বঙাইগাঁও জিলাত বিধানসভা সমষ্টিভিত্তিক মেগা স্বাস্থ্য মেলা
১৭ছেপ্টেম্বৰত ৰক্ত দান শিবিৰ
১৮ ছেপ্টেম্বৰত বঙাইগাঁৱত মেগা স্বাস্থ্য মেলা
২২ ছেপ্টেম্বৰত নিক্ষয় মিত্ৰৰ দ্বাৰা পুষ্টিকৰ আহাৰ বিতৰণ
DD TIMES বঙাইগাঁও, ১৫ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিত একোখনকৈ মেগা (বৃহৎ) স্বাস্থ্য মেলা অনুষ্ঠিত কৰাৰ বাবে জিলা স্বাস্থ্য সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

প্ৰথম পৰ্যায়ত ১৮ ছেপ্টেম্বৰত বঙাইগাঁও বিধান সভা সমষ্টিত এই মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব ৷ বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই মেগা স্বাস্থ্য মেলাৰ বাবে স্বাস্থ্য বিভাগে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে ৷
সোমবাৰে বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই এই কথা জানিবলৈ দিয়ে ৷
সংবাদ মেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডেকাই জানিব দিয়া মতে এই স্বাস্থ্য শিবিৰত জিন সম্পৰ্কীয় বিকাৰ, জন্মগত হৃদ ৰোগ, বংশানুক্ৰমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগ, স্নায়ুজনিত বিকাৰকে ধৰি মুঠ ৫০ টাৰো অধিক বিভিন্ন ৰোগৰ বাবে পৰামৰ্শ প্ৰদান, স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হ’ব।
উল্লেখযোগ্য যে শিবিৰত চিকিৎসা প্ৰদান কৰাৰ উপৰি প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পৰ্যায়ত জিলা চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়া যথোপযুক্ত চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে ৷
এই স্বাস্থ্য শিবিৰত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ – কিশোৰীসকলৰ বিভিন্ন ৰোগ সংক্ৰান্তত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব যদিও সকলো বয়সৰ লোকৰ বাবে মুকলি থাকিব ৷
আনহাতে দ্বিতীয় পৰ্যায়ত ১০ অক্টোবৰত (সাম্ভাব্য) অভয়াপুৰী বিধানসভা সমষ্টিৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত আৰু তৃতীয় পৰ্যায়ত ১৬ অক্টোবৰত সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত লেংটিছিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে শিবিৰৰ স্থানসমূহ বিধায়ক-বিধায়িকাৰ সন্মতি সাপেক্ষে নিৰ্ধাৰণ কৰা হৈছে বুলিও স্বাস্থ্য সঞ্চালক গৰাকীয়ে কয় ৷ ইতিমধ্যে জিলা আয়ুক্তৰ নিৰ্দেশমতে এই মেগা স্বাস্থ্য মেলাখন সফল কৰি তোলাৰ বাবে নোডেল শিক্ষক, অংগনৱাড়ী কেন্দ্ৰেৰ মুখ্য সেৱিকা, আশাকৰ্মী আদিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও জনায়।
লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগক স্বাস্থ্য মেলাৰ স্থানত বিশুদ্ধ খোৱাপানী, এপিডিচিএলক বিদ্যুৎ যোগান, মহিলা আৰু শিশু উন্নয়ন আৰু শিক্ষা বিভাগক ৰোগী চিনাক্তকৰণ তথা তালিকা প্ৰস্তুতকৰণৰ নিৰ্দেশনা দিয়া হৈছে বুলি উল্লেখ কৰে ৷
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডেকাই সংবাদ মেলত আৰু কয় যে এই মেগা স্বাস্থ্য শিবিৰত কোনো ৰুগীয়া শিশু যাতে বাদ পৰি নাযায় তাৰ বাবে সকলোকে নিজৰ নিজৰ ভূমিকা আৰু দায়িত্ব সক্ৰিয় আৰু নিষ্ঠাসহকাৰে পালন কৰিবলৈ জিলা আয়ুক্তৰ তৰফৰ পৰা নিৰ্দেশনা দিছে ৷
সংবাদ মেলত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু জনোৱা মতে ‘সেৱা হি সমৰ্পণ -সেৱা সপ্তাহ’ উপলক্ষে ১৭ ছেপ্টেম্বৰত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।
আনহাতে অহা ২২ ছেপ্টেম্বৰত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ ১০০ জনকৈ মুঠ ৩০০ জন যক্ষ্মাৰোগীক নিক্ষয় মিত্ৰৰ দ্বাৰা পুষ্টিকৰ আহাৰৰ টোপোলা বিতৰণ কৰা হ’ব।
সংবাদ মেলত স্বাস্থ্য বিভাগৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ গোপাল ৰায়, বঙাইগাঁও খণ্ড স্বাস্থ্য বিষয়া ডাঃ অনুপম শৰণীয়া, বঙাইগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযনাৰ মিডিয়া বিশেষজ্ঞ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া সংগীতা দাস উপস্থিত থাকি মেগা স্বাস্থ্য মেলা, ৰক্তদান শিবিৰ তথা যক্ষ্মাৰোগীক নিক্ষয় মিত্ৰৰ দ্বাৰা পুষ্টিকৰ আহাৰৰ টোপোলা বিতৰণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে ৷ সংবাদ মেলত জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া বিনুৰাণী ৰাজবংশীও উপস্থিত আছিল ৷