্জীৰ কোনো কাম নাই ৷

এটা সমষ্টিত প্ৰাৰ্থীত্ব দি যিহেতু চৰকাৰ বনাব নোৱাৰে গতিকে তৃণমূলৰ প্ৰাৰ্থী জনক ধৰি বান্ধি পশ্চিমবংগলৈ পঠাই দিবলৈ ৰাইজক আহ্বান জনোৱাৰ উপৰিও তৃণমূল কংগ্ৰেছৰ প্ৰতীকটো হাতীক খাবলৈ দিয়ে সমৰ্থকক ৷

ইপিনে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে নেপিয়াৰ লগোৱা হ’ব আৰু সৌৰচালিত ফেঞ্চিং ব্যৱস্থা কৰা হ’ব বুলি ও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপিক হৰুৱাবলৈ তৃণমূলে ননৈ চেৰফাঙত প্ৰাৰ্থী দিয়াৰ প্ৰসংগ উথ্থাপন কৰি তেওঁ কয় যে নিৰ্বাচনত কাৰোবাক হৰুৱাবলৈ নহ’য় জিকিবলৈহে নিৰ্বাচন খেলিব লাগে।

নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে চাহ বাগিছা অঞ্চলৰ এটি কলি দুটি পাত আঁচনি, মহিলা উদ্যমিতা, অৰুনোদয়, নিযুত মইনা আদি আঁচনি একমাত্ৰ বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হৈছে বুলি উল্লেখ কৰি বিটিচিত বিজেপি চৰকাৰ আহিলে বিটিচিত এই আঁচনিৰ অতিৰিক্ত সুবিধা প্ৰদানৰ আশ্বাস দিয়ে৷

এইবাৰ ননৈ চেৰফাঙত সঞ্জিৎ তাঁতী জয়ী হ’লে ননৈ চেৰফাঙৰ সমস্যা সমূহ এটা-এটাকৈ নোহোৱা হ’ব , সেয়েহে সঞ্জিৎ তাঁতীক ভোট দিবলৈ বাৰে-বাৰে আহ্বান জনায় ননৈ চেৰফাং সমষ্টিবাসী ৰাইজক মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!