ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুং-ফু খেলত উজলিল মুকালমুৱাৰ পাপু আহমেদ
ভভিনাম প্ৰতিযোগিতাত তিনিটা সোণৰ পদক অৰ্জন কৰা পাপু আহমেদৰ পাপুৰ সফলাত উৎফুল্লিত গাঁওবাসী
DD TIMES মুকালমুৱা, ১৬ ছেপ্টেম্বৰঃ দিল্লীত অনুষ্ঠিত হোৱা ১৪ তম্ ৰাষ্ট্ৰীয় ভভিনাম প্ৰতিযোগিতাত উজলিল অসমৰ সন্তান। ৰাষ্ট্ৰীয় ভভিনাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদকেৰে উজলিল নলবাৰী জিলাৰ মুকালমুৱাৰ লাউতোলা গাঁৱৰ পাপু আহমেদ।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কুং-ফু খেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় পাপুৱে।
উল্লেখযোগ্য যে জিলাখনৰ লাউতোলা গাঁৱৰ ছাকিম আহমেদৰ পুত্ৰ পাপু আহমেদে ৰাষ্ট্ৰীয় ভভিনাম প্ৰতিযোগিতাত সফলতা কঢ়িয়াই গাঁওবাসীলৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰে গাওঁবাসী।
দিল্লীৰ পৰা স্ব-গৃহত উপস্থিত হোৱাত গাঁওবাসীয়ে সমদলেৰে আদৰণি জনায়। কুংফুং খেলুৱৈ পাপুৱে জানিবলৈ দিয়ামতে পৰৱৰ্তী সময়ত অনুষ্ঠিত হব লগা বিশ্ব চেম্পিয়ন ভভিনামৰ বাচনি খেলত পাপু আহমেদে ইণ্ডোনেচিয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কুং-ফু খেলত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ভভিনাম প্ৰতিযোগিতাত পাপুৱে চাৰিখনকৈ খেলত অংশগ্ৰহণ কৰিছিল। ইয়াৰে তিনিখন খেলত সোণৰ পদক লাভ কৰাৰ লগতে আনখন খেলত শাৰিৰীক ভাবে কিছু আঘাত পোৱাত চতুৰ্থখন খেলত পৰাস্ত হয়।
পাপুৰ এনে খবৰে এতিয়া অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাৰ লগতে উঠি অহা নৱ প্ৰজন্মৰ মনত ক্ৰীড়াৰ জাগৰণ আনিব বুলি মত ব্যক্ত কৰে অঞ্চলটোৰ লোকসকলে

