MISCELLANEOUS

COTTON UNIVERSITY: কটন বিশ্ববিদ্যালয়ত বিশ্ব অ’জন দিৱস উদযাপন

Spread the love

DD TIMES গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ কটন বিশ্ববিদ্যালয়ত অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা বিভাগ (ACCMS) আৰু অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সহযোগত ২০২৫ বৰ্ষৰ বিশ্ব অ’জন দিৱস ১৬ ছেপ্টেম্বৰত জীৱবিজ্ঞান বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে। এই বছৰৰ অ’জন দিৱসৰ বিষয়বস্তু আছিল– ‘বিজ্ঞানৰ পৰা বিশ্বব্যাপী কাৰ্য্যৰ দিশে’।”

অনুষ্ঠানৰ উদ্বোধনী ভাষণ আগবঢ়ায় অসম চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। তেওঁ উদ্বোধনী ভাষণত অ’জন স্তৰৰ ক্ষয় ৰোধ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

তেওঁ উপস্থিত থকা যুৱসমাজক বিশেষকৈ গছ ৰোপণ আৰু পৰিবেশ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনায়। লগতে তেওঁ উল্লেখ কৰে যে পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডল ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিজন ব্যক্তিৰেই। তেওঁ পৰিৱেশ সংৰক্ষণত পদ্মশ্ৰী বঁটা বিজয়ী তথা পৰিৱেশ কর্মী যাদৱ পায়েংৰ প্ৰচেষ্টাৰ কথাও উনুকিয়াই,৷

যিয়ে এক নদীনিৰ্ভৰ অঞ্চলক বনাঞ্চলত ৰূপান্তৰ কৰি তাত বন্যপ্ৰাণী পুনৰুদ্ধাৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ ভাষণৰ মাজতে কটন কলেজৰ প্ৰাক্তন ছাত্ৰ হিচাপে কটন কলেজৰ পুৰণি দিনবোৰৰ কথা স্মৰণ কৰে।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই তেওঁৰ ভাষণত অ’জন স্তৰৰ ক্ষয় ৰোধৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি সকলোকে সজাগতা অৱলম্বন কৰাৰ লগতে পৰিৱেশৰ লগত খাপ খোৱাকৈ অনুকূল অভ্যাস গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অসমৰ মুখ্য বনসংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ (আই.এফ.এছ.) আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অধ্যাপকঅৰূপ মিশ্ৰয়ে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অৰূপ মিশ্ৰয়ে তেওঁৰ ভাষণত ক্লোৰফ্লৰ’কাৰ্বন (CFCs) আদি ৰাসায়নিকবোৰে কেনেদৰে প্ৰতিক্ৰিয়াশীল প্ৰভাৱ সৃষ্টি কৰি অ’জন অণুক প্ৰাকৃতিকভাৱে পুনৰুদ্ধাৰ হোৱাৰ আগতে অধিক হাৰত ধ্বংস কৰে, সেই বিষয়ে আলোকপাত কৰে।

ফলস্বৰূপে, পৃথিৱী পৃষ্ঠত অতি বেঙুনীয়া ৰশ্মি যথেষ্ট পৰিমাণে প্ৰৱেশ কৰে, যাৰ ফলত চৰ্মৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায় আৰু পৰিবেশত ক্ষতিকাৰক প্ৰভাৱ পৰে।

জীৱ বিজ্ঞান অনুষদৰ ডীন আৰু জীৱবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰুপ কুমাৰ হাজৰিকা সম্পাদিত ‘Biowealth’ শীৰ্ষক এখন কিতাপো উক্ত অনুষ্ঠানত উন্মোচন কৰা হয়। উদ্বোধনী অনুষ্ঠানটো ACCMS-ৰ টেকনিকেল সমন্বয়ক ড° ৰিজৱান উজ জামানৰ আদৰণী ভাষণেৰে সৈতে আৰম্ভ কৰা হয়। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কটন বিশ্ববিদ্যালয়ৰ Centre for Clouds and Climate Change (C4R)ৰ অধ্যক্ষ ড° ৰাহুল মহন্তই।

উদ্বোধনী অনুষ্ঠানৰ পিছতেই এক প্ৰযুক্তিগত অনুষ্ঠান অনুষ্ঠিত কৰা হয়, য’ত ড° অৰুপ কুমাৰ মিশ্ৰাই ‘অ’জন স্তৰ: অদৃশ্য ছাতিৰ সংকট’ শীৰ্ষক মুখ্য বক্তৃতা আগবঢ়ায়। তাৰ পিছত ‘বিজ্ঞানৰ পৰা কাৰ্য্যলৈ: অ’জনৰ কাহিনী আৰু ভৱিষ্যতৰ সম্ভাৱনা’ শীৰ্ষক এখন পেনেল আলোচনা অনুষ্ঠিত কৰা হয়, য’ত উপস্থিত আছিল বিশেষজ্ঞ ক্ৰমে ড° পাৰ্থ জ্যোতি দাস (আৰণ্যক), ড° অনামিকা বৰুৱা (আইআইটি-গুৱাহাটী), ড° ৰিজৱান উজ জামান (ACCMS), ড° বিজয় শংকৰ গোস্বামী (বি. বৰুৱা মহাবিদ্যালয়) আৰু ড° কৃপাল্যজ্যোতি মজুমদাৰ (ASDMA)। উক্ত আলোচনা সভাখন পৰিচালনা কৰে ড° ৰাহুল মহন্তে।

এই প্ৰযুক্তিগত অনুষ্ঠানটো PMU-ACCMSৰ নীতি বিষয়া অৰিন্দম গোস্বামীয়ে মন্তব্য আৰু ধন্যবাদ জ্ঞাপনৰ সৈতে সমাপ্ত কৰে। অনুষ্ঠানটোৱে অ’জন স্তৰ সংৰক্ষণৰ গুৰুত্ব, বৈজ্ঞানিক দৃষ্টিভংগী আৰু ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পৃথিৱী সংৰক্ষণত সহযোগিতামূলক কাৰ্য্যৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!