অসমক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

পিলিক চৌধুৰী ৰাজ্যিক স্কুল ফুটবলঃ গোলাঘাটৰ নুমলীগড় হাইস্কুল চেম্পিয়ন

Spread the love

গুৱাহাটী, ২১ আগষ্টঃ গোলাঘাট জিলাৰ নুমলীগড় হাইস্কুল দলে এইবৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অনূৰ্ধ্বৰ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰফী লাভ কৰিছে৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাজ্যিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা ফাইনেলত দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে চিৰাং জিলাৰ উৰ্বশী ব্ৰহ্ম সোঁৱৰণী হাইস্কুলক৷


গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নুমলীগড় হাইস্কুলৰ হৈ খেলৰ ২১ মিনিটত প্ৰথমটো গল দিয়ে অনিৰ্বাণ হাজৰিকাই৷ আনহাতে, তামশ দৈমাৰীয়ে ৩৩ মিনিটত গল কৰি গোলাঘাটৰ দলটোৰ অগ্ৰগতি ২-০ কৰে৷ ইফালে, ৫৫ মিনিটত চেম্পিয়ন নুমলীগড় হাইস্কুলৰ হৈ তৃতীয়টো গল কৰে উৎপল বড়োই৷ অনিৰ্বান শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়৷

উল্লেখ্য যে চেম্পিয়ন নুমলীগড় হাইস্কুল দলে বাংগালুৰুত অনুষ্ঠিত হ’বলগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ল’ৰাৰ ১৫ বছৰ অনূধ্বৰ্ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা ছাব-জুনিয়ৰ প্ৰতিযোগিতাখন অহা দুই ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷

ফাইনেলত অন্তত ট্ৰফী প্ৰদান কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভড়ালী, গুৱাহাটী ছাই কেন্দ্ৰৰ উপ-সঞ্চালক সম্ভু যাদব, বিশিষ্ট ক্ৰীড়া সাংবাদিক পৱিত্ৰ গগৈ, প্ৰাক্তন খেলুৱৈ ছোৱান থাপা, দুৰ্জয় ব্ৰহ্ম৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!