অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

শিৱসাগৰত বক্সিং ক্ৰীড়াত নতুন সংযোজনেৰে এমেছাৰ বক্সিং ক্লাব গঠন

Spread the love


DD TIMES নাজিৰা, ১৫ ছেপ্টেম্বৰঃ শিৱসাগৰত বক্সিং ক্ৰীড়াত নতুন সংযোজনেৰে এমেছাৰ বক্সিং ক্লাব গঠন কৰা হয়। জিলাখনত ক্ৰমাৎ প্ৰস্ফুটিত নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব পৰাকৈ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ।

বিশেষকৈ শিৱসাগৰ জিলাত বক্সিং ক্ৰীড়া প্ৰতিভাক উন্মেষিত কৰিব পৰাকৈ নৱগঠিত এমেছাৰ বক্সিং ক্লাবে বহুখিনি অভাৱ পূৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

শিৱসাগৰ নগৰৰ সমীপৰ পোনজান পথত আৰম্ভ হোৱা শিৱসাগৰ বক্সিং ক্লাবে খেলুৱৈসকলৰ মাজত আশাৰ বতৰা কঢ়িয়াইছে।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰমণ শৰ্মাৰ বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়।

নতুনকৈ আৰম্ভ কৰা ক্লাবটোৰ দ্বাৰ মুকলি কৰে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি শৰ্মাই।

২০ জনৰো অধিক খেলুৱৈৰে আৰম্ভ কৰা ক্লাবটোৰ উদ্বোধনী অনুষ্ঠানটোত অসম এমেছাৰ বক্সিং সন্থাৰ নিৰীক্ষক হিচাপে ইনামূল হুছেইন আৰু বিনয় থাপা উপস্থিত থাকে।

পাঁচ বছৰৰ বিৰতিৰ পাছত শিৱসাগৰত প্ৰাণ পাই উঠা বক্সিং ক্লাবৰ সভাপতি হিচাপে ৰমণ শৰ্মা, সম্পাদক হিচাপে ড° বলোৰাম দাস, প্রশিক্ষক হিচাপে ঋষি দত্তক মনোনীত কৰা হয়।

আন আন বিষয়বাবত চন্দ্ৰাদিত্য গগৈ, মনোনীত কৰাৰ লগতে প্ৰচাৰ বিভাগৰ সভাপতি আৰু সম্পাদক হিচাপে ক্ৰমে অনন্ত স্মিথ আৰু মুস্তাফিজ আহমেদক দায়িত্ব অৰ্পন কৰা হয়।

সম্পাদক ড° বলোৰাম দাসে আঁত ধৰা ক্লাবৰ শুভ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে। ক্লাবৰ বক্সিং প্ৰশিক্ষক ইনামূল হুছেইনে খেলুৱৈ সকলক উদ্দেশ্যি এক সাৰুৱা ভাষণ প্ৰদান কৰে মুন্না আগৰৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!