অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতে-মাতে মুখৰ পাণ্ডু বন্দৰ

Spread the love

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক অনুষ্ঠানৰ বৰ্ণাঢ্য আয়োজন

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গ তথা বহু শিল্পী, গণ্য-মান্য ব্যক্তিৰ উপস্থিতিৰে মুখৰিত সাংস্কৃতিক সন্ধিয়া

“লুইত, গংগা বৈ থকালৈ ভূপেনদাৰ সৃষ্টি প্ৰতিধ্বনিত হৈ থাকিব মানৱ সমাজৰ হৃদয়ে হৃদয়ে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শিল্পীসকল হৈছে ঈশ্বৰৰ বাণী কঢ়িওৱা দূতঃ সৰ্বানন্দ সোণোৱাল

DD TIMES গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত “বিস্তীৰ্ণ পাৰৰে: শদিয়াৰপৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা” শীৰ্ষক এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ হৈ আছে।

শদিয়াৰ পৰা ধুবুৰীলৈ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ স্মৃতিত চলিত “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক এই জাহাজ যাত্ৰা আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ পাছত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰা হয়।

গুৱাহাটীত বিশাল আয়োজনেৰে উদযাপন কৰা হ’ল বিশেষ সাংস্কৃতিক কাৰ্যসূচী। সন্ধিয়া লুইতৰ পাৰৰ মনোৰম পৰিৱেশত বিশেষ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। শাস্ত্ৰীয় নৃত‍্য, ভূপেন্দ্ৰ সংগীত, ভায়’লিন বাদনেৰে মুখৰিত হৈ পৰে লুইতৰ পাৰ। অনুষ্ঠানৰ সামৰণি পৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণেৰে।

অনুষ্ঠানৰ প্ৰাৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু পৰিয়ালবৰ্গ, ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু পৰিয়ালবৰ্গ, ভাই বোৱাৰী মনীষা হাজৰিকা, অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী, বহু স্বনামধন্য শিল্পী, গণ্য-মান্য ব্যক্তিসকলে উজান বজাৰৰ ঘাটৰ পৰা পাণ্ডু বন্দৰলৈ “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক জাহাজখনেৰে ধাৱমান হয়।

অনুষ্ঠানত সমবেত সংগীত পৰিৱেশন কৰা হয়। নৱ দাসে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে, প্ৰদীপ ডেকাই বাঁহীৰে, দীপক বৰুৱাই ভায়’লিনেৰে, মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে নৃত্যৰে, বিপুল ইংতি কাথাৰে কণ্ঠেৰে, কাৰ্বি, তিৱা আৰু বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী আদি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয়। তদুপৰি ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে ১০০ গছি বন্তি প্ৰজ্বলন কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱ ভাৰতী আইৰ এক সুযোগ্য সন্তান, যাৰ হৃদয়স্পৰ্শী কণ্ঠ আৰু অমূল্য সৃষ্টিসম্ভাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চলৈ লৈ গৈছিল।

সুধাকণ্ঠৰ সমন্বয়ৰ সাংগীতিক পৰিক্ৰমা দেশবাসীৰ বুকুত প্ৰতিধ্বনিত হৈ ৰ’ব চিৰকাল। ভূপেনদাৰ মোহনীয় ব্যক্তিত্ব, সুৰীয়া কণ্ঠত তিৰবিৰাই উঠিছিল দেশপ্ৰেমৰ অম্লান চেতনা, ভাৰতীয়ই বিশ্ব জয় কৰাৰ সপোন গাথা। ভাৰতৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ কালজয়ী সৃষ্টিৰাজিৰ যোগেদি প্ৰতিধ্বনিত হৈ আহিছে একতা, মানৱতা আৰু ভাতৃত্ববোধৰ বাৰ্তা।

অসমৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ লহৰেৰে বিশ্ব মঞ্চত চিনাকি কৰাই দিয়া ভূপেনদা প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। সংগীত সূৰ্যৰ জন্ম শতবৰ্ষ উদযাপনৰ এই গৌৰৱময় ক্ষণত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। গংগা-ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ পাৰৰ অগণন জনতাৰ বলিষ্ঠ কণ্ঠ ভূপেনদাৰ অমৰ সৃষ্টিৰাজি, জীৱন দৰ্শন আৰু সুৰৰ মূৰ্চ্ছনা দেশবাসীৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ভূপেনদাই বহু অমৰ সৃষ্টি কৰি থৈ গৈছে। বিস্তীৰ্ণ পাৰৰে শীৰ্ষক শদিয়াৰ পৰা ধুবুৰীলৈ এই জাহাজ যাত্ৰাই সমন্বয়ৰ জয়গানেৰে ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিক উদযাপন কৰিছে আৰু নতুন প্ৰজন্মৰ মাজত ভূপেনদাৰ চৰ্চা, প্ৰসাৰ ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “ইমান প্ৰতিকূল বতৰকো নেওচি আপোনালোকে এই অনুষ্ঠান সফল কৰাৰ বাবে আপোনালোকক অন্তৰেৰে সেৱা জনাইছোঁ। শিল্পীসকলৰ প্ৰতি মোৰ শৈশৱৰ পৰাই অশেষ শ্ৰদ্ধা, ভক্তি আছে। আজি ইয়াত উপস্থিত হোৱা সমূহ শিল্পীক দেখি ম‌ই অভিভূত হৈছোঁ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ বিষয়ে যিমানে ক’ম আচলতে সিমানেই কম। ভূপেনদা, যাক “Bard of Brahmaputra” বুলিও অভিহিত কৰা হয়, তেখেতৰ সৃষ্টিৰ মাজত মানৱীয় প্ৰমূল্যবোধ, সমন্বয় আৰু সমাজ জীৱনৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়বস্তু বিৰাজমান। ভাৰতৰ জনজীৱন নদীসমূহৰ সৈতে গভীৰভাৱে জড়িত। ভূপেনদাৰ অপূৰ্ব সৃষ্টিৰাজিৰ যোগেদি প্ৰতিধ্বনিত হৈছিল নদীৰ সৈতে মানুহৰ একাত্মতা আৰু জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ জয়গান। ভূপেনদাই ব্ৰহ্মপুত্ৰ নদীক সমাজ জীৱনৰ অবিৰাম প্ৰবাহ আৰু ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বিভিন্ন সম্প্ৰদায়ৰ মাজৰ ঐক্যৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল। তেখেতৰ সংগীতে আঞ্চলিক সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিছিল। তেখেতৰ সংগীত পৰিক্ৰমাত প্ৰতিফলিত হৈছিল সামাজিক ন্যায়, শান্তি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সহাৱস্থানৰ বাৰ্তা। তেখেতে গীতৰ জৰিয়তে নদীসমূহক কেৱল ভৌগোলিক সত্তা হিচাপে নহয়, বৰঞ্চ মানৱীয়তা, সভ্যতা-সংস্কৃতিৰ জাগৰণ, অভিজ্ঞতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে চিন্তা কৰিবলৈ উৎসাহিত কৰিছিল, য’ত জনগণৰ সামূহিক সংগ্ৰাম আৰু আশা-আকাংক্ষা প্ৰতিফলিত হয়। ব্ৰহ্মপুত্ৰ আমাৰ সাহস আৰু শক্তি। ভূপেনদাৰ গীতে এই মহান নদীখনক এক বিশেষ পৰিচয় প্ৰদান কৰিলে। আমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহক বিজ্ঞানসন্মতভাৱে সুচল কৰি ইউৰোপৰ আৰ্হিত ৰাইজৰ বাবে মুকলি কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে এই কাম আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰত চৰকাৰে আমাৰ অন্তৰ্দেশীয় জলপথসমূহ পুনৰুজ্জীৱিত কৰি বহুমুখী পৰিবহণ পথ নিৰ্মাণত গুৰুত্ব দিছে। এইক্ষেত্ৰত অসম এখন গুৰুত্বপূৰ্ণ ৰাজ্য, কিয়নো আমাৰ মন্ত্ৰণালয়ৰ নোডেল সংস্থা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আমাৰ নদীসমূহৰ মূল্য উন্মুক্ত কৰাৰ বাবে একাধিক প্ৰকল্পত কাম কৰি আছে। ব্ৰহ্মপুত্ৰৰ পৰা বৰাক, ধনশিৰীৰ পৰা এতিয়া কপিলীলৈ, এয়া সমগ্ৰ অঞ্চলৰ বিকাশৰ শক্তি জগাই তোলাৰ আৰম্ভণি। জলপথৰ পুনৰুজ্জীৱিতকৰণে মোদী ডাঙৰীয়াৰ সমৃদ্ধ আৰু আত্মনিৰ্ভৰ উত্তৰ-পূৰ্বাঞ্চলৰ সপোনক এক নতুন গতি দিছে। ভূপেনদাই গীতৰ মাজেৰে নদীক কেন্দ্ৰ কৰি জনজীৱনৰ আৰ্থ-সামাজিক উত্তৰণ, পুনৰুজ্জীৱিতকৰণ আৰু সমন্বয়ৰ যি প্ৰতিচ্ছবি অংকিত কৰিছিল, সেয়া সাৰোগত কৰি আমি কাম কৰি আছোঁ।”

অনুষ্ঠানত নৃত্যাচাৰ্য যতীন গোস্বামী, ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ন-পুৰণি বহু শিল্পীয়ে অংশগ্ৰহণ কৰি ভূপেনদালৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে। তদুপৰি অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী বিজেপিৰ সভাপতি তপন দাস আদি বিভিন্ন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!